ৰ'টনৰ মুক্ত ঠেংযুক্ত বাদুলি: Wroughton's free-tailed bat (Otomops wroughtoni) হৈছে পূৰ্বতে এই প্ৰজাতিটো কেৱল ভাৰতৰ পশ্চিমঘাট অঞ্চলতে সীমাবদ্ধ বুলি ধৰা হৈছিল। কিন্তু শেহতীয়াকৈ ইয়াক উত্তৰ-পূব ভাৰত আৰু কম্বোডিয়াৰ এটা দুৰ্গম অঞ্চলতো আৱিষ্কাৰ কৰা হৈছে।১ ইয়াক তথ্যৰ অভাৱী প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হয় কাৰণ ইহঁতৰ বাসস্থান, পৰিৱেশ বিজ্ঞান বা খাদ্য বিচাৰি পোৱাৰ পৰিসৰৰ বিষয়ে বহুত কমেইহে জনা যায়।
বিস্তৃতি
ভাৰতত এই প্ৰজাতিটো দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দুটা স্থান আৰু উত্তৰ-পূব ভাৰতৰ মেঘালয়ত পোৱা যায়। কৰ্ণাটকত ইয়াক বেলগাঁও জিলাৰ কৃষ্ণপুৰ আৰু তালেৱাডিৰ মাজত অৱস্থিত বাৰাপেডে গুহাত পোৱা যায়। এই গুহাটো গোৱাৰ সীমান্তৰ ওচৰত থকা ভীমগড় বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষত অৱস্থিত। বহু বছৰ ধৰি বাৰাপেডে গুহাই এই প্ৰজাতিটোৰ একমাত্ৰ জনাজাত বাসস্থান হিচাপে পৰিগণিত হৈ আহিছিল।২ ২০১২ চনৰ পৰা ২০১৫ চনলৈ বাৰাপেডে গুহাত এই প্ৰজাতিৰ গড়ে প্ৰায় ৮২টা বাদুলী পোৱা গৈছিল। ৩ ২০০০ চনত এই প্ৰজাতিটোৰ কম্বোডিয়াতো উপস্থিতিৰ তথ্য পোৱা গৈছিল। মেঘালয়ত ২০০১ চনত প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটো আৱিষ্কাৰ কৰা হয়। ইয়াক শ্বেলা কনফেডাৰেচিৰ অন্তৰ্গত নংৰাই গাঁৱৰ ওচৰৰ চিজু গুহাত পোৱা গৈছিল। এই স্থানটো পূৰ্বতে জনাজাত দুটা স্থানৰ প্ৰায় মাজভাগত অৱস্থিত।২
২০০১ চনত মেঘালয়ৰ পৰা সংগ্ৰহ কৰা এটা বাদুলিৰ খাদ্য সন্ধানৰ তথ্য পোৱা গৈছে।২ তাৰ পিছৰ পৰা উত্তৰ-পূব ভাৰতৰ মেঘালয়ৰ সেই স্থানত এই প্ৰজাতিটো দেখা পোৱা বা সংগ্ৰহ কৰাৰ কোনো তথ্য পোৱা হোৱা নাই। সেয়েহে জে.আৰ.বি. আলফ্ৰেডে ২০০৬ চনত কয় যে মেঘালয়ৰ পৰা এই প্ৰজাতিৰ বিতৰণৰ ৰেকৰ্ড নিশ্চিত আৰু প্ৰমাণীকৰণৰ প্ৰয়োজন।৪ আনহাতে, টোপাল আৰু ৰামকৃষ্ণ (১৯৮০), বেটছ (১৯৯২), মিষ্ট্ৰী আৰু পৰব (২০০১), আৰু ৰামক্ৰিনা আৰু প্ৰধানে (২০০৩) বিভিন্ন সময়ত এই প্ৰজাতিটোৰ কলনী দেখা পোৱা বা নমুনা সংগ্ৰহ কৰাৰ তথ্য প্ৰকাশ কৰিছিল।৫ উত্তৰ-পূব ভাৰতৰ মেঘালয়ত এই প্ৰজাতিটোৰ বিস্তৃতিৰ বিষয়ে অধিক নিশ্চিতকৰণ আৰু প্ৰমাণীকৰণ নোহোৱালৈকে, ভাৰতত অট’মপছ ৰ’টনিৰ বিস্তৃতি কৰ্ণাটক ৰাজ্যৰ এটা নিশ্চিত স্থানৰ তথ্যতে সীমাবদ্ধ বুলি ধৰা উচিত।৬ ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত মেনুৱেল ৰুইডি আৰু তেওঁৰ সহকৰ্মীসকলে মেঘালয়ত এই প্ৰজাতিটোৰ তিনিটা নতুন আশ্ৰয়স্থান আৱিষ্কাৰ কৰে। তেওঁলোকে জনোৱা মতে, এই নতুন আশ্ৰয়স্থানকেইটাত প্ৰায় ১০০টা বাদুলী আছিল। ইয়াৰ ফলত এই প্ৰজাতিৰ পূৰ্বতে জনাজাত মুঠ জনসংখ্যাৰ আকাৰ প্ৰায় দুগুণ হয়।
বাসস্থান
মল’চিডে পৰিয়ালৰ বাদুলীবোৰ সাধাৰণতে গুহা, ফোঁপোলা গছ আৰু মানুহে নিৰ্মাণ কৰা বিভিন্ন আশ্ৰয় স্থলত আশ্ৰয় লয়। ৰাইটনৰ ফ্ৰী-টেইল্ড বাদুলীৰ জনসংখ্যা বনাঞ্চলৰ ওচৰত অৱস্থিত বৃহৎ প্ৰাকৃতিক গুহাত পোৱা গৈছে।
