অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিলিনা বেৰহানু ডেগেফা

হিলিনা বেৰহানু ডেগেফা (Hilina Berhanu Degefa) (জন্ম-১৯৯২) এগৰাকী ইথিঅ'পিয়ান মহিলা অধিকাৰ কৰ্মী আৰু গৱেষক। আদিছ আবাবা আৰু মেকেলে বিশ্ববিদ্যালয়ত যুৱক-যুৱতীৰ নেতৃত্বত গঢ় লৈ উঠা নাৰীবাদী পোষকতা আৰু সৱলীকৰণ কাৰ্যসূচী দ্য ইয়েলো মুভমেণ্টৰ তেওঁ সহ-প্ৰতিষ্ঠাপক।

হালনাগাদ: ৮ মে’ ২০২৫ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হিলিনা বেৰহানু ডেগেফা (Hilina Berhanu Degefa) (জন্ম-১৯৯২)১ এগৰাকী ইথিঅ'পিয়ান মহিলা অধিকাৰ কৰ্মী আৰু গৱেষক।২ আদিছ আবাবা আৰু মেকেলে বিশ্ববিদ্যালয়ত যুৱক-যুৱতীৰ নেতৃত্বত গঢ় লৈ উঠা নাৰীবাদী পোষকতা আৰু সৱলীকৰণ কাৰ্যসূচী দ্য ইয়েলো মুভমেণ্টৰ তেওঁ সহ-প্ৰতিষ্ঠাপক। ডেগেফাই ২০১৫ চনত মেণ্ডেলা ৱাশ্বিংটন ফেল'শ্বিপ ফৰ ইয়ং আফ্ৰিকান লিডাৰ্ছ লাভ কৰিছিল, আৰু ২২ বছৰ বয়সত এই সন্মান লাভ কৰা আটাইতকৈ কম বয়সীয়া হিচাপে তেওঁ বিবেচিত হয়। হিলিনা ২০২০ চনৰ ক্লাছৰ উইমেন ডেলিভাৰ ইয়ং লিডাৰ্ছ ফেলো।৩

জীৱন

হিলিনাই আদিছ আবাবা বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৪ লণ্ডন বিশ্ববিদ্যালয়ৰ SOAS (স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ)ৰ পৰা আইন আৰু লিংগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, য'ত তেওঁ মো ইব্ৰাহিম ফাউণ্ডেশ্যনৰ পুঁজিৰে আফ্ৰিকাত গভৰ্নেন্স এণ্ড ডেভেলপমেণ্টৰ পণ্ডিত আছিল।৫৬

২০১১ চনত হিলিনা আইন বিভাগৰ অধ্যাপক ব্লেন ছাহিলু আৰু সহযোগী আইন ছাত্ৰী আক্লিলে ছলমনৰ সৈতে যুৱক-যুৱতীৰ নেতৃত্বত নাৰীবাদী আন্দোলন দ্য ইয়েলো মুভমেণ্টৰ সহ-প্ৰতিষ্ঠাপক আছিল।৪৭ হালধীয়া আন্দোলন অনুপ্ৰাণিত হৈছিল ইথিওপিয়াৰ এগৰাকী বিমান পৰিচাৰিকা আবেৰাছ হাইলাইৰ পৰা, যাৰ চকু সেই বছৰৰ আৰম্ভণিতে প্ৰাক্তন স্বামীয়ে উলিয়াই দিছিল।১

হিলিনাই ২০১৫ চনত যুৱ আফ্ৰিকান নেতাসকলৰ বাবে মেণ্ডেলা ৱাশ্বিংটন ফেল'শ্বিপ লাভ কৰে।৮ হিলিনাই আদিছ আবাবা বিশ্ববিদ্যালয়, আইন বিদ্যালয়তো অধ্যাপনা কৰিছিল আৰু পিছলৈ মেকেলে বিশ্ববিদ্যালয়ৰ লিংগ আৰু উন্নয়ন প্ৰতিষ্ঠানত প্ৰবক্তা আৰু গৱেষক হিচাপে যোগদান কৰিছিল।৯ ২০২২ চনৰ মাৰ্চ মাহত তেওঁ ইউৰোপিয়ান ইনষ্টিটিউট অৱ পিছৰ অধীনত লিংগ আৰু হিংসাত্মক উগ্ৰবাদৰ ওপৰত এখন গৱেষণা প্ৰতিবেদন প্ৰকাশ কৰে।১০ ২০২২ চনৰ এপ্ৰিল মাহত হিলিনা ইউএনএছচিৰ সন্মুখত উপস্থাপন কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান চিএছ ব্ৰিফাৰ হিচাপে পৰিগণিত হয়।১১

তথ্যসূত্ৰ

  1. ↑ Davison, William. (27 January 2015). Ethiopia's women vow to turn tide of violence, rape and murder. The Guardian
  2. ↑ (2019-11-14). Talking Back: Hilina Berhanu and Aklile Solomon. Review of African Political Economy
  3. ↑ (13 April 2022). What's in Blue: Ethiopia, Meeting under "Any Other Business". Security Council Report
  4. ↑ Hilina Berhanu Degefa. IREX
  5. ↑ Internships. Lex:lead, Lawyers for Economic Advancement and Development
  6. ↑ Dieng, Rama S. (10 May 2016). Interview with Aya Chebbi & Hilina Berhanu on Youth & Governance in Africa. YouTube
  7. ↑ The Yellow Movement: Challenging Gender Inequality. London International Development Centre
  8. ↑ Meet the 2015 Mandela Washington Fellows from Ethiopia. Tadias Magazine
  9. ↑ Devine, Catherine. (28 December 2017). The faces behind the Yellow Movement: How Ethiopia's young women are vowing to change culture of sexual harassment, rape and domestic violence. The Independent
  10. ↑ Gender and Extremism in Ethiopia. European Institute of Peace
  11. ↑ Kumar, Akshaya. ICYMI - This week, with support from @UKUN_NewYork, @FCDOGovUK and @tariqahmadbt, Hilina Berhanu an Ethiopian human rights defender and sexual violence investigator briefed the Security Council about #CRSV conflict related sexual violence in her country

সম্পৰ্কিত শ্ৰেণী

ইথিঅ’পিয়াৰ নাৰী অধিকাৰ কৰ্মীগৱেষকইথিঅ'পিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলিনা বেৰহানু ডেগেফা” প্ৰবন্ধৰ সংশোধন ৫০৬৭৩২ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।