অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰেড কাৰ্পেট

পৰম্পৰাগতভাৱে ৰাষ্ট্ৰপতিসকলে আনুষ্ঠানিক আৰু আনুষ্ঠানিক অনুষ্ঠানত গ্ৰহণ কৰা পথটো চিহ্নিত কৰিবলৈ ৰঙা দলিচা (Red Carpet) ব্যৱহাৰ কৰা হয়৷ অৱশ্যে বিগত দশকসমূহত ৰঙা দলিচাক ভিআইপি আৰু চেলিব্ৰিটিসকলে বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠানত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে৷

হালনাগাদ: ২৬ মে’ ২০২২ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

পৰম্পৰাগতভাৱে ৰাষ্ট্ৰপতিসকলে আনুষ্ঠানিক আৰু আনুষ্ঠানিক অনুষ্ঠানত গ্ৰহণ কৰা পথটো চিহ্নিত কৰিবলৈ ৰঙা দলিচা (Red Carpet) ব্যৱহাৰ কৰা হয়৷ অৱশ্যে বিগত দশকসমূহত ৰঙা দলিচাক ভিআইপি আৰু চেলিব্ৰিটিসকলে বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠানত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে৷

ইতিহাস

চিলীৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়ান পিনেৰা ২০১০ চনৰ অক্টোবৰ মাজত পেৰিছত উপস্থিত হোৱাৰ মুহূৰ্ত
চিলীৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়ান পিনেৰা ২০১০ চনৰ অক্টোবৰ মাজত পেৰিছত উপস্থিত হোৱাৰ মুহূৰ্তছবি: Gobierno de Chile · CC BY 2.0
অভিনেত্ৰী হেলি বেৰীয়ে ২০০৫ চনত মুক্তি লভা ''ৰবটছ'' নামৰ ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত হোৱাৰ মুহূৰ্ত
অভিনেত্ৰী হেলি বেৰীয়ে ২০০৫ চনত মুক্তি লভা ৰবটছ নামৰ ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত হোৱাৰ মুহূৰ্তছবি: digitalshay · CC BY 2.0

সাহিত্যত ৰঙা দলিচাৰ ওপৰেৰে খোজকঢ়াৰ প্ৰথমটো জ্ঞাত তথ্য পোৱা হৈছে ছাইক্লিছে ৪৮৫ খ্ৰীষ্টপূৰ্বত ৰচনা কৰা এখন নাটকত৷ নাটখনৰ নাম হৈছে আগামেমনন৷ যেতিয়া কাহিনীৰ শীৰ্ষ চৰিত্ৰটি ট্ৰয়ৰ পৰা উভতি আহে, তেতিয়া তেওঁৰ পত্নী ক্লাইমেনষ্ট্ৰাই ৰঙা পথ এছোৱাৰে খোজ কাঢ়িবলৈ অনুৰোধ কৰে, এইদৰে:

Now, dearest husband, come, step from your chariot. But do not set to earth, my lord, the conquering foot That trod down Troy. Servants, do as you have been bidden; Make haste, carpet his way with crimson tapestries, Spread silk before your master’s feet; Justice herself Shall lead him to a home he never hoped to see. (মোৰ প্ৰিয় স্বামী, আহা; তোমাৰ ৰথৰ পৰা খোজ পেলোৱা। কিন্তু পৃথিৱীত ভৰি নথ'বা মোৰ প্ৰভু৷ ট্ৰয়ক ভৰিৰে গচকি পৰা সেই বিজয়ী ভৰি। দাসসকল, তোমালোকক যিদৰে আজ্ঞা দিয়া হৈছে, সেইদৰে কৰা৷ খৰখেদা কৰা, ৰঙা টেপেষ্ট্ৰীৰে তেওঁৰ পথত দলিচা পাৰা৷ তোমালোকৰ মালিকৰ ভৰিৰ সমুখত ৰেচম মোকলাই দিয়া; ন্যায়ে নিজেই তেওঁক এনে এখন ঘৰলৈ লৈ যাব যি তেওঁ কেতিয়াও দেখাৰ আশা কৰা নাছিল।) * Phillip Vellacott, The Oresteian Trilogy, Penguin 1973 (Google Books)

কেৱল গ্ৰীক দেৱতাইহে এনে বিলাসিতাপূৰ্ণ দলিচাৰ ওপৰত খোজ কাঢ়ে বুলি জানি আগামেমননে কম্পিত কণ্ঠেৰে উত্তৰ দিয়ে:

I am a mortal, a man; I cannot trample upon these tinted splendors without fear thrown in my path.

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেড কাৰ্পেট” প্ৰবন্ধৰ সংশোধন ৩২২৪১৯ (২৬ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।