সাপটগ্ৰাম
৫ প্ৰবন্ধ
-
সাপটগ্ৰাম
সাপটগ্ৰাম হ'ল ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন চহৰ।
-
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম (পাগলবাবা আশ্ৰম বা পাগলবাবা মন্দিৰ বুলিও কোৱা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ সাপটগ্ৰাম চহৰৰ পাৰ্শ্বৱৰ্তী শান্তিপুৰ গাঁৱত অৱস্থিত এটা প্ৰসিদ্ধ হিন্দু ধৰ্মীয় স্থান। সাপটগ্ৰাম অঞ্চল এই আশ্ৰমৰ বাবে বিশেষভাৱে পৰিচিত।
-
লীলানন্দ ঠাকুৰ
লীলানন্দ ঠাকুৰ (পাগল বাবা নামেৰে অধিক পৰিচিত) আছিল বিংশ শতিকাৰ এজন হিন্দু আধ্যাত্মিক সাধক আৰু সমাজসংস্কাৰক। তেওঁ অবিৰত হৰি নাম সংকীৰ্তনৰ মাধ্যমেৰে ধৰ্মীয় ভক্তিৰ লগতে শিক্ষা, স্বাস্থ্যসেৱা আৰু সমাজসেৱাক একেলগে আগবঢ়োৱাৰ বাবে পৰিচিত আছিল।
-
সাপটগ্ৰাম মহাবিদ্যালয়
সাপটগ্ৰাম মহাবিদ্যালয় (ইংৰাজী: Sapatgram College) হৈছে অসমৰ ধুবুৰী জিলাৰ সাপটগ্ৰামত অৱস্থিত এটা উচ্চশিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খনে পশ্চিম অসমৰ গাঁৱলীয়া অঞ্চলৰ শিক্ষাৰ প্ৰচাৰ আৰু বিস্তাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।
-
হৰলটাৰী
হৰলটাৰী ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও। ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭।