ৰুবিনা ফিৰোজ ভাট্টী (Rubina Feroze Bhatti) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী,শান্তি কৰ্মী আৰু নেতৃত্বৰ পৰামৰ্শদাতা। দেশৰ ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য হিচাপে তেওঁ পঞ্জাব প্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল।১ বৰ্তমান তেওঁ পাকিস্তান গ্ল'বেল ইনষ্টিটিউটত সহকাৰী অধ্যাপিকা২ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অতিথি ফেলো হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চাৰিটা সন্তানৰ ভিতৰত অন্যতম ৰুবিনা ভাট্টীয়ে সৰগোধাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল, য’ত তেওঁ মেট্ৰিক আৰু ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰিছিল। ১৯৯০ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৯৩ চনত বাহাউদ্দিন জাকাৰিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ পিছলৈ ২০০৮ চনত আয়াৰলেণ্ডৰ মেনুথ বিশ্ববিদ্যালয়ত উন্নয়ন অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পৰা বছৰৰ শিক্ষাৰ্থী বঁটাৰে সন্মানিত হয়। অৱশেষত ২০১৫ চনত আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ডিয়েগো বিশ্ববিদ্যালয়ত নেতৃত্ব অধ্যয়নত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৫
কৰ্মজীৱন
১৯৯৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০০৪ চনৰ ডিচেম্বৰ মাহলৈকে ভাট্টীয়ে ৰসায়ন বিজ্ঞানৰ প্ৰবক্তা হিচাপে চাকৰি আৰম্ভ কৰে আৰু সামাজিক উন্নয়ন খণ্ডত প্ৰৱেশ কৰে৷ তেওঁ আনুষ্ঠানিকভাৱে টাংঘ ৱাছাইব সংস্থাত যোগদান কৰে যিয়ে সাম্প্ৰদায়িক সম্প্ৰীতি, লিংগ সমতা আৰু মানৱ অধিকাৰৰ দিশত কাম কৰে।৬ তেওঁ ভাতৃত্ববোধ আৰু সম্প্ৰীতি,৭নিস্তব্ধতা আৰু উদযাপন, কবিতা আৰু সংগীত,৮ ন্যায়,৯আৰু সংখ্যালঘুৰ অধিকাৰৰ লগতে পিপলছ কমিছনৰ লগত জড়িত হয়।১০
তেওঁ এন চি আৰ চি আইন, ২০১৭১ অধীনত পাকিস্তান চৰকাৰে ২০২০ চনৰ এপ্ৰিল মাহত স্থাপন কৰা বিধিগত সংস্থা নেশ্যনেল কমিছন ফৰ ৰাইটছ অৱ চাইল্ডত১১ সদস্য পঞ্জাৱ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্বাচিত হৈছিল আৰু শিশুসকলৰ উত্তম স্বাৰ্থত বৰ্তমান আৰু প্ৰস্তাৱিত আইন, নীতি, প্ৰথা আৰু প্ৰস্তাৱসমূহ পৰীক্ষা আৰু পৰ্যালোচনা কৰাৰ দায়িত্ব দিয়া হৈছে, আৰু শিশুৰ উলংঘাৰ সৈতে জড়িত গোচৰত তদন্ত চলোৱাৰ দায়িত্ব দিয়া হৈছে। ১২এনচিআৰচিৰ সদস্য হিচাপে তেওঁ শিশুৰ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ সৈতে জড়িত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যন্ত্ৰসমূহৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে শিশু অধিকাৰসমূহক আইনীভাৱে সুৰক্ষিত আৰু ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিবলৈ১৩ নীতিগত আলোচনা১৪ আৰু পৰিস্থিতি নিৰীক্ষণ১৫ত জড়িত।
তথ্যসূত্ৰ
- ↑ Shah, Waseem Ahmad. (2020-03-02). View from the courtroom: Hopes attached to newly-notified child rights commission. DAWN.COM
- ↑ (17 March 2022). Faculty Staff – PGI
- ↑ Rubina Feroze Bhatti · Center for South Asia. southasia.stanford.edu
- ↑ Rubina Feroze Bhatti. www.24peaces.org
- ↑ SOLES Recent News - Department of Leadership Studies Ph.D. Candidate Rubina Feroze Bhatti Receives N-Peace Award - University of San Diego. www.sandiego.edu
- ↑ (2012-12-03). Day 9: Spotlighting Rubina Feroze Bhatti, Pakistan. Nobel Women's Initiative
- ↑ Welcome To Taangh Wasaib Organization. www.taangh.org.pk
- ↑ Teachings of Sufism to promote interfaith harmony. Peace Insight
- ↑ Taangh Wasaib Organization (TWO). Peace Insight
- ↑ Stories That Inspire: Asian Peace Activists Share their Hopes, Reflections, and Insights on Peacebuilding. Building Peace
- ↑ National Commission on the Rights of Child Act, 2017. National Assembly
- ↑ (2020-06-28). NCRC concerned over rising incidents of child rights' violations. Daily Mail Pakistan
- ↑ (2020-09-13). Children's rights to be protected: Augustine. The Nation
- ↑ News Desk. (2020-09-12). Pakistan under obligation to develop child protection system, says Rubina. Pakistan Observer
- ↑ Uploader. (2020-06-28). NCRC expresses concern over many rising incidents of child rights violations. Associated Press Of Pakistan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুবিনা ফিৰোজ ভাট্টী” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৫৯ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।