ভাৰতৰ শাসক
১৩ প্ৰবন্ধ
-
ৰাণী লক্ষ্মীবাই
ৰাণী লক্ষ্মীবাই (; ১৯ নৱেম্বৰ ১৮২৮ – ১৮ জুন ১৮৫৮), উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী আছিল। ঠাইখন এতিয়াৰ উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত অৱস্থিত। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত ৰাণী লক্ষ্মীবায়ো অন্যতম আছিল।
-
ৰাণী ৰাসমণি
ৰাণী ৰাসমণি (Rani Rashmoni, ২৪ ছেপ্টেম্বৰ ১৭৯৩ - ১৯ ফেব্ৰুৱাৰী ১৮৬১) ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত।
-
অহল্যাবাই হোলকাৰ
মহাৰাণী অহল্যাবাই হলকাৰ (৩১ মে ১৭২৫ – ১৩ আগষ্ট ১৭৯৫) ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল। ৰাজমাতা অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চৌণ্ডিত জন্মগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ ৰাজধানী ইন্দোৰৰ দক্ষিণে নৰ্মদা নদীৰ পাৰৰ মহেশ্বৰত স্থাপন কৰিছিল।
-
ৰাণী কৰ্ণাৱতী
ৰাণী কৰ্ণাৱতী বা ৰাণী কৰ্মাৱতী (Rani Karnavati; মৃত্যু: ৮ মাৰ্চ ১৫৩৪) ভাৰতৰ বুন্দিৰ এগৰাকী ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক আছিল। মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহৰ সৈতে তেওঁৰ বিবাহ হয়। পৰৱৰ্তী দুই ৰাণা, ৰাণা বিক্ৰমাদিত্য আৰু ৰাণা উদয় সিংহৰ মাতৃ আৰু মহাৰাণা প্ৰতাপৰ আইতাক।
-
জিজাবাঈ
জিজাবাই শাহাজী ভোঁচলে (Jijabai; ১২ জানুৱাৰী ১৫৯৮ – ১৭ জুন ১৬৭৪) মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ আছিল। তেওঁ ৰাজমাতা জিজাবাঈ বা জিজাউ বুলি জনাজাত আছিল। তেওঁ সিন্দখেড ৰাজাৰ লখুজিৰাও যাদৱৰ কন্যা আছিল। যাদৱ দেৱগিৰিৰ যাদৱ পৰিয়ালৰ বংশধৰ আছিল।
-
বেগম হজৰত মহল
বেগম হজৰত মহল (Begum Hazrat Mahal, ১৮২০ – ৭ এপ্ৰিল ১৮৭৯) অৱধ ৰাজ্যৰ বেগম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ অৱধ ৰাজ্যৰ শাসনকৰ্তা নৱাব ৱাজিদ আলি শ্বাহৰ দ্বিতীয় পত্নী আছিল। নৱাব ৱাজিদ আলি শ্বাহে তেওঁক তেওঁৰ ৰাজপ্ৰাসাদত লগ পাইছিল।
-
ৰুদ্ৰমা দেৱী
ৰুদ্ৰমা দেৱী ( Rudrama Devi ) ১২৬৩ খ্ৰীষ্টাব্দৰ পৰা ১২৮৯ খ্ৰীষ্টাব্দলৈ (বা ১২৯৫ খ্ৰীষ্টাব্দ) তেওঁৰ মৃত্যু পৰ্যন্ত দাক্ষিণাত্য মালভূমিৰ কাকতীয় ৰাজবংশৰ শাসক আছিল। তেওঁক ৰুদ্ৰদেৱ মহাৰজা, ৰাণী ৰুদ্ৰমা বা ৰুদ্ৰমা দেৱী নামেৰেও জনা যায়। ভাৰতৰ অলপ সংখ্যক ৰাজ্য শাসন কৰা মহিলাৰ তেওঁ অন্যতম আছিল।
-
আব্বাক্কা চৌটা
ৰাণী আব্বাক্কা চৌটা (Abbakka Chowta) উল্লালৰ প্ৰথম টুলুভা ৰাণী আছিল। তেওঁ ষোড়শ শতিকাৰ শেষাৰ্ধত পৰ্তুগীজসকলৰ সৈতে যুঁজিছিল। তেওঁ চৌটা ৰাজবংশৰ আছিল আৰু ভাৰতৰ উপকূলীয় কৰ্ণাটক (টুলুনাডু)ৰ কিছু অংশত শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী আছিল পুট্টিগে।
-
কেলাদি চেন্নাম্মা
কেলাদি চেন্নাম্মা (Keladi Chennamma) কৰ্ণাটকৰ কেলাদি ৰাজ্যৰ ৰাণী আছিল। তেওঁ চিদ্দাপ্পা চেট্টী নামৰ এজন ব্যক্তিৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল। চিদ্দাপ্পা চেট্টী কৰ্ণাটকৰ কুণ্ডাপুৰ অঞ্চলৰ এজন স্থানীয় ব্যৱসায়ী আছিল। তেওঁ লিঙ্গায়ত সম্প্ৰদায়ৰ আছিল।
-
ৰাজিয়া চুলতানা
ৰাজিয়া চুলতানা ১০ অক্টোবৰ ১২৩৬-ৰ পৰা ১৪ অক্টোবৰ ১২৪০-লৈ দিল্লীৰ চুলতান আছিল। তেওঁ দিল্লীৰ মামলুক ৰাজবংশৰ পৰিয়ালৰ আছিল আৰু দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা শাসিকা আছিল।
-
ৰাণী দুৰ্গাৱতী
ৰাণী দুৰ্গাৱতী (Rani Durgavati, ৫ অক্টোবৰ ১৫২৪ - ২৪ জুন ১৫৬৪) এগৰাকী ভাৰতীয় বীৰাংগনা।
-
চামচুদ্দিন আহমদ শ্বাহ
চামচুদ্দিন আহমদ শ্বাহ (শাসনকাল ১৪৩৩-১৪৩৬) আছিল বংগৰ এজন শাসক।। তেওঁ চুলতান জালালউদ্দিন মুহাম্মদ শ্বাহৰ পুত্ৰ। পিতৃৰ মৃত্যুৰ পিছত, তেওঁ চৈধ্য বছৰ বয়সত সিংহাসনত বহিল।
-
তাৰাবাই ভোঁচলে
তাৰাবাই ভোঁচলে (Tarabai; ১৬৭৫ – ১৭৬১) ১৭০০ চনৰ পৰা ১৭০৮ লৈকে ভাৰতৰ মাৰাঠা সাম্ৰাজ্যৰ শাসক আছিল। তেওঁ ছত্ৰপতি ৰাজাৰাম ভোঁচলে (Rajaram I)-ৰ ৰাণী আৰু মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ বোৱাৰী আৰু দ্বিতীয় শিৱাজীৰ মাতৃ আছিল।