বিৱৰণ
ৰাইটনৰ ফ্ৰী-টেইল্ড বাদুলীৰ আগবাহুৰ দৈৰ্ঘ্য ৬৩–৬৭ মিলিমিটাৰ। মতা বাদুলীৰ ওজন প্ৰায় ৩৬ গ্ৰাম আৰু মাইকী বাদুলীৰ ওজন প্ৰায় ২৭ গ্ৰাম। এই প্ৰজাতিৰ বাদুলীৰ ডাঙৰ ডাঙৰ কাণ আগফাললৈ মুখ কৰা আৰু কপালৰ ওপৰেৰে থকা এটা পাতল পৰ্দাৰ দ্বাৰা দুয়োটা কাণ পৰস্পৰৰ সৈতে সংযুক্ত হৈ থাকে। মুখমণ্ডলত নোম নাথাকে আৰু নাকৰ ফুটাৰ তলৰ অংশ ডাঙৰ আৰু স্পষ্ট। দেহৰ নোম চুটি আৰু মিহি, মখমলৰ দৰে। মূৰৰ ওপৰভাগ, পিঠি আৰু কঁকালৰ ওপৰৰ অংশৰ ৰং গাঢ় চহকী বাদামী। দেহৰ দুয়োকাষে কাষলতিৰ পৰা কঁকাললৈকে এটা পাতল বগা সীমা থাকে। আগবাহুৰ পৰ্দাতো বগা সীমা দেখা যায়। কান্ধ আৰু ডিঙিৰ পিছফাল পাতল ধূসৰ-বগা ৰঙৰ। দেহৰ তলফাল ম্লান বাদামী ৰঙৰ, কিন্তু ডিঙিত এটা স্পষ্ট ধূসৰ বলয় থাকে, যিটো থুতৰি আৰু বুকুৰ ওপৰৰ অংশলৈকে বিস্তৃত। মতা আৰু মাইকী দুয়োটাৰে ডিঙিত এটা সৰু কণ্ঠথলী থাকে। নেজটো সৰু আৰু ঠেক নেজ-পৰ্দাৰ মুক্ত প্ৰান্তৰ বহু দূৰলৈ ওলাই থাকে। এই বৈশিষ্ট্যটোৰ বাবেই মল’চিডে পৰিয়ালৰ বাদুলীবোৰক সাধাৰণতে “ফ্ৰী-টেইল্ড বাদুলী” বা "মুক্ত ঠেংযুক্ত বাদুলি" বুলি কোৱা হয়।
পৰিৱেশতন্ত্ৰ
এই প্ৰজাতিটোৰ পৰিৱেশতন্ত্ৰৰ বিষয়ে অতি কম তথ্যহে জনা যায়। ইহঁত গোটেই বছৰ সক্ৰিয় হৈ থাকে বুলি ধাৰণা কৰা হয়। ইহঁতৰ খাদ্যৰ বিষয়ে নিশ্চিত তথ্য নাই যদিও আন মল’চিডে পৰিয়ালৰ বাদুলীৰ দৰে ইহঁতে সম্ভৱতঃ পোক-পতংগ খায়। এই বাদুলীবোৰ নিশাচৰ। দিনৰ ভাগত ইহঁতে গুহাত মূৰ তললৈ কৰি ওলমি থাকে। ভাৰতত ইহঁত সাধাৰণতে ৫–৭টা বাদুলীৰ সৰু সৰু গোটত থাকে। গুহাৰ ছাদৰ ঠেক ফাঁক আৰু গভীৰ ফোঁপোলা অংশত ইহঁতে আশ্ৰয় লয়। মাইকী বাদুলীয়ে বছৰত এবাৰ পোৱালি জন্ম দিয়ে বুলি ধাৰণা কৰা হয় আৰু প্ৰতিবাৰতে সাধাৰণতে এটা পোৱালি জন্ম দিয়ে। ডিচেম্বৰ মাহত ভাৰতত সংগ্ৰহ কৰা এই প্ৰজাতিৰ কিছুমান নমুনাৰ সৈতে নৱজাত পোৱালি পোৱা গৈছিল, আনহাতে আন কিছুমান মাইকী বাদুলী তেতিয়া পোৱালি জন্ম দিয়াৰ আসন্ন সময় একেবাৰে ওচৰ চাপিছিল।
ভাবুকি
দুটা নতুন আশ্ৰয়স্থান আৱিষ্কাৰ হোৱাৰ আগলৈকে এই প্ৰজাতিটোক বিশ্বৰ অতি সংকটাপন্ন ১৫টা বাদুলী প্ৰজাতিৰ ভিতৰত এটা বুলি গণ্য কৰা হৈছিল। নতুন কলনীসমূহ আৱিষ্কাৰ হোৱাৰ পিছত গৱেষকসকলে আশা কৰিছে যে বৰ্তমান জনাজাত বিস্তৃতিৰ তুলনাত এই প্ৰজাতিটোৰ বিস্তৃতি হয়তো বহুগুণে অধিক হ’ব পাৰে। অৱশ্যে, এই প্ৰজাতিটো বাসস্থান ধ্বংস আৰু আশ্ৰয়স্থলত হোৱা ব্যাঘাতৰ প্ৰতি অত্যন্ত সংবেদনশীল। পশ্চিমঘাটৰ জনসংখ্যা খনন, কাঠ আহৰণ আৰু জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ অগ্ৰাসনৰ ফলত ক্ষতিগ্ৰস্ত হৈ থাকিব পাৰে। চূণশিল খননকাৰী আৰু কাঠ ব্যৱসায়ৰ ঠিকাদাৰসকলৰ কাৰ্যকলাপৰ ফলত ইহঁতৰ বাসস্থান ভাবুকিৰ সন্মুখীন হৈছে। কৰ্ণাটক চৰকাৰে প্ৰস্তাৱ কৰা এটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে ওচৰৰ মহাদেই নদীত বান্ধ নিৰ্মাণ কৰা হ’লে বাৰাপেডে গুহা পানীত ডুব যোৱাৰ সম্ভাৱনাও আছে।
