অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰাসাম্মাহ ভূপালন

ৰাসাম্মাহ ভূপালন (Rasammah Bhupalan; জন্ম: ১ মে' ১৯২৭) ৰসম্মাহ নাওমি নৱৰেদনাম বা এফ আৰ ভূপালন নামেৰেও পৰিচিত৷ তেওঁ তামিল মূলৰ এগৰাকী মালয়েছিয়াৰ স্বাধীনতা আৰু সমাজ কৰ্মী। ভূপালনে ড্ৰাগছ সেৱন বিৰোধী আন্দোলন, মহিলাৰ অধিকাৰ, শিক্ষা আৰু সামাজিক ন্যায়ৰ কাৰ্য্যত ভূমিকা লৈছে৷

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ৰাসাম্মাহ ভূপালন (Rasammah Bhupalan; জন্ম: ১ মে' ১৯২৭) ৰসম্মাহ নাওমি নৱৰেদনাম বা এফ আৰ ভূপালন নামেৰেও পৰিচিত৷ তেওঁ তামিল মূলৰ এগৰাকী মালয়েছিয়াৰ স্বাধীনতা আৰু সমাজ কৰ্মী।

ভূপালনে ড্ৰাগছ সেৱন বিৰোধী আন্দোলন, মহিলাৰ অধিকাৰ, শিক্ষা আৰু সামাজিক ন্যায়ৰ কাৰ্য্যত ভূমিকা লৈছে৷

প্ৰাক্-স্বাধীনতাৰ সময়ত

মালয়েছিয়াৰ (তেতিয়াৰ মালয়) স্বাধীনতাৰ যুঁজত জড়িত আদিম মহিলাসকলৰ ভিতৰত ৰাসাম্মাহ ভূপালন অন্যতম আছিল৷ ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ মহিলা শাখা ৰাণী অৱ ঝান্সী ৰেজিমেণ্টত১ যোগদান কৰে।২ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মাত সেৱা আগবঢ়াইছিল৷

মহিলাৰ অধিকাৰ

মহিলা শিক্ষক সংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে তেওঁ মহিলা শিক্ষকৰ সমান দৰমহাৰ বাবে যুঁজিছিল আৰু পৃথক পৃথক শিক্ষক সংঘক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল৷ নেচনেল কাউন্সিল অৱ ৱমেন অৰ্গেনাইজেচন (এন চি ডব্লিউ অ’) আৰু পেমাডামতো তেওঁ অতি সক্ৰিয় আছিল।

স্বীকৃতি

১৯৫৯ চনৰ পৰা ১৯৬৪ চনলৈকে মেথডিষ্ট বয়ছ স্কুল কুৱালালামপুৰৰ (এম বি এছ কে এল) শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ভূপালনে ১৯৬৯ চনৰ পৰা ১৯৮২ চনত অৱসৰ লোৱালৈকে ১৪ বছৰ ধৰি মেথডিষ্ট গাৰ্লছ স্কুল কুৱালালামপুৰৰ অধ্যক্ষ আছিল। ২০০৭ চনৰ ১১ নৱেম্বৰত শ্ৰীমতী ভূপালনে সন্মানিত হোৱা কেইজনমান প্ৰবীণ শিক্ষকৰ ভিতৰত আছিল৷ ২০০৬ চনৰ ২১ নৱেম্বৰত সহযোগী অধ্যাপক ড০ অৰুণা গোপীনাথৰ ৰচনা কৰা Footprints on The Sands of Time, Rasammah Bhupalan: A Life of Purpose শীৰ্ষক এখন গ্ৰন্থ সাংস্কৃতিক, কলা আৰু পৰ্যটন মন্ত্ৰী দটুক ড০ ৰাইছ যতীমে উন্মোচন কৰে।৩

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ www.hindustantimes.com/india/a-life-at-the-front
  2. ↑ Looking East to Look West: Lee Kuan Yew's Mission India By Sunanda K. Datta-Ray, p.71
  3. ↑ books.google.co.in/books/about/Rasammah_Bhupalan

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাসাম্মাহ ভূপালন” প্ৰবন্ধৰ সংশোধন ৪৮০৫৯৬ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।