অসমীয়া সাহিত্য
৪৫ প্ৰবন্ধ
-
অমৃত মন্থন
অমৃত মন্থন শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি উপখ্যান৷ উপাখ্যানত দুৰ্বাসাৰ অভিশাপত শ্ৰীহীন ইন্দ্ৰকে আদি কৰি দেৱতাসকল দৈত্যৰাজ বলিৰ দ্বাৰা পৰাজিত হোৱা আৰু দৈত্যগণে অমৰত্ব পাবলৈ বিষ্ণুৰ পৰামৰ্শমতে ক্ষীৰ সমুদ্ৰ মন্থন কৰা, মন্দৰ পৰ্বত উভাৰি অনা আদিৰ সৰস বৰ্ণনাৰে সমৃদ্ধ।
-
অসমীয়া গীতি সাহিত্য
মৌখিক সাহিত্যৰ সময়ছোৱাৰপৰাই অসমীয়া গীতি সাহিত্যৰ ইতিহাস আৰম্ভ হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ আৰম্ভণিৰেপৰা ৮০০ শকাব্দলৈকে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগটোক 'গীতি যুগ' বুলি উল্লেখ কৰিছে।
-
অসমীয়া সাহিত্যৰ অলংকাৰ
অলংকাৰ হৈছে সাহিত্যৰ সৌন্দৰ্য্য বৃদ্ধি কৰা এক শৈল্পিক কৌশল। অসমীয়া সাহিত্যত বিভিন্ন প্ৰকাৰৰ অলংকাৰৰ ব্যৱহাৰ দেখা যায়। অলংকাৰ শব্দটো সংস্কৃত 'অলং' (অলঙ্কৃত কৰা) আৰু 'কাৰ' (কৰোঁতা) শব্দৰ পৰা উদ্ভৱ হৈছে। সাহিত্যত অলংকাৰৰ প্ৰয়োগে ৰচনাক অধিক আকৰ্ষণীয় আৰু ৰসময় কৰি তোলে।
-
অসমৰ পুথিচিত্ৰ: অজামিলোপাখ্যান
অসমৰ পুথিচিত্ৰ: অজামিলোপাখ্যান মহাপুৰুষ শঙ্কৰদেৱে পদবন্ধ কৰা ষষ্ঠস্কন্ধ ভাগৱতৰ অংশ। অজামিল-উপাখ্যান খনিয়ে মধ্যযুগীয় সত্ৰীয়া আৰু ৰাজপৃষ্ঠপোষকতাৰে সমৃদ্ধ গড়গঞা-উভয় চিত্ৰশৈলীৰ যোগেদি আত্মপ্ৰকাশ কৰা দেখা যায়। সত্ৰীয়া চিত্ৰশৈলীৰ প্ৰথমখনি পুথিচিত্ৰ দক্ষিণপাট সত্ৰৰ পুথিশালাত থকা বুলি জনা যায়।
-
আহোম যুগৰ ব্যৱহাৰিক সাহিত্য
আহোম যুগৰ কাব্য-সাহিত্যৰ ৰীতি শঙ্কৰদেৱৰ বৈষ্ণৱ সাহিত্যই নিয়ন্ত্ৰণ কৰিছিল। পোনপটীয়া পৃষ্ঠপোষকতা নাপালেও ৰজাঘৰীয়া দেৱোত্তৰ - ব্ৰহ্মোত্তৰ পাই গজগজীয়া হোৱা সত্ৰসমূহতহে অধিক ধৰ্মীয় সাহিত্যৰ সৃষ্টি হৈছিল। এই পুথিবোৰত আদ্যোপান্ত ধৰ্মীয় আদৰ্শ বিয়পি আছে।
-
একাংকিকা
একাংকিকা এবিধ ক্ষুদ্ৰ আয়তনী নাটক। ক্ষুদ্ৰ আয়তনী বুলি ক'লে ইয়াত একেটা অংকতে কাহিনীৰ আৰম্ভ, বিস্তাৰ আৰু পৰিণতি লাভ কৰিব লাগিব। একাংকিকা আধুনিক যুগৰ নাট্যশৈলী। পূৰ্ণাংগ নাটকত থাকিব লগীয়া আটাইবোৰ উপাদান ইয়াত পোৱা যায় যদিও একাংকিকা পূৰ্ণাংগ নাটকৰ ক্ষুদ্ৰ ৰূপ নহয়।
-
কবিতাৰ দেহবিচাৰ
কবিতাৰ দেহবিচাৰ (Kobitar Dehbichar) হৈছে বিশিষ্ট অসমীয়া সাহিত্যিক নৱকান্ত বৰুৱাৰ অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ বিষয়ক সমীক্ষাত্মক প্ৰবন্ধ পুথি।
