অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুপমা নিৰঞ্জনা

অনুপমা নিৰঞ্জনা (Anupama Niranjana; ১৯৩৪–১৯৯১) ভাৰতৰ এগৰাকী চিকিৎসক আৰু আধুনিক কানাড়া কল্পকাহিনী আৰু অকল্পকাহিনীৰ লেখক। তেওঁ মহিলাৰ দৃষ্টিভংগীৰ পোষকতা কৰিছিল আৰু কানাড়া ভাষাত এনে লেখকৰ ভিতৰত অন্যতম আছিল, য’ত ত্ৰিবেনি আৰু এম কে ইন্দিৰাৰ দৰে আন লেখকো অন্তৰ্ভুক্ত।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অনুপমা নিৰঞ্জনা (Anupama Niranjana; ১৯৩৪–১৯৯১) ভাৰতৰ এগৰাকী চিকিৎসক আৰু আধুনিক কানাড়া কল্পকাহিনী আৰু অকল্পকাহিনীৰ লেখক।১

তেওঁ মহিলাৰ দৃষ্টিভংগীৰ পোষকতা কৰিছিল আৰু কানাড়া ভাষাত এনে লেখকৰ ভিতৰত অন্যতম আছিল, য’ত ত্ৰিবেনি আৰু এম কে ইন্দিৰাৰ দৰে আন লেখকো অন্তৰ্ভুক্ত। তেওঁৰ উপন্যাস ৰুণামুক্তালুক পুত্তন্না কনাগালেৰ আধাৰত বোলছবি নিৰ্মাণ কৰা হৈছিল।২

ভেংকটালক্ষ্মী হিচাপে‍ জন্মগ্ৰহণ কৰা অনুপমাই ধৰৱাদ আৰু বাংগালুৰুত চিকিৎসক হিচাপে কাম কৰিছিল। অনুপমাই জীৱনৰ প্ৰাৰম্ভিক অৱস্থাতে লিখাৰ কামত লাগিছিল আৰু সামাজিক বিষয় বিশেষকৈ নাৰী বিষয়ক লৈ কেইবাখনো উপন্যাস আৰু গল্প ৰচনা কৰিছিল।৩ আধুনিক কানাড়া সাহিত্যৰ প্ৰগতিশীল ধাৰাৰ ঔপন্যাসিক কানাড়া সাহিত্যিক নিৰঞ্জনাৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ কন্যা তেজস্বিনী আৰু সীমন্তিনী শিক্ষাবিদ।

কৰ্কট ৰোগত আক্ৰান্ত হৈ অনুপমাৰ মৃত্যু হৈছিল। কানাড়া ভাষাত লিখা-মেলা কৰা মহিলাসকলৰ বাবে তেওঁৰ নামত এটি‍ বঁটা প্ৰদান কৰা হয়।৪

প্ৰধান কামসমূহ

  • অনন্ত গীতা
  • শ্বেতাম্বৰী
  • স্নেহা পল্লৱী
  • ৰুনমুকতালু
  • কানমানী
  • ওডালু
  • নেনাপুঃ চিহি-কহি
  • কাল্লোলা
  • আলা।
  • মুক্তি চিত্ৰ
  • মাধৱী
  • ঘোছা
  • নাৰী
  • মূলমুখী (শেষ উপন্যাস)
  • কেনচাৰ জগত্তু
  • তাইয়ে মাগু
  • দিনাক্কন্দু কাঠে (শিশুৰ কাহিনীৰ সংকলন)

মুখ্য পুৰস্কাৰসমূহ

  • কৰ্ণাটক সাহিত্য অকাডেমি বঁটা
  • ছোভিয়েট দেশ নেহৰু বঁটা
  • কানাড়া ৰাজ্যোৎসৱ

তথ্যসূত্ৰ

  1. ↑ (1991). Women writing in India: 600 B.C. to the present. the Feminist press at the City University of New York. পৃ. 382-383. ISBN 1-55861-026-X
  2. ↑ Photo on Kamat's Potpourri
  3. ↑ One of her stories
  4. ↑ Anupama Award

সম্পৰ্কিত শ্ৰেণী

কন্নড় ব্যক্তিচিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপমা নিৰঞ্জনা” প্ৰবন্ধৰ সংশোধন ৪৮৭৬৬২ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।