ৰোমপাদ, যাক চিত্ৰৰথ আৰু লোমপাদ বুলিও কোৱা হয়, অংগৰ ৰজা আছিল আৰু হিন্দু মহাকাব্য ৰামায়ণৰ চৰিত্ৰ শান্তাৰ দত্তক পিতৃ।১২
কিংবদন্তি
প্ৰাথমিক জীৱন
ৰোমপাদ আছিল যাদৱ ৰজা বিদৰ্ভৰ কনিষ্ঠ পুত্ৰ। বিদৰ্ভৰ বহু পুত্ৰ আছিল যদিও তেওঁৰ বন্ধু অংগৰ ৰজা ধৰ্মৰথৰ উত্তৰাধিকাৰী নাছিল। সেয়ে, ধৰ্মৰথে ৰোমপাদক পুত্ৰৰূপে গ্ৰহণ কৰিলে। ধৰ্মৰথৰ বয়স হৈ অহাত ৰোমপাদক অংগৰ শাসনকৰ্তা পাতিলে।
ঋষ্যশৃংগৰ সৈতে সাক্ষাৎ
সন্যাস লৈ ধৰ্মৰথ অৰণ্যলৈ যোৱাৰ পাছত ৰোমপাদ অংগৰ ৰজা হয়। তেওঁ কৌশল্যা(ৰামৰ মাতৃ)ৰ জ্যেষ্ঠ ভগ্নী বৰ্ষিনীক বিয়া কৰাইছিল। কৌশল্যাৰ স্বামী - অযোধ্যাৰ ৰজা দশৰথ আছিল ৰোমপাদৰ শৈশৱৰ বন্ধু। ৰোমপাদ আৰু বৰ্ষিনীৰ কোনো সন্তান নাছিল; দশৰথে তেওঁলোকৰ প্ৰথম সন্তানক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। দশৰথ আৰু কৌশল্যাৰ ঘৰত এগৰাকী কন্যা শান্তাৰ জন্ম হয়। তাৰ পিছত শান্তাক সন্তানহীন ৰোমপাদই দত্তক লয়।৩
এবাৰ শুৱতীৰ্থ নামৰ ব্ৰাহ্মণ এজনে সহায় বিচাৰি ৰোমপাদৰ ওচৰলৈ আহিছিল, কিন্তু ৰজাই তেওঁক সন্ধিয়া তেওঁক সন্ধিয়া আহিবলৈ কৈছিল। সন্ধিয়া যেতিয়া তেওঁ আহিছিল, তেতিয়া ৰজাই শান্তাৰ লগত কথা পতাত ব্যস্ত আছিল, আৰু শুৱতীৰ্থক আওকাণ কৰিছিল। ব্ৰাহ্মণ হতাশ হৈ উভতি আহিল। বৰষুণৰ দেৱতা আৰু স্বৰ্গৰ ৰজা ইন্দ্ৰ ৰজাৰ আচৰণত ক্ৰোধিত হৈ পৰিল। সেয়ে বৰ্ষাকালত অংগত বৰষুণ কম হৈছিল।৩
অংগ ৰাজ্যত তীব্ৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হয় আৰু প্ৰখ্যাত সন্তসকলৰ সৈতে আলোচনা কৰি ৰজাই উপলব্ধি কৰে যে, বিভাণ্ডকৰ পুত্ৰ ঋষ্যশৃংগই যদি নিজৰ দেশ ভ্ৰমণ কৰি নিজৰ ধ্যান আৰু তপস্যাৰ শক্তিৰে আশীৰ্বাদ দিয়ে, তেতিয়াহে চলি থকা পৰিস্থিতিৰপৰা উদ্ধাৰ পোৱা যাব।৪
ৰজাই ঋষিক নিজৰ দেশলৈ অনাৰ বাবে বিভিন্ন উপায় চিন্তা কৰিলে, হঠাতে তেওঁৰ মনত এই ধাৰণা আহিল যে, পৃথিৱী আৰু পাৰ্থিৱ সুখৰ পৰা আঁতৰি থকা ঋষিজনক কেৱল নাৰীৰ মনোমোহা সৌন্দৰ্য্যইহে প্ৰলোভিত কৰিব পাৰে। সেয়ে, তেওঁ তেওঁক প্ৰলোভিত কৰাৰ উদ্দেশ্যে আকৰ্ষণীয় সাজ-পোছাক পৰিধান কৰাই আৰু উত্তেজক সুৰভিৰে সজাই এজনী নৃত্যপটিয়সীক পঠিয়াইছিল। বৈশালী নামৰ এগৰাকী নাৰীগৰাকীয়ে তেওঁক অংগলৈ অনাত সফল হয় আৰু তাত তেওঁক উষ্ণ আদৰণি জনোৱা হয়।৪

ৰজাই আগতে ৰামৰ মাতৃ কৌশল্যাৰ জ্যেষ্ঠ কন্যা শান্তাক বন্ধু দশৰথৰ পৰা দত্তক লৈছিল। দ্ৰষ্টাজনে যজ্ঞ কৰাৰ পিছত তাত উপস্থিত থকা সকলো পৰিচিত বিষয়া, মন্ত্ৰী আৰু অধীনস্থ শাসকৰ কন্যাৰ মাজৰ পৰা তেওঁৰ বাবে এগৰাকী কইনা বাছি ল’বলৈ সুযোগ দিয়া হ’ল। ডেকা ঋষিয়ে ৰোমপাদৰ দত্তক কন্যা শান্তাক বাছি লৈছিল।৩ সেয়েহে তেওঁৰ সৈতে তেওঁৰ বিবাহ হয় আৰু ঋষিজনক অংগ ৰাজ্যত ৰাজকুমাৰৰ পদ দিয়া হয়।৪
মহাভাৰতত ধৃতৰাষ্ট্ৰ ৰজাৰ প্ৰধান ৰথী আৰু কৰ্ণৰ দত্তক পিতৃ অধিৰথক ৰোমপাদৰ বংশধৰ বুলি কোৱা হৈছে।৫
তথ্যসূত্ৰ
- ↑ Rao, Desiraju Hanumanta. Bala Kanda in Prose, Sarga 11. Valmiki Ramayana. Valmiki Ramayan.net
- ↑ www.wisdomlib.org. (2012-06-29). Romapada, Romapāda: 6 definitions. www.wisdomlib.org
- ↑ Kanuga, G.B. (1993). The Immortal Love of Rama. Yuganter Press. পৃ. 48–52. ISBN 9781897829509
- ↑ Agarwal, Meena. (2016). Tales From The Ramayan. Diamond Pocket Books Pvt Ltd. ISBN 978-9352613045
- ↑ Chib, Sukhdev Singh. (1980). Bihar. পৃ. 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোমপাদ” প্ৰবন্ধৰ সংশোধন ৬১৪৮৮২ (২৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।