-
কেলি গোপাল
কেলি গোপাল শংকৰদেৱ বিৰচিত এখনি অংকীয়া নাট৷ নাটখনি কীৰ্তন আৰু দশমত সন্নিৱিষ্ট ৰাসলীলাৰ কাহিনীৰেই ৰচিত হৈছে৷ শংকৰদেৱৰ অন্যান্য নাটৰ দৰে এই নাটখনি কাহিনীপ্ৰধান নহয়৷ ই গীত আৰু নৃত্য প্ৰধান নাট৷
-
গল্প চিৰিজ
অসমীয়া সংবাদপত্ৰ আলোচনী আদিৰ মাজত স্বাধীনতাপূৰ্বৰ সময়ত গল্প চিৰিজ নামে এখন অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল। ১৯৩০ চনত যোৰহাটৰ অন্নদা সাহিত্য মন্দিৰৰ পৰা প্ৰকাশ পোৱা আলোচনীখনৰ সম্পাদক আছিল, বিপিন চন্দ্ৰ বৰুৱা।
-
দৰঙ ৰাজবংশাৱলী
দৰঙ্গ ৰাজবংশাৱলী ( Darrang Rajvamsavali ) দৰঙ্গ ৰাজবংশাৱলীখন কোচ ৰজাসকলৰ দৰঙী শাখাৰ সমুদ্ৰনাৰায়ণৰ নিৰ্দেশত বলদেৱ সূয্যখড়িয়ে দৰঙ্গৰ ৰাজবংশাৱলী খন ৰছনা কৰে। সমুদ্ৰনাৰায়ণ মহাৰাজ নৰনাৰায়ণৰ ভ্ৰাতৃ শুক্লধ্বজ বা চিলাৰায়ৰ ডালৰ পৰা বঢ়া ৰজা।
-
পত্নীপ্ৰসাদ
পত্নীপ্ৰসাদ শংকৰদেৱ ৰচিত অধুনাপ্ৰাপ্ত প্ৰথম অংকীয়া নাট৷ কৰ্ম-মাৰ্গ আৰু ভক্তি-মাৰ্গকে মুখ্য স্থান দি এই নাটখনি ৰচনা কৰা হৈছে৷ যাগ-যজ্ঞৰ প্ৰতি পৰম আস্থাশীল আৰু ভক্তিপন্থা বিৰোধী ব্ৰাহ্মণসকলৰ লগত কৃষ্ণভক্তিপৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি এই নাটৰ কাহিনী আগবঢ়িছে৷
-
প্ৰহ্লাদ চৰিত্ৰ
প্ৰহ্লাদ চৰিত্ৰ হৈছে কয়াধু আৰু হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ জন্মৰ আগকথা, জন্ম, বাল্যকাল আৰু পিতৃৰ মৃত্যু হোৱালৈকে ভাগৱতত বৰ্ণিত আখ্যান।
-
বধকাব্য
বধকাব্য হৈছে এক প্ৰকাৰৰ কাব্য সাহিত্য। বধকাব্য সমূহৰ লক্ষ্য উদ্দেশ্য হৈছে অন্যায়, অশান্তি, আৰু আসুৰিক শক্তিৰ প্ৰতিনিধি, অপৰাজেয় দৈত্য-দানৱৰ মৃত্যু প্ৰদৰ্শন কৰা। এই বধকাব্য সমূহৰ লেখক বিভিন্নজন। ৰাম সৰস্বতী এই সকলৰ ভিতৰত অন্যতম।
-
মিতভাষ
মিতভাষ হ’ল ড° নগেন শইকীয়াই অসমীয়া সাহিত্যত প্ৰৱৰ্তন কৰা এক নতুন আৰু অনন্য সৃষ্টিশীল লিখনশৈলী। এয়া কবিতা বা গদ্যৰ কোনো প্ৰথাসিদ্ধ ধাৰাত নপৰে, বৰঞ্চ চুটি আৰু মিতব্যয়ী শব্দৰ ব্যৱহাৰৰ মাজেৰে মানৱ মনোজগত, অনুভৱ আৰু জীৱনৰ অৰ্থ প্ৰকাশ কৰা এক সংযত প্ৰকাশভংগী।
-
লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান
পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়। আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি; অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে তেওঁৰ দখল আছিল।