অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৯ অক্টোবৰ

আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

হালনাগাদ: ১০ অক্টোবৰ ২০২৪ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১৪৪৬ - হেংগুল বৰ্ণমালা কোৰিয়াত প্ৰথম প্ৰকাশিত হয়।
  • ১৬০৪ - হাতীপটিৰ ভিতৰত পৰ্যবেক্ষণ কৰা আটাইতকৈ শেহতীয়া চুপাৰনোভা 'কেপলাৰৰ চুপাৰনোভা' দেখা পোৱা গৈছিল।
  • ১৮৭৪ - বাৰ্ণ চুক্তিৰ দ্বাৰা ইউনিভাৰ্ছেল ডাক সংঘ সৃষ্টি কৰা হয়।
  • ১৯৪১ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে এক পাৰমাণৱিক কাৰ্যসূচীৰ অনুমোদন জনাই যিটো পিছত মেনহাটান প্ৰকল্পত পৰিণত হৈ পৰে।
  • ১৯৪৬ - ভাৰত চৰকাৰে বিদেশত ভাৰতৰ কূটনৈতিক, কনচুলাৰ আৰু বাণিজ্যিক প্ৰতিনিধিত্বৰ বাবে ভাৰতীয় বৈদেশিক সেৱা স্থাপন কৰে।
  • ১৯৪৯ - ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল চি ৰাজাগোপালাচাৰীয়ে আধুনিক ক্ষেত্ৰীয় সেনা উদ্বোধন কৰে।
  • ১৯৬৭ - বন্দী হোৱাৰ এদিন পিছত বলিভিয়াত বিপ্লৱ কৰিবলৈ চেষ্টা কৰা বাবে আৰ্নেষ্টো "চে" গুৱেভাৰাক মৃত্যুদণ্ড দিয়া হয়।
  • ২০০৬ - উত্তৰ কোৰিয়াই প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰে।
  • ২০০৮ - মাফিয়াৰ পৰা তেল সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন বিশেষজ্ঞৰ সমিতি গঠন কৰিছিল।
  • ২০১২ - পাকিস্তানী তালিবানে স্পষ্টবাদী স্কুলীয়া ছাত্ৰী মালালা ইউছুফজাইক হত্যাৰ চেষ্টা কৰে।
  • ২০২১ - অসমৰ যোৰহাটৰ ৭ বছৰীয়া ফ্ল'ৰিনা গগৈয়ে ছ'নী টিভিৰ চুপাৰ ডেঞ্চাৰ অধ্যায় ৪ৰ চূড়ান্ত বিজয়ী হয়।

জন্ম

  • ১৭৫৭ - চাৰ্লছ এক্স, ফ্ৰান্সৰ ৰজা (১৮২৪-৩০)। (মৃঃ ১৮৩৬)
  • ১৮২৬ - ৰাজা লক্ষ্মণ সিং, হিন্দী সাহিত্য এগৰাকী প্ৰসিদ্ধ সাহিত্যক৷
  • ১৮৫২ - হেৰমন ইমিল ফিচাৰ, নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ। হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ - মিঞ্জুৰ ভক্তৱতছালাম, স্বাধীনতা সংগ্ৰামী আৰু মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰী।
  • ১৯২৯ - সুধীন দাশগুপ্ত, বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী।
  • ১৯৪০ - জন লেনন, আমেৰিকান সংগীতজ্ঞ আৰু শান্তি কৰ্মী।
  • ১৯৪৫ - ওস্তাদ আমজাদ আলি খান, বিখ্যাত ভাৰতীয় সৰোদ বাদক।
  • ১৯৬৬ - ডেভিদ কেমেৰুন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী, ইংলেণ্ডৰ লণ্ডনত জন্ম হৈছিল।
  • ১৯৭৯ - মেনকা পি পি বৰা (মেনকা প্ৰফুল্ল প্ৰসাদ বৰা), ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
  • ১৯৮৫ - ছায়ানী গুপ্তা, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৯৪৩ - পিটাৰ জিমান, এজন ডাচ্চ পদাৰ্থবিজ্ঞানী যিয়ে জিমান প্ৰভাৱৰ আৱিষ্কাৰৰ বাবে হেন্দ্ৰিক লৰেণ্টজৰ সৈতে ১৯০২ চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা পাইছিল।
  • ১৯৬৭ - চে গোৱেৰা, এজন আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, চিকিৎসক, লেখক, গেৰিলা নেতা, কূটনীতিবিদ আৰু সামৰিক তাত্ত্বিক। কিউবান বিপ্লৱৰ এক মুখ্য ব্যক্তিত্ব।
  • ১৯৮৭ - গুৰু গোপীনাথ, অভিনেতা আৰু কথাকলি কিংবদন্তী।
  • ১৯৯৫ - এলেক ড'গলাছ-হোম, ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
  • ২০০৬ - কাঞ্চী ৰাম, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ, সমাজকৰ্মী আৰু বহুজন নায়ক।
  • ২০১৫ - ৰবীন্দ্ৰ জৈন, ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী।
  • ২০২৪ - ৰতন টাটা, ভাৰতীয় উদ্যোগপতি তথা সমাজহিতৈষী, পদ্মবিভূষণ।১২

ছুটী আৰু দিৱস

  • বিশ্ব মহাকাশ সপ্তাহৰ ষষ্ঠ দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
  • বিশ্ব ডাক দিৱস।
  • আঞ্চলিক বা ক্ষেত্ৰীয় সেনা দিৱস। (ভাৰতৰ)
  • ভাৰতীয় বৈদেশিক সেৱা দিৱস।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (9 October 2024). Ratan Tata, Whose Indian Business Empire Went Global, Dies at 86. The New York Times
  2. ↑ (9 October 2024). Ratan Tata no more; Business Titan dead at 86. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

অক্টোবৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪৩৬৫৭২ (১০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।