অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক
৬৫ প্ৰবন্ধ
-
চক্ৰধৰ ডেকা
চক্ৰধৰ ডেকা (৩ ছেপ্টেম্বৰ ১৯৬৩ – ৩০ ডিচেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, লেখক, উদ্যোগী আৰু অসমৰ এগৰাকী সমাজ কৰ্মী। তেওঁ আছিল ৰাজকুমাৰ ফিল্ম প্ৰডাকচন আৰু ৰাজশ্ৰী থিয়েটাৰৰ প্ৰতিষ্ঠাপক। তেওঁ ৰাজনীতিবিদ নাৰায়ণ ডেকাৰ জ্যেষ্ঠ ভাতৃ৷
-
জীৱন বৰা
জীৱন বৰা (Jiban Bora) এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ আৰু লেখক। ১৯৩১ চনৰ ১৪ নৱেম্বৰ তাৰিখে লখিমপুৰ জিলাত তেওঁৰ জন্ম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ওপজা মাটিৰ সোণ তেওঁ প্ৰযোজনা কৰিছিল। পলাশৰ ৰং তেওঁ পৰিচালনা কৰা একমাত্ৰ ছবি। তেওঁ বহুকেইখন নাটক আৰু অন্যান্য গ্ৰন্থ লিখিছে।
-
তিমথি দাস হান্সে
তিমথি দাস হান্সে (Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক আৰু গীতিকাৰ। তেখেতে মূলত: অসমীয়া আৰু কাৰ্বি ছবিজগতত কাম কৰিছিল৷ ১৯৮৫ চনত অসমীয়া ছবিজগতৰ লগত জড়িত হৈ পৰা তিমথি দাস হান্সে পৰৱৰ্তী সময়ত পাহাৰী কন্যা, ৰঙা মদাৰ আৰু ২০০৯ চনত অসম চৰকাৰৰ…
-
ৰীমা বৰা
ৰীমা বৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা। ২০১৫ চনত মুক্তিপ্ৰাপ্ত বকুল (চলচ্চিত্ৰ)ৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰীমা বৰা পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী স্নাতক।
-
চিন্ময় বাৰ্মা
চিন্ময় বাৰ্মা (Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।