অসমীয়া সাহিত্য পুৰস্কাৰ
১০ প্ৰবন্ধ
-
অসম উপত্যকা সাহিত্য বঁটা
অসম উপত্যকা সাহিত্য বঁটা অসমীয়া সৃজনীমূলক সাহিত্যৰ অন্যতম সর্বোচ্চ আৰু প্ৰতিষ্ঠিত সন্মান। ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা এই বঁটা ১৯৯০ চনত আৰম্ভ হয় আৰু প্ৰথম বঁটা লাভ কৰে ভবেন্দ্ৰ নাথ শইকীয়াই।
-
অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলৰ তালিকাই আধুনিক অসমীয়া সাহিত্যৰ স্বীকৃতি-ইতিহাস আৰু তাৰ ধাৰা-বৈচিত্র্য বুজাত সহায় কৰে। ২০২১ চনলৈ এই বঁটা অসমীয়াত মুঠ ৬০ গৰাকী সাহিত্যিকে লাভ কৰিছে, আৰু প্ৰথম অসমীয়া বিজয়ী আছিল কবি যতীন্দ্ৰ নাথ দুৱৰা।
-
মুনীন বৰকটকী বঁটা
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা…
-
বিষ্ণু ৰাভা বঁটা
বিষ্ণু ৰাভা বঁটা (Bishnu Rabha award) অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰদ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য…
-
ছগনলাল জৈন বঁটা
ছগনলাল জৈন বঁটা (Saganlal Jain Award) হৈছে অসম সাহিত্য সভা (Asom Sahitya Sabha)ই প্ৰদান কৰা এটি সাহিত্য সন্মান। অসম সাহিত্য সভাই প্ৰতি ৫ বছৰৰ মূৰে মূৰে এই ছগনলাল জৈন বঁটা প্ৰদান কৰি আহিছে৷ বিগত ১০টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়৷ এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ,…
-
প্ৰবীণা শইকীয়া বঁটা
যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সন্থাৰ উদ্যোগত আৰু প্ৰবীণা শইকীয়াৰ স্বামী চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সহযোগত মহিলা সাহিত্যিকক এই বঁটা প্ৰদান কৰা হৈছিল৷ ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত নগদ ১০,০০০ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এটা ফলক আগবঢ়োৱা হয়৷
-
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কাব্য সংকলন "জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ"-ৰ বাবে।
-
অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা আৰু সন্মান
১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাৰ জন্ম হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। যোৰহাটত অৱস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।
-
আনন্দৰাম বৰুৱা বঁটা
ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷ আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা (ABILAC )ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ৷ বৰ্তমানলৈকে ১৬ গৰাকী…
-
লাচিত বঁটা
ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক লাচিত বঁটা প্ৰদান কৰা হয়৷ ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷ এই বঁটাত হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি থকা লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি আৰু লগতে পাঁচ হাজাৰ টকা প্ৰদান কৰা হয়৷