অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

সমীৰা ইব্ৰাহিম

সমীৰা ইব্ৰাহিম (Samira Ibrahim; জন্ম: প্ৰায় ১৯৮৭) এগৰাকী ইজিপ্তৰ কৰ্মী যি ইজিপ্তৰ বিপ্লৱৰ সময়ত বিশিষ্টতা লাভ কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সমীৰা ইব্ৰাহিম (Samira Ibrahim; জন্ম: প্ৰায় ১৯৮৭) এগৰাকী ইজিপ্তৰ কৰ্মী যি ইজিপ্তৰ বিপ্লৱৰ সময়ত বিশিষ্টতা লাভ কৰিছিল।

তাহৰিৰ ধৰ্ণা আৰু তাৰ পিছৰ পৰিণতি

২০১১ চনৰ ৯ মাৰ্চত কায়ৰোৰ তাহৰিৰ চ’কত ইব্ৰাহীমে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেনাই প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলক হিংসাত্মকভাৱে ছত্ৰভংগ দিছিল৷ সমীৰা আৰু অন্যান্য মহিলাসকলক প্ৰহাৰ কৰা হৈছিল, বিদ্যুৎস্পৃষ্ট কৰা হৈছিল, ষ্ট্ৰিপ চাৰ্চ কৰা হৈছিল আৰু সৈন্যই ভিডিঅ’ টেপ কৰিছিল। তেওঁলোকৰ কুমাৰীত্ব পৰীক্ষাও কৰা হৈছিল। জোৱানক ধৰ্ষণৰ দাবীৰ পৰা ৰক্ষা কৰিবলৈ এই পৰীক্ষা সম্পন্ন কৰা বুলি অভিযোগ উঠিছে। গোচৰটো অসামৰিক আদালতৰ সন্মুখত ৰখাত সফল হোৱাৰ পিছত ২০১১ চনৰ ডিচেম্বৰ মাহত “কুমাৰীত্ব পৰীক্ষা”ৰ প্ৰথা বন্ধ কৰাৰ বাবে আদালতৰ আদেশ জাৰি কৰা হয়। কিন্তু ২০১২ চনৰ মাৰ্চ মাহত সামৰিক আদালতে ইব্ৰাহিমৰ কুমাৰীত্ব পৰীক্ষাৰ সৈতে জড়িত অভিযোগৰ পৰা ডাঃ আদেল এল মগীক মুক্ত কৰে।১২৩ ইব্ৰাহিমে তেওঁৰ গোচৰটো আন্তঃৰাষ্ট্ৰীয় আদালতলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল।৪

২০১৩ৰ টুইটাৰ অভিযোগ

২০১৩ চনৰ মাৰ্চ মাহৰ আৰম্ভণিতে ইব্ৰাহিমে সমালোচনাৰ সন্মুখীন হৈছিল, কাৰণ চেমুৱেল টাড্ৰছে তেওঁৰ টুইটাৰ একাউণ্টত ইহুদী বিৰোধী আৰু আমেৰিকা বিৰোধী বক্তব্য পোষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই বক্তব্যসমূহৰ ভিতৰত এডলফ হিটলাৰৰ উদ্ধৃতি দি লিখা আছিল:

"I have discovered with the passage of days, that no act contrary to morality, no crime against society, takes place, except with the Jews having a hand in it. Hitler.”

বুলগেৰিয়াত ইজৰাইলীৰ এখন বাছত আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰতিক্ৰিয়াত তেওঁ লিখিছিল "আজিৰ দিনটো বহুত অতি মধুৰ খবৰৰ সৈতে এটা অতি মধুৰ দিন।"৫ ২০১২ চনত ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তিত তেওঁ টুইট কৰিছিল "Today is the anniversary of 9/11. May every year come with America burning"।৬৭৮

ইয়াৰ পিছত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ঘোষণা কৰে যে এই মন্তব্যসমূহৰ পোহৰত তেওঁক আন্তঃৰাষ্ট্ৰীয় সাহসী মহিলা বঁটা প্ৰদান নকৰে।৯১০

প্ৰথম অৱস্থাত ইব্ৰাহিমে দাবী কৰিছিল যে তেওঁৰ টুইটাৰ একাউণ্টটো "পূৰ্বতে চুৰি হৈছিল" আৰু "বৰ্ণবাদ আৰু ঘৃণাৰ ওপৰত যিকোনো টুইট মই কৰা নাই"।৫কিন্তু পিছত তেওঁ কয় যে "আমেৰিকা চৰকাৰৰ হেঁচাত মোৰ পূৰ্বৰ জায়নিষ্ট বিৰোধী বক্তব্যৰ সন্দৰ্ভত আমেৰিকাৰ জিয়নিষ্ট লবীৰ ওচৰত ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছোঁ৷ সেয়েহে তেওঁলোকে বঁটাটো প্ৰত্যাহাৰ কৰিলে।।"১১ পিছলৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে ইব্ৰাহিম তেতিয়াৰ পৰা আমেৰিকা এৰি ইজিপ্তলৈ উভতি গৈছিল।১২১৩

তথ্যসূত্ৰ

  1. ↑ What made her go there? Samira Ibrahim and Egypt's virginity test trial. Aljazeera.com
  2. ↑ Craggs, Ryan. (March 11, 2012). Ahmed Adel, Egyptian Military 'Virginity Test' Doctor, Acquitted. Huffingtonpost.com
  3. ↑ The World's 100 Most Influential People: 2012 - Samira Ibrahim by Charlize Theron, Time Magazine, Wednesday, April 18, 2012
  4. ↑ Abdel-Rahman Hussein in Cairo. (March 13, 2012). 'The future of Egyptian women is in danger' - Samira Ibrahim speaks out. Guardian
  5. ↑ Samuel Tadros. (March 6, 2013). Michelle Obama and John Kerry to Honor Anti-Semite and 9/11 Fan. Weekly Standard
  6. ↑ (March 7, 2013). Michelle Malkin Takes on State Department for Honoring Samira Ibrahim, Woman Who Praised 9/11. Fox News
  7. ↑ (March 8, 2013). Activist Samira Ibrahim denied International Women of Courage prize over anti-US tweets. Associated Press (reprinted in The Indian Express)
  8. ↑ The tweets that cost Samira Ibrahim her State Department award by Caitlin Dewey, Washington Post, March 8, 2013
  9. ↑ US postpones award to honor Egyptian woman activist in light of anti-US, anti-Semitic tweets. Washington Post. Associated Press
  10. ↑ (8 March 2012). US revokes award for Egyptian woman due to tweets. Ynetnews.com
  11. ↑ Samira Ibrahim 'Refuses to Apologize' for Her Tweets by Jeffrey Goldberg, The Atlantic, March 7, 2013
  12. ↑ (March 8, 2013). Samira Ibrahim acknowledges 'anti-Zionist' tweet. Jewish Telegraphic Agency (JTA)
  13. ↑ (7 March 2013). Samira Ibrahim. Snopes.com

সম্পৰ্কিত শ্ৰেণী

ইজিপ্তৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমীৰা ইব্ৰাহিম” প্ৰবন্ধৰ সংশোধন ৬৩৭৮১১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।