ৱিকিট্ৰেভেল এটা ৱেব ভিত্তিক প্ৰকল্প, যাৰ উদ্দেশ্য “বিনামূল্যে আধুনিক, পূৰ্ণাঙ্গ আৰু নিৰ্ভৰযোগ্য বিশ্বব্যাপী ভ্ৰমণ সহায়িকা সৃষ্টি কৰা। ”১ ২০০৩ চনৰ জুলাই মাহত ইভান প্ৰোড্ৰোমো আৰু মিছেল এন জেনকিন্সে এই প্ৰকল্পটোৰ উদ্যোগ গ্ৰহণ কৰে। এটা ৱিকি মডেলৰ অনুৰূপে আৰু এটা ক্ৰিয়েটিভ কমন্স লাইচেন্সৰ আওতাত তৈয়াৰ কৰা হৈছে।২ ২০০৬ চনত কেলিফোৰ্নিয়া ভিত্তিক ইণ্টাৰনেট ব্ৰেণ্ড কোম্পানি ৱিকিট্ৰেভেলৰ ট্ৰেদমাৰ্ক আৰু চাৰ্ভাৰ কিনি লয় আৰু এই ৱেবছাইটত ইয়াৰ বিজ্ঞাপন দিয়া আৰম্ভ কৰে।৩ ৱেবছাইটটো ২০০৭ চনত সেৱা ভ্ৰমণ বিষয়ক ৱেবছাইটত হিচাপে "ৱেবি এৱাৰ্ড" লাভ কৰে।৪ সেই বছৰত ৱিকিট্ৰেভেলৰ প্ৰতিষ্ঠাপকসকলে ৱিকি ট্ৰেভেল প্ৰেছ আৰম্ভ কৰে, ইয়াত ৱেবছাইটৰ বিষয়বস্তু মুদ্ৰিত আকাৰত প্ৰকাশ কৰে। প্ৰথম মুদ্ৰিত সহায়িকা প্ৰকাশিত হয় ২০০৮ চনৰ ১ ফেব্ৰুৱাৰীত।৫
বাহ্যিক সংযোগ
- ৱিকিট্ৰেভেল (ইংৰাজী সংস্কৰণ)
তথ্যসূত্ৰ
- ↑ BBC. The DIY travel guide
- ↑ New York Times. Online Diary
- ↑ New York Times. Everyone's an Editor as Wiki Fever Spreads to Shopping Sites
- ↑ FOX News. On the Net: Web Sites to Travel By
- ↑ Boing Boing. Wikitravel to publish up-to-the-month print editions of its guides
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিট্ৰেভেল” প্ৰবন্ধৰ সংশোধন ৪০৩২০৮ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।