আটচেডেৱেইন টেক্লে (Atsedeweine Tekle) ৰিজিঅ’ ইথিঅ'পিয়াৰ এগৰাকী অধিবক্তা আৰু আইনবিদ যি দেশখনৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল৷ তেওঁ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় দুয়োটাতে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫২ চনৰ ২৮ জুনত ইৰিত্ৰিয়াৰ আছমাৰা (তেতিয়াৰ ফেডাৰেচন অৱ ইথিঅ'পিয়া আৰু ইৰিত্ৰিয়া)ত জন্মগ্ৰহণ কৰা টেক্লে পৰিয়ালটোৰ সাতটা সন্তানৰ ছয়গৰাকী ছোৱালীৰ ভিতৰত এগৰাকী।১ পিতৃৰ উৎসাহৰ বাবে ছয়গৰাকী ছোৱালীয়েই বিশ্ববিদ্যালয় সম্পূৰ্ণ কৰে, যিটো সেই সময়ত অতি অস্বাভাৱিক আছিল।১ ১৯৭৮ চনত আদিছ আবাবা বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে আৰু ইথিঅপিয়াৰ প্ৰথম মহিলা আইন স্নাতকসকলৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়৷১
কৰ্মজীৱন
টেকলেক আদালত প্ৰশাসনৰ তত্বাৱধানত ন্যায় মন্ত্ৰালয়ত নিযুক্তি দিয়া হৈছিল। তিনি বছৰৰ পাছত তেওঁক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৷ তাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ৰ প্ৰিজাইডিং জাজ হিচাপে নিযুক্তি দিয়া হয়।১ তেওঁ দেশৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল।২ ব্যক্তিগতভাৱে আইন চৰ্চা কৰিবলৈ তেওঁ বিচাৰপীঠৰ পৰা পদত্যাগ কৰে।১
১৯৯২ চনৰ পৰা ১৯৯৪ চনলৈকে টেকলে ১৯৯৫ চনৰ ইথিঅ'পিয়াৰ সংবিধানৰ বাবে ১৯৯২-১৯৯৪ চনৰ সাংবিধানিক খচৰা প্ৰস্তুত আয়োগৰ তিনিগৰাকী মহিলা সদস্যৰ ভিতৰত অন্যতম আছিল আৰু মহিলাৰ অধিকাৰক সমৰ্থন কৰা শক্তিশালী ভাষা অন্তৰ্ভুক্ত কৰা আৰু লিংগ বৈষম্যক উলংঘা কৰাৰ বাবে দায়বদ্ধ আছিল।১
১৯৯৫ চনত তেওঁ মেয়াজা আচেনাফি আৰু মাৰিয়া ইউছুফৰ সৈতে ইথিঅ'পিয়ান মহিলা উকীল সংস্থাৰ সহযোগী প্ৰতিষ্ঠা কৰে।৩ তেওঁ অসুবিধাগ্ৰস্ত মহিলাসকলক প্ৰ' ব'নো প্ৰতিনিধিত্ব কৰে আৰু মহিলাৰ অধিকাৰ আৰু মানৱ অধিকাৰৰ ওপৰত প্ৰকাশন লিখি আৰু অনুবাদ কৰিছে।১
প্ৰকাশন
- Tekle, Atsedeweine. (1978). Comparative analysis of the principles of marriage laws of Ethiopia to that of the people's Republic of China. Addas Ababa University
ব্যক্তিগত জীৱন
আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ কিছু সময়ৰ পিছতে টেকলে বিয়া কৰাইছিল আৰু তেওঁৰ চাৰিটা সন্তান আছে।১
তথ্যসূত্ৰ
- ↑ Mohammed, Nassir. (15 August 2013). Atsedeweine Tekle Riggio. Ethio Scoop
- ↑ Ethiopian Women Lawyers Association. (2001). Activity Report. Ethiopian Women Lawyers Association
- ↑ (13 March 2016). Ethiopia: Meaza Ashenafi - Women's Rights Activist. The Ethiopian herald. All Africa
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আটচেডেৱেইন টেক্লে” প্ৰবন্ধৰ সংশোধন ৫৩৮৫৮২ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।