সংৰক্ষণৰ প্ৰচেষ্টা
এই প্ৰজাতিটোক ভাৰতৰ বন্যপ্ৰাণী (সংৰক্ষণ) আইনৰ অনুসূচী-Iত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত প্ৰজাতিটোৱে আইনৰ অধীনত সৰ্বোচ্চ পৰ্যায়ৰ সুৰক্ষা লাভ কৰে। কম্বোডিয়াৰ বন্যপ্ৰাণী আইনতো এই প্ৰজাতিটোক সৰ্বোচ্চ পৰ্যায়ৰ সুৰক্ষা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। অৱশ্যে, এনে আইনী সুৰক্ষাই বাসস্থানত হোৱা ব্যাঘাত আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত সৃষ্টি হোৱা পৰোক্ষ ভাবুকিৰ পৰা এই প্ৰজাতিটোক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব নোৱাৰে।
এই প্ৰজাতিটো থকা বুলি জনাজাত সকলো স্থানতে বাদুলীৰ নিয়মীয়া নিৰীক্ষণ কৰাটো অগ্ৰাধিকাৰৰ ভিত্তিত কৰা উচিত। ইয়াৰ পিছত বাসস্থানৰ উপযুক্ত ব্যৱস্থাপনা আৰু জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰাটো প্ৰয়োজনীয়। পশ্চিমঘাটৰ ভীমগড় বনাঞ্চল, য’ৰ পৰা এই প্ৰজাতিৰ মূল জনসংখ্যাৰ বিষয়ে তথ্য পোৱা গৈছিল, সেই অঞ্চলটোক আঠ বছৰতকৈও অধিক পূৰ্বে ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। কিন্তু স্থানীয় সংগঠনসমূহে বাৰে বাৰে চেষ্টা কৰাৰ পিছতো অঞ্চলটো এতিয়াও সংৰক্ষণৰ আওতালৈ অহা নাই।৭
তথ্যসূত্ৰ
- ↑ Walston, J.; Bates, PJJ. (2001). The discovery of Wroughton's free-tailed bat Otomops wroughtoni (Chiroptera: Molossidae) in Cambodia. Acta Chiropterologica. পৃ. 249–252
- ↑ Thabah, A.; Bates, PJJ. (2002). Recent record of Otomops wroughtoni (Thomas, 1913) (Chiroptera: Molossidae) from Meghalaya, North-east India. Acta Zoologica Academiae Scientiarum Hungaricae. পৃ. 251–253
- ↑ Prabhukhanolkar, R. (2016). Otomops wroughtoni
- ↑ Alfred, J. R. B.; Ramakrishna and Pradhan, M. S. (2006). Validation of Threatened Mammals of India pp: 103–106. Zool. Surv. India, Kolkata
- ↑ Ramakrishna, Pradhan, M. S. and Sanjay Thakur (2003). Status Survey of Endangered Species; Wroughton's Free-tailed Bat, Otomops wroughtoni pp. 1–16. Zool. Surv. India, Kolkata
- ↑ Manuel Ruedi, D. Khlur B. Mukhim, Oana Mirela Chachula, Thomas Arbenz and Adora Thabah. (26 December 2014). Discovery of new colonies of the rare Wroughton's Free-tailed Bat Otomops wroughtoni (Mammalia: Chiroptera: Molossidae) in Meghalaya, northeastern India. Journal of Threatened Taxa. পৃ. 6677–6682
- ↑ www.edgeofexistence.org › species_info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'টনৰ মুক্ত ঠেংযুক্ত বাদুলি” প্ৰবন্ধৰ সংশোধন ৬২৬৩৩০ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।