অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰে'ম

ৰে'ম (ইংৰাজী: Re'em বা reëm) হৈছে এবিধ কিংবদন্তিমূলক জীৱ। হিব্ৰু বাইবেলত এই প্ৰাণীটোৰ বিষয়ে ন বাৰ উল্লেখ কৰা হৈছে। লেটিন ভালগেট বাইবেল, বাইবেলৰ কিং জেমছ সংস্কৰণত ইয়াক “ইউনিকৰ্ণ আৰু কিছুমান খ্ৰীষ্টান বাইবেলত “অৰিক্স”, “বনৰীয়া ষাঁড়”, “ম'হ” বা “গঁড়” বুলি অনুবাদ কৰা হৈছে।

হালনাগাদ: ২৮ মাৰ্চ ২০২৪ ৪৩৫ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
অৰিক্স
অৰিক্সছবি: MathKnight · CC BY-SA 3.0

ৰে'ম (ইংৰাজী: Re'em বা reëm) হৈছে এবিধ কিংবদন্তিমূলক জীৱ। হিব্ৰু বাইবেলত এই প্ৰাণীটোৰ বিষয়ে ন বাৰ উল্লেখ কৰা হৈছে। লেটিন ভালগেট বাইবেল, বাইবেলৰ কিং জেমছ সংস্কৰণত ইয়াক “ইউনিকৰ্ণ আৰু কিছুমান খ্ৰীষ্টান বাইবেলত “অৰিক্স”, “বনৰীয়া ষাঁড়”, “ম'হ” বা “গঁড়” বুলি অনুবাদ কৰা হৈছে। ৰাব্বি নাটান স্লিফকিন১ (Rabbi Natan Slifkin) আৰু তেওঁতকৈও পূৰ্ৱে আইজাক আছিমভ২ (Isaac Asimov)ৰ মতে ৰে'ম এটা ‘ঔৰক্স’ (গৰুৰ এটা আদিম প্ৰজাতি) আছিল।

অনুবাদ

চেপ্টুয়াজিণ্ট আৰু জেৰমিৰ ভলগেট বাইবেলক অনুসৰণ কৰা বাইবেলৰ কিং জেমছ সংস্কৰণত ৰে'মক “ইউনিকৰ্ণ” বুলি অনুবাদ কৰিছিল।

বাইবেলৰ ইংৰাজী অনুবাদ আমেৰিকান আৰু নতুন আমেৰিকান বাইবেলত ৰে'মক “বন্য ষাঁড়” বা “বন্য ম'হ” বুলি অনুবাদ কৰিছে।৩৪

ইউনিকৰ্ণ

ইউনিকৰ্ণ হৈছে এবিধ কিংবদন্তিমূলক জীৱ। প্ৰাচীন কালৰ পৰাই পোৱা বৰ্ণনা মতে ই হৈছে কপালৰ মাজ অংশত এটা ডাঙৰ, জোঙা, আৰু সৰ্পিল আকৃতিৰ শিং ওলাই থকা এবিধ জন্তু। ইউৰোপীয় সাহিত্য আৰু সংস্কৃতিত যোৱা হাজাৰ বছৰজুৰি ইউনিকৰ্ণক এবিধ বগা ঘোঁৰা বা ছাগলীৰ দৰে প্ৰাণী হিচাপে চিত্ৰিত কৰা হৈছে, ইয়াৰ এটা দীঘল, পোন, ঘূৰণীয়া খাঁজ থকা শিং, বিভাজিত খুৰা আৰু কেতিয়াবা ছাগলীৰ দৰে দাড়িও থাকে। মধ্যযুগ আৰু নৱজাগৰণৰ সময়ত ইয়াক সাধাৰণতে অতি বিৰল বন্য জীৱ হিচাপে বৰ্ণনা কৰা হৈছিল আৰু বিশুদ্ধতা আৰু কৃপাৰ প্ৰতীক বুলি গন্য কৰা হৈছিল, যাক কেৱল এগৰাকী কুমাৰীয়েহে কৰায়ত্ত কৰিব পাৰে। বিশ্বকোষৰ মতে ইয়াৰ শিংটোৱে বিষাক্ত পানীকো খাব পৰা কৰি তুলিব পাৰিছিল আৰু ইয়াৰ ৰোগ নিৰাময় কৰাৰ ক্ষমতা থকা বুলি বৰ্ণনা কৰা হৈছিল। মধ্যযুগ আৰু নৱজাগৰণৰ সময়ত নাওৱাল নামৰ এবিধ তিমিৰ দাঁতকেই ইউনিকৰ্ণৰ শিং বুলি বিক্ৰী কৰা হৈছিল।

