অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১২ আগষ্ট

ঘটনাৱলী

  • ১৭৬৫বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলম - দ্বিতীয়ই বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
  • ১৮৩৩আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল।
  • ১৮৫১আমেৰিকাৰ উদ্ভাৱক আইজাক চিংগাৰে চিলাই মেছিনৰ পেটেণ্ট কৰিছিল।
  • ১৯০৮হেনৰী ফোৰ্ড মটৰ কোম্পানীয়ে প্ৰথমখন মডেল টি (Model-T) গাড়ীৰ নিৰ্মাণ কৰিছিল।
  • ১৯৩৫অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল ককা নীলমণি ফুকন।
  • ১৯৮১আই বি এমে (ইং: IBM) তেওঁলোকৰ প্ৰথমটো ব্যক্তিগত কম্পিউটাৰ মুকলি কৰে।

জন্ম

  • ১৫০৩ডেনমাৰ্ক আৰু নৰৱেৰ ৰজা খ্ৰীষ্টিয়ান - তৃতীয়ৰ জন্ম হৈছিল।
  • ১৯০৮অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।
  • ১৯১৪তেজী বচ্চন, সমাজকৰ্মী, মহানায়ক অমিতাভ বচ্চনৰ মাতৃ।
  • ১৯১৯ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
  • ১৯৭১পিট চাম্প্ৰাছ, আমেৰিকাৰ ১৪টা গ্লেণ্ড শ্লাম জিকা টেনিছ খেলুৱৈ।
  • ১৯৮৮টাইছন ফিউৰি, অপৰাজেয় দুবাৰ হেভিৱেইট বক্সিঙৰ (ডব্লিউ বি চি আৰু দা ৰিং) বিশ্ব বিজয়ী খেলুৱৈ।
  • ১৯৯০ইটালীৰ ফুটবল খেলুৱৈ মাৰিঅ' বেল'টেলী।

মৃত্যু

  • ১৬০২আকবৰনামাৰ আৰু আইন-ই-আকবৰীৰ লেখক, অনুবাদক, ইতিহাসবিদ, আকবৰৰ মন্ত্ৰী আৰু আকবৰৰ ৰাজসভাৰ নৱৰত্ন সকলৰ এজন, অবুল ফজলৰ মৃত্যু হৈছিল।
  • ১৮২৭ৱিলিয়াম ব্লেক, ইংৰাজ কবি আৰু চিত্ৰকৰ।
  • ১৮৪৮ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।
  • ১৯১৪জন ফিলিপ হ'লেণ্ড, ছাবমেৰিনৰ আৰ্হি প্ৰস্তুত কৰোঁতা।
  • ১৯৫৫প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা সাহিত্যৰ ন'বেল বঁটা বিজয়ী থমাছ মানৰ মৃত্যু হৈছিল।
  • ১৯৮২ভাৰতৰ বিশিষ্ট ইতিহাসবিদ, সংস্কৃত আৰু হিন্দী প্ৰবন্ধ লিখক ভগৱত চৰণ উপাধ্যায়ৰ মৃত্যু হৈছিল।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