অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰ’জাৰ ব্ৰু

ৰ’জাৰ ব্ৰু লপ (১৫ ফেব্ৰুৱাৰী ১৯২৩ – ২৬ মে' ২০২১) নব্য-ৰূপক শিল্প আন্দোলনৰ সৈতে জড়িত স্পেইনত জন্মগ্ৰহণ কৰা চিলিৰ চিত্ৰশিল্পী আৰু খোদিতকাৰী আছিল।

হালনাগাদ: ২৩ মাৰ্চ ২০২৫ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰ’জাৰ ব্ৰু লপ (১৫ ফেব্ৰুৱাৰী ১৯২৩ – ২৬ মে' ২০২১) নব্য-ৰূপক শিল্প আন্দোলনৰ সৈতে জড়িত স্পেইনত জন্মগ্ৰহণ কৰা চিলিৰ চিত্ৰশিল্পী আৰু খোদিতকাৰী আছিল।১২

জীৱনী

২০১৩ চনত স্পেনিচ পেইণ্টাৰ জাভেইৰ দি ভিলোটাৰ লগত
২০১৩ চনত স্পেনিচ পেইণ্টাৰ জাভেইৰ দি ভিলোটাৰ লগতছবি: Adevillota · CC BY-SA 3.0

১৯২৩ চনত বাৰ্চিলোনাত জন্মগ্ৰহণ কৰা ৰ’জাৰ ব্ৰুৰ পিছৰ বছৰত মিগেল প্ৰিমো ডি ৰিভেৰাৰ একনায়কত্ববাদৰ ফলত তেওঁৰ পৰিয়াল ফ্ৰান্সৰ পেৰিছলৈ নিৰ্বাসিত হয়। চাৰি বছৰৰ পাছত তেওঁলোকে নিজৰ গৃহ চহৰলৈ উভতি যায় আৰু ব্ৰুৱে মণ্টেছৰী স্কুলত আৰু পিছলৈ ১৯৩১ চনত ইনষ্টিটিউট-এস্কোলা দে লা জেনেৰেলিটাট ডি কাটালুনিয়াত অধ্যয়ন কৰে। স্পেইনৰ গৃহযুদ্ধৰ পিছত ১৯৩৯ চনত তেওঁ পুনৰ ফ্ৰান্সলৈ যায় আৰু তাৰ পৰাই এছ এছ ৱিনিপেগ জাহাজেৰে চিলিলৈ ৰাওনা হয়। সেই বছৰৰ ৩ ছেপ্টেম্বৰত তাই ভালপাৰাইছ’ত উপস্থিত হয়।

১৯৩৯ চনৰ পৰা ১৯৪২ চনলৈকে চিলি বিশ্ববিদ্যালয়ৰ স্কুল অৱ ফাইন আৰ্টছত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰে আৰু তাত পাবলো বাৰ্চাৰ্ড আৰু ইজৰাইল ৰ'য়াৰ ছাত্ৰী আছিল।১ ১৯৪৭ চনত তেওঁ প্লাষ্টিক ষ্টুডেণ্টছ গ্ৰুপত যোগদান কৰে, লগতে আন আন শিল্পী যেনে জোচে বালমেছ, গ্ৰেচিয়া বেৰিয়াছ, আৰু গুইলাৰমো নুনেজ।৩ ১৯৫৭ চনত তেওঁ নেমেছিঅ' এণ্টুনেজে পৰিচালনা কৰা টালাৰ ৯৯ত খোদিত অধ্যয়ন আৰম্ভ কৰে।৪

ব্ৰুৱে লেটিন আমেৰিকাৰ কেইবাখনো দেশত প্ৰদৰ্শন কৰিছিল, লগতে স্পেইনতো তেওঁৰ কিছুমান কৰ্ম নিউয়ৰ্কৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট,৫ ব্ৰুকলিন মিউজিয়াম, চেন্টিয়াগো মিউজিয়াম অৱ কন্টেম্পৰেৰী আৰ্ট, চিল' মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট, চিলিৰ নেচনেল মিউজিয়াম অৱ ফাইন আৰ্টছ, মিউজিঅ' ডি লা ছলিডাৰিডাড ছালভাদৰ এলেণ্ডে, নেচনেল হিষ্ট'ৰিক্যাল মিউজিয়াম, মেট্ৰ'পলিটান মিউজিয়াম অৱ আৰ্ট,৬ ৰিঅ' ডিৰ জেনেইৰ'ৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্টত আছে। আৰু বাৰ্লিনৰ ষ্টেটলিচে মুচিন আদি।১৭৮৯

২০২১ চনৰ ২৬ মে’ত চেণ্টিয়াগোত ৯৮ বছৰ বয়সত ৰ’জাৰ ব্ৰুৰ মৃত্যু হয়।.১০

তথ্যসূত্ৰ

  1. ↑ Roser Bru: Biografía. Chilean National Museum of Fine Arts
  2. ↑ Sullivan. (1996). Arte latinoamericano en el siglo XX. Editorial NEREA. পৃ. 312. ISBN 9788489569041
  3. ↑ Roser Bru Llop. University of Chile
  4. ↑ Monasterios Pérez. (1997). 'Con tanto tiempo encima': aportes de literatura latinoamericana en homenaje a Pedro Lastra. Plural editores. পৃ. 222. ISBN 9788489891074
  5. ↑ Roser Llop Bru · MoMA. The Museum of Modern Art
  6. ↑ Reports of the departments
  7. ↑ (25 May 2006). Hoy se inaugura en Barcelona la retrospectiva de la artista Roser Bru. El Mercurio
  8. ↑ Ogalde, Rodrigo. (18 January 2012). Obras de Matta, Roser Bru y Carmen Aldunate exhibirán en la Expo Arte de Santo Domingo. El Líder
  9. ↑ (31 July 2000). Retrospectiva de Roser Bru será presentada en México. El Mercurio
  10. ↑ (2021-05-26). Muere la pintora chileno-española Roser Bru a los 98 años de edad. Swissinfo

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীচিলিৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ’জাৰ ব্ৰু” প্ৰবন্ধৰ সংশোধন ৪৯৬১০৬ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।