অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হেৰাৰ গাখীৰ

হেৰাৰ গাখীৰ (ইংৰাজী: Milk of Hera) সম্পৰ্কীয় আখ্যানটো হৈছে এক প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী। সৃষ্টি সম্পৰ্কীয় মিথসমূহৰ প্ৰসংগত ই আকাশগংগা বা ছাঁয়াপথ (Milky Way)ৰ উৎপত্তিৰ ব্যাখ্যা দিয়ে।

হালনাগাদ: ১৬ মাৰ্চ ২০২৬ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হেৰাৰ গাখীৰ (ইংৰাজী ভাষা: Milk of Hera) সম্পৰ্কীয় আখ্যানটো হৈছে এক প্ৰাচীন গ্ৰীক ভাষা পৌৰাণিক কাহিনী। সৃষ্টি সম্পৰ্কীয় মিথসমূহৰ প্ৰসংগত ই হাতীপটি বা ছাঁয়াপথ (Milky Way)ৰ উৎপত্তিৰ ব্যাখ্যা দিয়ে। ইয়াৰ জনপ্ৰিয় সংস্কৰণটো হ’ল— পৌৰাণিক বীৰ হেৰাক্লেছক কেঁচুৱা অৱস্থাত তেওঁৰ পিতৃতুল্য দেৱতা জেউচৰ পত্নী তথা বিবাহৰ দেৱী হেৰাৰ অজ্ঞাতে তেওঁৰ বুকুৰ গাখীৰ খুৱাবলৈ দিয়া হৈছিল। হেৰাই সাৰ পাই তেওঁক ঠেলি পঠিয়াইছিল, যাৰ ফলত তেওঁৰ গাখীৰৰ কিছু অংশ সিঁচৰতি হৈ পৰে আৰু ইয়াৰ দ্বাৰাই তৰাবোৰেৰে ভৰা আকাশগংগাৰ সৃষ্টি হয়।

ব্যুৎপত্তি

প্ৰাচীন গ্ৰীক ভাষাত 'আকাশগংগা' আৰু 'গ্যালাক্সি' (galaxy) দুয়োটাৰে অৰ্থ বুজাবলৈ গালাক্সিয়াছ (γαλαξίας) শব্দটো ব্যৱহাৰ কৰা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে "গাখীৰৰ দৰে"।১ এই শব্দটো গালা (γάλα) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল গাখীৰ।২

পৌৰাণিক কাহিনী

হেৰাক্লেছক গাখীৰ খুৱাই থকা হেৰাৰ চিত্ৰ (খ্ৰীষ্টপূৰ্ব ৩৬০-৩৫০)
হেৰাক্লেছক গাখীৰ খুৱাই থকা হেৰাৰ চিত্ৰ (খ্ৰীষ্টপূৰ্ব ৩৬০-৩৫০)ছবি: ArchaiOptix · CC BY-SA 4.0

কোৱা হয় যে হেৰাক্লেছৰ জন্মৰ পিছত জেউচ বা তেওঁৰ পুত্ৰ হাৰমিছে কেঁচুৱাটোক লৈ নিদ্ৰাৰত হেৰাৰ বুকুৰ কাষত শুৱাই দিছিল যাতে তেওঁ দেৱীৰ গাখীৰ খাব পাৰে। যেতিয়া হেৰাই সাৰ পালে আৰু পৰিস্থিতিটো বুজি পালে, তেওঁ কেঁচুৱাটোক ঠেলি আঁতৰাই দিলে আৰু তেওঁৰ গাখীৰ আকাশত সিঁচৰতি হৈ পৰিল। এই কাহিনীটো (pseudo-)ইৰাট’স্থেনছৰ বুলি গণ্য কৰা হয়।৩

আন এটা বৰ্ণনা অনুসৰি, হেৰাক্লেছৰ মাতৃ আলমেনীয়ে হেৰাৰ ক্ৰোধৰ ভয়ত কেঁচুৱাটোক এখন পথাৰত এৰি থৈ আহিছিল। হেৰাক্লেছৰ সতীয়া ভগ্নী দেৱী আথিনাই তেওঁক বিচাৰি পালে আৰু তেওঁৰ পৰিচয় নিদিয়াকৈ হেৰাৰ ওচৰলৈ লৈ গ’ল। হেৰাই কেঁচুৱাটোক মৰম কৰি গাখীৰ খুৱাবলৈ লৈছিল। কিন্তু হেৰাক্লেছে দেৱীৰ বুকুত বৰ জোৰেৰে কামুৰি দিলে, যাৰ ফলত হেৰাই যন্ত্ৰণাত তেওঁক আঁতৰাই দিলে।

ৰোমান পৌৰাণিক লেখক হাইজিনাছৰ মতে, এই গাখীৰখিনি আচলতে ৰেয়াৰ (Rhea) আছিল। যেতিয়া ৰেয়াই তেওঁৰ স্বামী ক্ৰোনছক এটা শিল কাপোৰেৰে মেৰিয়াই কেঁচুৱা জেউচ বুলি মিছাকৈ দেখুৱাইছিল, তেতিয়া ক্ৰোনছে কেঁচুৱাটোক খোৱাৰ আগতে শেষবাৰৰ বাবে গাখীৰ খুৱাবলৈ কৈছিল। ৰেয়াই শিলটোত বুকু চেপি ধৰোঁতে কিছু গাখীৰ ওলাই আহিছিল।৪

যিকোনো সংস্কৰণেই নহওক কিয়, আকাশত সিঁচৰতি হৈ পৰা এই পবিত্ৰ গাখীৰেই আকাশগংগা বা ছাঁয়াপথত পৰিণত হোৱা বুলি কোৱা হয়, যাক প্ৰাচীন গ্ৰীকসকলে গালাক্সিয়াছ কাইক্লছ (Γαλαξίας Κύκλος অৰ্থাৎ "দুগ্ধময় বৃত্ত") বুলি জানিছিল। ইতিহাসৰ বহু শিল্পীয়ে এই নাটকীয় কাহিনীটো চিত্ৰিত কৰিছে, যাৰ ভিতৰত টিন্টোৰেটো আৰু ৰুবেন্স অন্যতম।

আন এক কম জনাজাত সংস্কৰণ মতে, সেই গাখীৰৰ কিছু অংশ পৃথিৱীত পৰিছিল আৰু ইয়াৰ পৰাই ভেটফুলৰ জন্ম হৈছিল, যিটো ফুল হেৰাৰ গাখীৰৰ দৰেই বগা।

তথ্যসূত্ৰ

  1. ↑ Liddell & Scott s.v. γαলাক্সিয়াছ
  2. ↑ Liddell & Scott s.v. গালা
  3. ↑ Pausanias, Description of Greece 9.25.2
  4. ↑ Hyginus Astronomica 2.43.1

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰাৰ গাখীৰ” প্ৰবন্ধৰ সংশোধন ৫৮৯১৭৭ (১৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।