ব্ৰঞ্জ যুগৰ সিন্ধু উপত্যকা সভ্যতাৰ মোহৰত এবিধ গৰু-সদৃশ ইউনিকৰ্ণৰ চিত্ৰ খোদিত কৰা বুলি কিছু পণ্ডিতে মত পোষণ কৰে, যদিও ইয়াৰ ব্যাখ্যা বিতৰ্কিত হৈয়ে আছে। ঘোঁৰা-সদৃশ ইউনিকৰ্ণৰ বিষয়ে চেচিয়াছ, ষ্ট্ৰেবো, প্লিনিয়াছ, এলিয়ান৫, আৰু কচমাছ ইণ্ডিক'প্লেউষ্টেছ৬ আদি প্ৰাচীন গ্ৰীক লেখকসকলৰ বিভিন্ন প্ৰাকৃতিক ইতিহাসৰ বিৱৰণীত উল্লেখ পোৱা যায়। বাইবেলতো ৰে’ম নামৰ এটা প্ৰাণীৰ বিষয়ে বৰ্ণনা কৰিছে, যাক কিছুমান অনুবাদত ইউনিকৰ্ণ বুলি অনুবাদ কৰা হৈছে।৫

ইতিহাস

সিন্ধু উপত্যকা সভ্যতাৰ ব্ৰঞ্জ যুগৰ খ্ৰীষ্টপূৰ্ব ২০০০ শতিকাৰ আশে-পাশে পোৱা কিছুমান শিলত খোদিত ডাকটিকটৰ মোহৰত ইউনিকৰ্ণৰ দৰে এটা শিং থকা এবিধ জীৱৰ চিত্ৰ দেখা পোৱা গৈছে। ইয়াৰ শৰীৰটো দেখিবলৈ ঘোঁৰাতকৈ গৰুৰ সৈতেহে মিলে আৰু এটা বক্ৰ শিঙটো প্ৰথমে আগলৈ গৈ তাৰ পিছত ওপৰমুৱা হৈ পৰে। সাধাৰণতে পিঠিৰ সন্মুখৰ ফালে তললৈ ওলমি থকা এটা ৰহস্যজনক বৈশিষ্ট্য দেখা পোৱা যায়; ই হয়তো এটা সাজ বা অন্য আৱৰণক প্ৰতিনিধিত্ব কৰিব পাৰে। সাধাৰণতে ইউনিকৰ্ণটোৱে কমেও দুটা খলপ থকা এটা উলম্ব বস্তুৰ ফালে মুখ কৰি থাকে; এই বস্তুটো "লোকাচাৰৰ ওচৰ্গা দণ্ড", ধূপ জ্বলোৱা বা খাদ্য খোৱা পাত্ৰ আদি বিভিন্ন ধৰণে বৰ্ণনা কৰা হয়। সিন্ধু মোহৰত থকা এই প্ৰাণীটোৰ দুটা শিং আছে, এটাই আনটো লুকুৱাই ৰাখে বুলি কোৱা তত্ত্বটোক খেলনা-সদৃশ সৰু টেৰাকোটা ইউনিকৰ্ণ আৰু দুয়োটা শিং স্পষ্টকৈ দেখুওৱা ম'হৰ চিত্ৰণে অসত্য বুলি প্ৰমাণ কৰে। এই ইউনিকৰ্ণ কোনো শক্তিশালী “গোত্ৰ বা বণিক সম্প্ৰদায়”ৰ প্ৰতীক আছিল বুলি ভবা হয়, কিন্তু ইয়াৰ কিছু ধৰ্মীয় তাৎপৰ্য্যও থাকিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Numbers 23:22 - Bible Gateway. www.biblegateway.com
  2. ↑ Asimov, Isaac. (1978). Asimov's Guide to Shakespeare. Avenel Books. ISBN 978-0-517-26825-4
  3. ↑ Bible Gateway passage: Job 39:9-12 - American Standard Version. Bible Gateway
  4. ↑ Bible Gateway passage: Job 39:9-12 - New American Standard Bible. Bible Gateway
  5. ↑ Phillips, Catherine Beatrice. পৃ. 581–582
  6. ↑ Cosmas Indicopleustis - Christiana Topographia (MPG 088 0051 0476) (0500-0600) Full Text at Documenta Catholica Omnia. www.documentacatholicaomnia.eu

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱলোককথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰে'ম” প্ৰবন্ধৰ সংশোধন ৪১৫১৫৫ (২৮ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।