চিলিৰ ব্যক্তি
১০ প্ৰবন্ধ
-
পাবলো নেৰুদা
পাবলো নেৰুদা (Pablo Neruda;; জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাটৰ (Neftali Ricardo Reyes Basoalto) ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক (Czech) কবি জান নেৰুদাৰ (Jan Neruda) নামৰ অনুকৰণত এই নাম লৈছিল।
-
আনা কৰ্টেছ
আনা এমা ডেল ৰজাৰিয়া কৰ্টেছ জুলিয়ান, অধিকতৰ আনা কৰ্টেছ নামেৰে জনাজাত ( জন্ম: ২৪ আগষ্ট ১৮৯৫ – মৃত্যু: ৫ জানুৱাৰী ১৯৯৮), গ্ৰুপো মণ্টপাৰ্নাছৰ এগৰাকী চিলিৰ চিত্ৰশিল্পী আছিল। ১৯৭৪ চনত চিলিৰ কলাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি তেওঁ প্ৰথমগৰাকী চিত্ৰশিল্পী হিচাপে পৰিগণিত হয়।
-
কেটেলিনা বাউয়াৰ
১৯৭৬ চনৰ ১৫ ছেপ্টেম্বৰত বুয়েনছ আয়াৰ্ছত জন্মগ্ৰহণ কৰা কেটালিনা বাউয়াৰ নভোয়া চিলিৰ এগৰাকী ভিচুৱেল আৰ্টিষ্ট।
-
গ্ৰেচিয়েলা আৰানিছ
গ্ৰেচিয়েলা আৰানিছ ( Graciela Aranis; ৬ অক্টোবৰ, ১৯০৮ - ১২ ডিচেম্বৰ, ১৯৯৬) এগৰাকী চিলিৰ চিত্ৰশিল্পী আৰু কাৰ্টুনকাৰ আছিল, যি "জেনেৰেচন ডেল ২৮" আৰু গ্ৰুপো মণ্টপাৰ্নাছেৰ সৈতে জড়িত আছিল।
-
মাৰ্টা কলভিন
মাৰ্টা কলভিন এণ্ড্ৰেড (১৯০৭–১৯৯৫) চিলিৰ চিলানৰ এগৰাকী ভাস্কৰ্য্যশিল্পী আছিল।
-
লাইলা হাভিলিঅ’
লাইলা হাভিলিঅ’ ( Laila Havilio; জন্ম: ১৯৬০) চিলিৰ চেণ্টিয়াগোৰ এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁ কাঠ, শিল, ব্ৰঞ্জ, চিমেণ্ট, চিৰামিক আদিৰ ওপৰত কাম কৰা চিলিৰ এগৰাকী ভাস্কৰ্য্যশিল্পী। ১৯৬০ চনৰ এপ্ৰিল মাহত চিলিৰ ৰেকোলেটাত জন্মগ্ৰহণ কৰা লাইলাই ১০ বছৰ বয়সত বুয়েনছ আয়াৰ্ছ আৰ্জেণ্টিনালৈ গুচি যায়।
-
লিলি গাৰাফুলিচ
লিলি গাৰাফুলিচ ইয়াংকভিচ (১৪ মে', ১৯১৪ – ১৫ মাৰ্চ, ২০১২) আছিল চিলিৰ ভাস্কৰ্য্যশিল্পী, জেনেৰেচন অৱ ৪০ (জেনেৰেচন ডেল ৪০) শিল্পীৰ সদস্য আৰু সংগ্ৰহালয়ৰ পৰিচালক। ১৯৪৪ চনত নিউয়ৰ্ক চহৰত গুগেনহাইম ফেল’শ্বিপ লাভ কৰিছিল গাৰাফুলিচে।
-
ল’ৰা ৰ’ডিগ
ল’ৰা ৰ’ডিগ (জন্ম নাম, ল’ৰা ডেল ট্ৰান্সিটো পিজাৰো; ৭ ছেপ্টেম্বৰ, ১৮৯৬ - ৩০ অক্টোবৰ, ১৯৭২) চিলিৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী, চিত্ৰকৰ আৰু শিক্ষাবিদ আছিল। তেওঁ চিলিৰ মহিলাসকলৰ মুক্তি সমৰ্থক আন্দোলন (MEMCH)ৰ অন্যতম নেত্ৰী আছিল।
-
হেনৰিয়েট পেটিট
হেনৰিয়েট পেটিট (আনা এনৰিকেটা পেটিট মাৰ্ফানৰ ছদ্মনাম; ৩ মাৰ্চ, ১৮৯৪ - ৯ ডিচেম্বৰ, ১৯৮৩), এগৰাকী চিলিৰ চিত্ৰশিল্পী, গ্ৰুপো মণ্টপাৰ্নাছৰ সদস্য, যাৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল।
-
ৰ’জাৰ ব্ৰু
ৰ’জাৰ ব্ৰু লপ (১৫ ফেব্ৰুৱাৰী ১৯২৩ – ২৬ মে' ২০২১) নব্য-ৰূপক শিল্প আন্দোলনৰ সৈতে জড়িত স্পেইনত জন্মগ্ৰহণ কৰা চিলিৰ চিত্ৰশিল্পী আৰু খোদিতকাৰী আছিল।