ইজিপ্তৰ নাৰী অধিকাৰ কৰ্মী
১২ প্ৰবন্ধ
-
অমল ফাথী
অমল ফাথী (Amal Fathy; ১ ছেপ্টেম্বৰ, ১৯৮৪) ইজিপ্তৰ এগৰাকী গণতন্ত্ৰ কৰ্মী আৰু মানৱ অধিকাৰ ৰক্ষাকাৰী। ৬ এপ্ৰিলৰ যুৱ আন্দোলনৰ প্ৰাক্তন কৰ্মী আৰু ইজিপ্তৰ অধিকাৰ আৰু স্বাধীনতা আয়োগৰ সদস্য। ইজিপ্তত যৌন নিৰ্যাতনৰ বিষয়ে মাত মতাৰ বাবে ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা ইজিপ্তৰ কৰ্তৃপক্ষই তেওঁক গৃহবন্দী কৰি ৰাখিছে।
-
আজিজা শৌকৰী হুছেইন
আজিজা শৌকৰী হুছেইন, ইজিপ্তৰ এগৰাকী সমাজ কল্যাণ বিশেষজ্ঞ আৰু পৰিয়াল পৰিকল্পনাৰ আগশাৰীৰ সমৰ্থক আছিল। ইজিপ্তৰ নাৰীবাদী আন্দোলনত তেওঁ সক্ৰিয় আছিল। ১৯৬২ চনত তেওঁ ৰাষ্ট্ৰসংঘত ইজিপ্তক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় আৰু পোন্ধৰ বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগত কাৰ্যনিৰ্বাহ…
-
আলিয়া মাগদা এলমাহডী
আলিয়া মাগদা এলমাহডী (Aliaa Magda Elmahdy; জন্ম: ১৬ নৱেম্বৰ ১৯৯১) এগৰাকী ইজিপ্তৰ ইণ্টাৰনেট কৰ্মী আৰু নাৰীবাদী সমৰ্থক। তেওঁৰ ব্লগস্পট পেজত এখন নগ্ন ফটো প্ৰকাশ কৰাৰ বাবে পৰিচিত হৈছিল৷যাক তেওঁ ফেচবুকত "হিংসা, বৰ্ণবাদ, যৌনতাবাদ, যৌন নিৰ্যাতন আৰু ভণ্ডামিৰ সমাজৰ বিৰুদ্ধে আৰ্তনাদ" বুলি অভিহিত কৰিছিল।
-
ইউজেনি লে ব্ৰুন
ইউজেনি লে ব্ৰুন (Eugénie Le Brun)-ক মেডাম ৰুছদি নামেৰেও জনা যায় (মৃত্যু ১৬ অক্টোবৰ, ১৯০৮) ফ্ৰান্সত জন্মগ্ৰহণ কৰা ইজিপ্তৰ এগৰাকী নাৰীবাদী বুদ্ধিজীৱী, প্ৰভাৱশালী অভ্যৰ্থনা-সভাৰ আয়োজক আৰু হুদা শ্বাআৰাৱীৰ ঘনিষ্ঠ বন্ধু।
-
ইকবাল বাৰাকা
ইকবাল বাৰাকা (Iqbal Baraka; জন্ম: ১৯৪২) এগৰাকী ইজিপ্তৰ সাংবাদিক, মহিলা অধিকাৰ কৰ্মী, আৰু লেখিকা। দুটা দশকৰো অধিক সময় ধৰি মহিলা আলোচনী হাৱায়াৰ মুখ্য সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইজিপ্ত আৰু ইছলামিক সমাজত নাৰীৰ ভূমিকা আগুৱাই নিয়াৰ কামৰ বাবে বাৰাকা পৰিচিত।
-
গেহাদ হামদি
গেহাদ হামদি (Gehad Hamdy) হৈছে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে কাম কৰা ইজিপ্তৰ এগৰাকী দন্ত চিকিৎসক আৰু নাৰীবাদী কৰ্মী। ২০২২ চনত তেওঁ বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়। তেওঁ স্পিক আপ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে আৰু কানেক্টিং হিউমেনিটিৰ অন্যতম নেত্ৰী।
-
নাদীন আশ্ৰফ
নাদীন আশ্ৰফ (Nadeen Ashraf; জন্ম-১২ মাৰ্চ ১৯৮) এগৰাকী ইজিপ্তৰ নাৰীবাদী কৰ্মী। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইজিপ্তত #MeToo আন্দোলনৰ গুৰি ধৰিছিল। তেওঁ বিবিচিৰ ২০২০ বৰ্ষৰ ১০০ মহিলাৰ তালিকাৰ অংশ।
-
নুৰ ইমাম
নুৰ ইমাম (Nour Emam) ইজিপ্তৰ এগৰাকী প্ৰযুক্তি উদ্যোগী, ডুলা আৰু প্ৰজনন স্বাস্থ্য কৰ্মী।
-
মোজন হাছান
মোজন হাছান (Mozn Hassan; জন্ম: ১৯৭৯) এগৰাকী ইজিপ্তৰ মহিলা অধিকাৰ কৰ্মী। নাজৰা ফৰ ফেমিনিষ্ট ষ্টাডিজৰ প্ৰতিষ্ঠাপক হাছানে ২০১১ চনৰ ইজিপ্তৰ বিপ্লৱৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত যৌন নিৰ্যাতিত হোৱা লোকসকলৰ হকে কাম কৰিছিল।
-
সমীৰা ইব্ৰাহিম
সমীৰা ইব্ৰাহিম (Samira Ibrahim; জন্ম: প্ৰায় ১৯৮৭) এগৰাকী ইজিপ্তৰ কৰ্মী যি ইজিপ্তৰ বিপ্লৱৰ সময়ত বিশিষ্টতা লাভ কৰিছিল।
-
সোৰয়া বাহগত
সোৰয়া বাহগাত (Soraya Bahgat) ১৯৮৩ চনত জন্মগ্ৰহণ কৰা ফিনলেণ্ড-ইজিপ্তৰ এগৰাকী সামাজিক উদ্যোগী, লিংগ সমতা কৰ্মী আৰু মহিলা অধিকাৰৰ সমৰ্থক। তেওঁ মূলতঃ ইজিপ্তত সক্ৰিয়৷ তেওঁ শৈশৱৰ কিছু অংশ ফিনলেণ্ডত কটায়৷ ২০১২ চনত ইজিপ্তৰ ২০১১ চনৰ বিপ্লৱৰ পিছত তাহৰিৰ চ'কত মহিলাসকলক গোটৰ যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ…
-
ৰাৱয়া আতেয়া
ৰাৱয়া আতেয়া (Rawya Ateya; ১৯ এপ্ৰিল ১৯২৬ – ৯ মে' ১৯৯৭) এগৰাকী ইজিপ্তৰ মহিলা যি ১৯৫৭ চনত আৰব বিশ্বৰ প্ৰথম মহিলা সংসদ সদস্য হিচাপে পৰিগণিত হয়।