ইতিহাসৰ আজিৰ দিনত
৬ মে’
ঘটনাৱলী
- ১৫২৯বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
- ১৮৪০বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় যুক্তৰাজ্যত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
- ১৮৫৩আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।
জন্ম
- ১৭৯২মাৰ্টিন ওম, জাৰ্মান গণিতজ্ঞ।
- ১৮১১জেম্ছ ইয়ং ছিম্পছন, স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লেৰোফৰ্মৰ আৱিষ্কাৰক।
- ১৮৫৬ছিগমন্ড ফ্ৰয়েড, অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী।
- ১৮৬১মতিলাল নেহৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ।
- ১৯০৪হেৰী মাৰ্টিনছন, ছুইডেনৰ কবি, ঔপন্যাসিক। ১৯৭৪ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰিছিল।
- ১৯০৯এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী, উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ দিয়া আমেৰিকাৰ অভিযাত্ৰী (১৮৫৬ চন)।
- ১৯১১মৃদুলা সাৰাভাই, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
- ১৯২৬সোণেশ্বৰ বৰা, ভাৰতীয় স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী।
- ১৯৫৩টনী ব্লেয়াৰ, ব্ৰিট্ৰিছ প্ৰধান মন্ত্ৰী।
- ১৯৮৩গগন নাৰং, ভাৰতীয় শ্বুটাৰ।
- ১৯৮৬শ্বাহানা গোস্বামী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯৪৯মৰি মেটাৰলংক, বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৫২মাৰিয়া মণ্টেছৰী, ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ।
- ১৯৯২মাৰ্লিন ডিট্ৰিস, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
- ২০০২শান্তা গান্ধী, ভাৰতীয় নাট পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