ইতিহাসৰ আজিৰ দিনত
১২ মে’
ঘটনাৱলী
- ১৯৬৫বাংলাদেশত হোৱা ঘূৰ্ণিবতাহত ১৭ হাজাৰ লোকৰ প্ৰাণহানি ঘটে।
জন্ম
- ১৮২০ফ্লোৰেন্স নাইটিংগেল, আধুনিক নাৰ্চিং সেৱাৰ অগ্ৰদূত, লেখিকা আৰু পৰিসংখ্যানবিদ। (মৃত্যু: ১৩ আগষ্ট,১৯১০)
- ১৮৮২ছবিলাল উপাধ্যায়, ভাৰতীয় ৰাজনীতিবিদ।
- ১৮৮৭শৰৎচন্দ্ৰ গোস্বামী (১৮৮৭-১৯৪৪) অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল।
- ১৯৫০দেৱকান্ত সন্দিকৈ, অসমীয়া সাহিত্যিক।
- ১৯৭৭মাৰিয়াম মিৰ্জাখানী, ইৰাণী গণিতজ্ঞ।
- ১৯৮০ঋষি চুনাক, ব্ৰিটিছ ৰাজনীতিবিদ।
মৃত্যু
- ১৯৮৫বি. বিজয়ালক্ষ্মী, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
- ১৯৯৯কলামণ্ডলাম কল্যাণীকুট্টি আম্মা, ভাৰতীয় নৃত্যশিল্পী।
- ২০১৫সুচিত্ৰা ভট্টাচাৰ্য, ভাৰতীয় ঔপন্যাসিক।
- ২০২১হোমেন বৰগোহাঞি, অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়। ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। (জন্ম: ৭ ডিচেম্বৰ, ১৯৩২)
- ২০২৪ড° পদ্মেশ্বৰ গগৈ, উদ্ভিদ বিজ্ঞানী, লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত। সুগন্ধি আৰু ঔষধি গছৰ ওপৰত গৱেষণা চলাইছিল তেওঁ ৷ ড° পদ্মেশ্বৰ গগৈয়ে নামবৰ অভয়াৰণ্য আৰু দেওপাহাৰ বনাঞ্চলৰ গছ-গছনিৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি আৱিস্কাৰ নোহোৱা বহু গছ-গছনিৰ নামকৰণ কৰি থৈ গৈছে ৷ নামবৰ বনাঞ্চলৰ ঢেঁকীয়াৰ ওপৰতো তেখেতৰ তত্বাৱধানতে গৱেষণা আৰম্ভ হৈছিল আৰু নামবৰ বনাঞ্চলৰ এবিধ নতুন প্ৰজাতিৰ ঢেঁকীয়াক উদ্ভিদবিদ ড° পদ্মেশ্বৰ গগৈৰ নামত 'Thelypteris gogoii' নামেৰে নামকৰণ কৰা হৈছে ৷ জন্ম ১৯৪৬ চনত গোলাঘাট জিলাৰ বগৰীজেং গাঁৱত।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