অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এন্নে বনি

এন্নে বনি (১৭২০ চনৰ ২৮ নৱেম্বৰৰ পিছত নিৰুদ্দেশ হয়) এগৰাকী জলদস্যু আছিল যিয়েজন "কেলিকো জেক" ৰেকহামৰ অধীনত সেৱা আগবঢ়াইছিল। ইতিহাসত লিপিবদ্ধ হোৱা কেইজনমান মহিলা জলদস্যুৰ ভিতৰত তেওঁ “জলদস্যুৰ সোণালী যুগ’’ৰ লগতে সাধাৰণতে জলদস্যুৰ ইতিহাসতো অন্যতম স্বীকৃতিপ্ৰাপ্ত জলদস্যু হিচাপে পৰিগণিত হৈছে।

হালনাগাদ: ২৫ জুলাই ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

এন্নে বনি১ (১৭২০ চনৰ ২৮ নৱেম্বৰৰ পিছত নিৰুদ্দেশ হয়)২ এগৰাকী জলদস্যু আছিল যিয়েজন "কেলিকো জেক" ৰেকহামৰ অধীনত সেৱা আগবঢ়াইছিল। ইতিহাসত লিপিবদ্ধ হোৱা কেইজনমান মহিলা জলদস্যুৰ ভিতৰত৩ তেওঁ “জলদস্যুৰ সোণালী যুগ’’ৰ লগতে সাধাৰণতে জলদস্যুৰ ইতিহাসতো অন্যতম স্বীকৃতিপ্ৰাপ্ত জলদস্যু হিচাপে পৰিগণিত হৈছে।

বনিৰ পটভূমিৰ বহুখিনি অজ্ঞাত। বনিৰ প্ৰথম জীৱনীখন কেপ্তেইন চাৰ্লছ জনছনৰ ১৭২৪ চনৰ কিতাপ এ জেনেৰেল হিষ্ট্ৰী অৱ দ্য পাইৰেটছৰ পৰা আহিছে যদিও জনছনে তেওঁৰ বিষয়ে উপস্থাপন কৰা তথ্যক সন্দেহজনক বুলি গণ্য কৰা হয়। জনছনৰ মতে, বনিৰ জন্ম হৈছিল আয়াৰলেণ্ডত এজন অধিবক্তা আৰু তেওঁৰ চাকৰৰ অবৈধ কন্যা হিচাপে। পিছলৈ বনি আৰু তেওঁৰ দেউতাক কেৰ’লিনালৈ গুচি যাব আৰু তাৰ পৰাই তেওঁ জেমছ বনি নামৰ নাৱিক এজনক বিয়া কৰায়। যদিও জনছনৰ সংস্কৰণৰ পৰিঘটনা সাধাৰণতে গ্ৰহণযোগ্য হৈ পৰিছে, তথাপিও ইয়াৰ সমৰ্থনত প্ৰমাণ কম।

অজ্ঞাত তাৰিখত বনি বাহামালৈ যাত্ৰা কৰে আৰু তাৰ পৰাই জলদস্যুঁজন ৰেকহামৰ সৈতে চিনাকি হয়। ১৭২০ চনৰ আগষ্ট মাহত বনিয়ে ৰেকহামৰ দলত যোগদান কৰিব আৰু আন এগৰাকী মহিলা জলদস্যু মেৰী ৰিডৰ সৈতে যোগদান কৰে আৰু ১৭২০ চনৰ আগষ্ট মাহত স্লুপ উইলিয়াম চুৰি কৰাত সহায় কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি দিয়া হয়, কিন্তু বনি আৰু ৰিডে দুয়োজনে গৰ্ভৱতী বুলি দাবী কৰাৰ বাবে তেওঁলোকৰ ফাঁচী স্থগিত ৰখা হয়। ১৭২১ চনৰ এপ্ৰিল মাহৰ মাজভাগৰ আশে-পাশে জেলত ৰিডৰ মৃত্যু হয় যদিও বনিৰ অন্তিম দশাৰ বিষয়ে জনা হোৱা নাই।

তথ্যসূত্ৰ

  1. ↑ Baldwin, Robert. The Tryals Of Captain John Rackham and Other Pirates. Internet Archives. 1721, p. 14
  2. ↑ Baldwin, Robert. The Tryals Of Captain John Rackham and Other Pirates. Internet Archives. 1721
  3. ↑ Appleby, John. (2015). Women and English Piracy 1540–1720: Partners and Victims of Crime.. Martlesham: The Boydell Press

সম্পৰ্কিত শ্ৰেণী

জলদস্যু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন্নে বনি” প্ৰবন্ধৰ সংশোধন ৫২৭২৭৮ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।