অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱিকিতথ্য

ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।

হালনাগাদ: ১১ আগষ্ট ২০২৪ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।১২ ৱিকিতথ্যৰ কাম ৱিকিমিডিয়া কমন্সে সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জৰিয়তে।

ধাৰণা

This diagram shows the most important terms used in Wikidata
This diagram shows the most important terms used in Wikidataছবি: Charlie Kritschmar (WMDE) · CC0

. Values include links to other items and to ৱিকিমিডিয়া কমন্স.]]

ৱিকিতথ্য এক নথি দিকদৰ্শিত তথ্য ভিত্তি, যি বস্তু কেন্দ্ৰিক। প্ৰতিটো বস্তুৱে এক বিষয়ক প্ৰতিনিধিত্ব কৰে (যেনে ৱিকিপিডিয়া চলাবলৈ এক প্ৰশাসনিক পৃষ্ঠা) আৰু এক অনন্য সংখ্যাৰে পৰিচিত, Q অনুসৰ্গৰ সৈতে-- উদাহৰণ স্বৰূপে "Politics" (ৰাজনীতি) বিষয়ৰ বস্তুটো হ'ল Q7163। ই কোনো বস্তুৱে কি বিষয় বুজাইছে তাক জানিবলৈ কোনো এক ভাষাৰ পক্ষ নোলোৱাকৈ অনুবাদ কৰাত সহায় কৰে।

বিবৃতি সৃষ্টি কৰি জ্ঞান যোগান ধৰা হয়। বিবৃতিবোৰ key-value বা চাবি-মূল্যৰ ৰূপত থাকে। অৰ্থাৎ প্ৰতিটো বিবৃতিৰ এক বিশেষত্ব (চাবি) আৰু চাবিৰ সৈতে সংযুক্ত এক মূল্য থাকে।

বিকাশ

প্ৰকল্পটো এলেন ইন্সটিটিউট অৱ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, গৰ্ডন এণ্ড বিটি মুৰে ফাউণ্ডেচন আৰু গুগলৰ ১৩ লাখ ইউৰোৰ সঁহাৰিৰে আৰম্ভ কৰা হৈছিল।৩৪

প্ৰকল্পটো প্ৰাৰম্ভিক স্তৰত ৱিকিমিডিয়া ডেউৎস্লেণ্ডে চোৱা-চিতা কৰিছিল। কাম তিনিভাগত বিভক্ত হৈছিল--

  • ইণ্টাৰ্ৱিকি লিংক্স-- বা ৱিকিপিডিয়াৰ বিভিন্ন ভাষাৰ প্ৰবন্ধৰ সংযোগ কেন্দ্ৰীভূত কৰা
  • সকলো ৱিকিপিডিয়াৰ জ্ঞানবাকচ বা ইন্ফ'বক্সৰ তথ্য কেন্দ্ৰীভূত কৰা
  • তথ্যৰ ওপৰত আধাৰিত তালিকা ৱিকিতথ্যত সৃষ্টি আৰু উন্নীত কৰা

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wikidata
  2. ↑ www.wikimedia.de/wiki/Pressemitteilungen/PM_3_12 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} Revolution for Wikipedia date=March 30, 2012,Wikimedia Deutschland,September 11, 2012 archiveurl= archivedate=September 11, 2012
  3. ↑ Dickinson, Boonsri. (March 30, 2012). Paul Allen Invests In A Massive Project To Make Wikipedia Better. Business Insider
  4. ↑ Perez, Sarah. (March 30, 2012). Wikipedia’s Next Big Thing: Wikidata, A Machine-Readable, User-Editable Database Funded By Google, Paul Allen And Others. TechCrunch

সম্পৰ্কিত শ্ৰেণী

ৱিকিমিডিয়া প্ৰকল্পসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিতথ্য” প্ৰবন্ধৰ সংশোধন ৪২৮৫৯৬ (১১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।