অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰঙা পিঠিৰ ছানবাৰ্ড

ৰঙা-পিঠিৰ ছানবাৰ্ড বা সৰু ছানবাৰ্ড: crimson-backed sunbird (Leptocoma minima), হৈছে ভাৰতৰ পশ্চিমঘাট অঞ্চলত স্থানীয়ভাৱে পোৱা এবিধ ছানবাৰ্ড। আন ছানবাৰ্ডৰ দৰে ইহঁতেও প্ৰধানকৈ ফুলৰ মৌ খায়, যদিও পোক-পতংগও খায়; বিশেষকৈ পোৱালিক টোপ খোৱাই দাঙৰ কৰুতে খাদ্য হিচাবে পোক-পতংগ যোগান ধৰি খুৱায়।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ৪৮৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰঙা-পিঠিৰ ছানবাৰ্ড বা সৰু ছানবাৰ্ড: crimson-backed sunbird (Leptocoma minima), হৈছে ভাৰতৰ পশ্চিমঘাট অঞ্চলত স্থানীয়ভাৱে পোৱা এবিধ ছানবাৰ্ড। আন ছানবাৰ্ডৰ দৰে ইহঁতেও প্ৰধানকৈ ফুলৰ মৌ খায়, যদিও পোক-পতংগও খায়; বিশেষকৈ পোৱালিক টোপ খোৱাই দাঙৰ কৰুতে খাদ্য হিচাবে পোক-পতংগ যোগান ধৰি খুৱায়।

এইবোৰ অতি সৰু আকাৰৰ, স্থায়ীভাৱে বসবাস কৰা চৰাই। ইহঁত সাধাৰণতে অৰণ্যত পোৱা যায় যদিও অৰণ্যৰ দাঁতিত থকা বাগিচাবোৰলৈ বিশেষভাৱে আকৰ্ষিত হয়, য’ত মানুহে ফুল ধৰা উপযুক্ত গছ-গছনি ৰোপণ কৰে। সাধাৰণতে ফুলৰ পৰা মৌ আহৰণ কৰাৰ সময়ত ইহঁতে নিৰ্দৃষ্ট ঠাইত বহি লৈহে মৌ গ্ৰহণ কৰে।

বিৱৰণ

ৰঙা-পিঠিৰ ছানবাৰ্ড আকাৰত অতি সৰু; আনকি ছানবাৰ্ডৰ তুলনাতো ইহঁত সৰু। ইহঁতৰ দৈৰ্ঘ্য মাত্ৰ প্ৰায় ৮ ছেণ্টিমিটাৰ। ইহঁতৰ ঠোঁট মজলীয়া দৈৰ্ঘ্যৰ, পাতল আৰু তললৈ সামান্য বেঁকা। জিভাখন নলাকাৰ আৰু আগটো ব্ৰাছৰ দৰে। এই দুয়োটা বৈশিষ্ট্য ফুলৰ পৰা মৌ আহৰণ কৰাৰ বাবে বিশেষভাৱে অভিযোজিত।

পূৰ্ণবয়স্ক মতা চৰাইটোৰ পিঠিৰ ওপৰৰ অংশ (মেণ্টল) আৰু ডেউকাৰ আৱৰণ কৰি ৰখা পাখি মখমলীয়া ৰঙা। বুকুত এটা বহল ৰঙা বন্ধনী থাকে। মূৰৰ ওপৰৰ অংশ উজ্জ্বল সেউজীয়া আৰু ডিঙি তথা কঁকালৰ ওপৰৰ অংশত গোলপীয়া-বেঙুনীয়া ৰঙৰ দাগ থাকে। বুকুৰ তলৰ পৰা দেহৰ তলফালৰ অংশ হালধীয়া আভাযুক্ত। বুকুৰ আগফালৰ ক’লা অংশটোৰ কাষত এটা ক’লা সীমা থাকে, যিয়ে তলফালৰ হালধীয়া অংশটোক পৃথক কৰি ৰাখে। ডাঙৰ আকাৰৰ বেঙুনীয়া-কঁকালযুক্ত ছানবাৰ্ড দেখাত ইয়াৰ সৈতে যথেষ্ট মিল থাকিব পাৰে। কিন্তু ৰঙা-পিঠিযুক্ত ছানবাৰ্ডৰ দেহৰ ওপৰফাল অধিক গাঢ় বাদামি-ৰঙা, আনহাতে ইয়াৰ দেহৰ কাষ আৰু নেজৰ তলৰ অংশ বগা ৰঙৰ। প্ৰজনন নকৰা সময়ত মতা চৰাইটোৰ পাখিৰ ৰং কিছু সলনি হয়। এই সময়ত মূৰত জলপাই-সেউজীয়া ৰং অধিক দেখা যায় আৰু মখমলীয়া ৰঙা অংশটো কেৱল পিঠিৰ ওপৰৰ অংশ (মেণ্টল)ৰ তলৰ অংশ আৰু ডেউকা আৱৰিৰখা পাখিত হে কেৱল দেখা যায়। মাইকী চৰাইটোৰ ৰং জলপাই-বাদামী, কিন্তু কঁকালৰ ওপৰৰ অংশটো স্পষ্টভাৱে ৰঙা। এই চৰাইবোৰ অৰণ্য বা বাগিচাৰ দাঁতিত ফুলেৰে সমৃদ্ধ বাগিচা আৰু উদ্ভিদেৰে ভৰা অঞ্চললৈ বিশেষভাৱে আকৰ্ষিত হয়।১

ইহঁতৰ মাতৰ ভিতৰত চুটিকৈ “চিক” ধৰণৰ মাত আৰু দীঘলীয়াকৈ “চী-চী-ৱিচ-চী” ধৰণৰ মাত মতা শুনিবলৈ পোৱা যায়।২

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

ৰঙা-পিঠিৰ ছানবাৰ্ড ভাৰতৰ পশ্চিমঘাটত স্থানীয়ভাৱে পোৱা এবিধ স্থায়ী প্ৰজননকাৰী চৰাই। ইহঁতৰ প্ৰধান বাহ সজা সময় ডিচেম্বৰৰ পৰা মাৰ্চলৈ।৩ অৱশ্যে দক্ষিণ পশ্চিমঘাট অঞ্চলত বছৰৰ প্ৰায় সকলো মাহতে ইহঁতে বাহ সজা দেখা গৈছে। ইহঁতে সাধাৰণতে দুটা কণী পাৰে। কণীবোৰ তললৈ হালি থকা সৰু গছৰ পাতল ডাল, ফাৰ্ণৰ পাত বা জোপোহা গছত ওলোমাই সজা বাহত থাকে।৪ মতা আৰু মাইকী দুয়োটাই বাহ সজাত অংশগ্ৰহণ কৰে। অৱশ্যে বাহৰ ভিতৰৰ অংশটো মূলতঃ মাইকী চৰাইটোৱেই সাজে। কণীবোৰ প্ৰধানকৈ মাইকী চৰাইটোৱে উমনি দিয়ে, যদিও মতা চৰাইটোৱেও পোৱালিক খাদ্য খুওৱাত অংশ লোৱা দেখা যায়। কণী উমনি দিয়াৰ সময় প্ৰায় ১৮–১৯ দিন।৫৬

এই চৰাইবোৰে কিছুমান উদ্ভিদ প্ৰজাতিৰ পৰাগযোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৭

মতা চৰাইবোৰে ফুল ধৰা জোপোহা আৰু গছত খাদ্য গ্ৰহণৰ এলেকা নিৰ্ধাৰণ কৰি সেই এলেকা আন চৰাইৰ পৰা ৰক্ষা কৰে।৮ যিবোৰ উদ্ভিদত, যেনে হেলিক্সেন্থেৰা ইন্টাৰমিডিয়া, অধিক পৰিমাণে ফুলৰ মৌ থাকে, সেইবোৰ উদ্ভিদৰ ওচৰৰ এলেকা মতা চৰাইবোৰে অধিক সজাগতাৰে ৰক্ষা কৰে।আকাৰত সৰু চৰাই হোৱাৰ বাবে ইহঁত কেতিয়াবা প্ৰেয়িং মেণ্টিছৰ দৰে পোক-পতংগৰ আক্ৰমণতো মৃত্যুমুখত পৰিব পাৰে।৯

বহু অঞ্চলত এই চৰাইবোৰ স্থায়ীভাৱে থাকে যদিও বৰষুণৰ পৰিমাণ অনুসৰি ইহঁতে উচ্চতাৰ পৰিৱৰ্তন ঘটাব পাৰে। কিছুমান অঞ্চলত মৌচুমী বায়ুৰ সময়ত ইহঁতে পাহাৰৰ নামনি অঞ্চললৈ নামি আহে আৰু বৰষুণ শেষ হোৱাৰ পিছত পুনৰ অধিক উচ্চতাৰ অঞ্চললৈ উঠি যায়।১০১১

তথ্যসূত্ৰ

  1. ↑ Rasmussen PC; JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Vol. 2. Smithsonian Institution & Lynx w. পৃ. 547
  2. ↑ Ali S; S D Ripley. (1999). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 26–27
  3. ↑ Davidson, J. (1904). The eggs of the Small Sun-bird Arachnecthra minima. Journal of the Bombay Natural History Society. পৃ. 726
  4. ↑ Hume, A.O. (1890). The nest and eggs of Indian birds. R.H. Porter. পৃ. 262–263
  5. ↑ Nayar, K.K. (1934). The nesting habits of the Small Sunbird Leptocoma minima (Sykes). Journal of the Bombay Natural History Society. পৃ. 730–732
  6. ↑ Ali, S. (1935). A comment on the 'Nesting habits of the Small Sunbird Leptocoma minima Sykes,' published on pp. 730-732 of the Journal vol. XXXII. Journal of the Bombay Natural History Society. পৃ. 957–958
  7. ↑ Soubadra, D.M.; Davidar, P. (2006). Breeding systems and pollination modes of understorey shrubs in a medium elevation wet evergreen forest, southern Western Ghats, India. Current Science. পৃ. 838–842
  8. ↑ Davidar, P. (1985). Feeding territories of the Small Sunbird (Nectarinia minima Sykes). Journal of the Bombay Natural History Society. পৃ. 204–206
  9. ↑ Browne, C.A.R. (1899). A bird killed by a mantis. Journal of the Bombay Natural History Society. পৃ. 578–579
  10. ↑ Khan, MAR. (1977). Local movements of Small Sunbird, Nectarinia minima (Sykes). Bangladesh J. Zool.. পৃ. 77–78
  11. ↑ Santharam, V. (1996). Seasonal movements in Small Sunbird (Nectarinia minima) and Emerald Dove (Chalcophaps indica). Journal of the Bombay Natural History Society. পৃ. 296–297

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙা পিঠিৰ ছানবাৰ্ড” প্ৰবন্ধৰ সংশোধন ৬২৫৭৫৭ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।