নৰ্ছ শ্ৰুতিকথা
১১ প্ৰবন্ধ
-
অডিন
অডিন (ইংৰাজী: Odin; উচ্চাৰণ: ) জাৰ্মান পৌত্তলিক ধৰ্মত (মূৰ্তি পূজা কৰা প্ৰথা) বৰ্ণনা কৰা এজন বহু পূজনীয় দেৱতা। নৰ্ছ পৌৰাণিক কাহিনীত বৰ্ণনা কৰা মতে তেওঁক প্ৰজ্ঞা, নিৰাময়, মৃত্যু, ৰাজকীয়, শাস্তি, জ্ঞান, যুদ্ধ, সংঘৰ্ষ, বিজয়, যাদু, কবিতা, উন্মাদনা আৰু ৰুনিক বৰ্ণমালাৰ সৈতে জড়িত কৰে।
-
থৰ
জাৰ্মাণিক বিশ্বাসত থৰ (; পুৰণি নৰ্ছ: Þórrৰপৰা) এগৰাকী হাতুৰীধাৰী দেৱতা- বিজুলী, গাজনি, ধুমুহা, ওকগছ, বল, মানৱতা ৰক্ষা, পবিত্ৰকৰণ আৰু উৰ্বৰতাৰে সম্বন্ধিত। পুৰণি নʼৰ 'Þórr'ৰ উপৰিও এই দেৱতাই পুৰণি ইংৰাজী ভাষাত Þunor আৰু পুৰণি উচ্চ জাৰ্মান ভাষাত Donar (ৰুণিক þonar) ৰূপে স্থান লাভ কৰিছে।
-
ল’কি
ল’কি বা লোকি (ইংৰাজী: Loki) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। ল’কি ফাৰ্বাউটি (Fárbauti) আৰু লাওফেই (Laufey)ৰ পুত্ৰ আৰু হেলব্লিণ্ডি (Helblindi) আৰু বাইলেইষ্ট্ৰ (Býleistr)ৰ ভাতৃ।
-
নৰ্ছ শ্ৰুতিকথা
নৰ্ছ, নৰ্ডিক বা স্কেণ্ডিনেভিয়ান (ইংৰাজী: Norse, Nordic, বা Scandinavian) পৌৰাণিক কাহিনী হৈছে উত্তৰ জাৰ্মানীয় জনগোষ্ঠীৰ অন্তৰ্গত শ্ৰুতিকথাৰ সমষ্টি, যিবোৰ পুৰণি নৰ্ছ ধৰ্মৰ পৰা উদ্ভৱ হৈ স্কেণ্ডিনেভিয়াৰ খ্ৰীষ্টানীকৰণৰ পিছৰ পৰা আধুনিক যুগৰ নৰ্ডিক লোককথালৈকে অব্যাহত আছে।
-
ফ্ৰেইজা
ফ্ৰেইজা (ইংৰাজী: Freyja) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ এগৰাকী দেৱী। ফ্ৰেইজাক প্ৰেম, সৌন্দৰ্য্য, উৰ্বৰতা, যৌনতা, যুদ্ধ, সোণ আৰু ছেইড্ৰ (seiDr; ভৱিষ্যত দেখা আৰু প্ৰভাৱিত কৰাৰ বাবে যাদু)ৰ সৈতে জড়িত এগৰাকী দেৱী হিচাপে বৰ্ণনা কৰা হয়।
-
গুংনিৰ
গুংনিৰ (ইংৰাজী: Gungnir; উচ্চাৰণ: ) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ দেৱতা অডিনে ধাৰণ কৰা এবিধ শূল সদৃশ অস্ত্ৰ। আক্ৰমণকাৰীৰ দক্ষতা নিৰ্বিশেষে আক্ৰমণকাৰীৰ নৰ্ধাৰিত লক্ষ্যত সদায় আঘাত কৰাৰ বাবে জনাজাত।
-
হেইমডাল
হেইমডাল (ইংৰাজী: Heimdall) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। তেওঁ অডিন আৰু ৯ গৰাকী মাতৃৰ সন্তান। হেইমডালে নিজৰ বাসস্থান, য'ত জ্বলি থকা ৰামধেনুৰ দলং বাইফ্ৰষ্টে আকাশৰ সৈতে মিলিত হয়, সেই হাইমিনবজৰ্গৰ পৰা আক্ৰমণকাৰী আৰু ৰাগনৰকৰ আৰম্ভণিৰ ওপৰত চকু ৰাখে।
-
আস্ক আৰু এম্বলা
আস্ক আৰু এম্বলা (ইংৰাজী: Ask and Embla; পুৰণি নৰ্ছ ভাষা: Askr ok Embla) — ক্ৰমে পুৰুষ আৰু মহিলা — আছিল নৰ্ছ পৌৰাণিক কাহিনীমতে দেৱতাই সৃষ্টি কৰা মানুহৰ প্ৰথম দুই সদস্য।
-
ম্যলনিৰ
ম্যলনিৰ (ইংৰাজী: Mjölnir) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ বিজুলীৰ দেৱতা থৰৰ হাতুৰী। এই হাতুৰীটোক বিধ্বংসী অস্ত্ৰ হিচাপে আৰু আশীৰ্বাদ প্ৰদানৰ ঐশ্বৰিক আহিলা হিচাপে ব্যৱহাৰ কৰা হয়।
-
ৰাগনৰক
ৰাগনৰক (ইংৰাজী: Ragnarök,) নৰ্ছ শ্ৰুতিকথাত বৰ্ণনা কৰা এলানী ভৱিষ্যত পৰিঘটনাৰ শৃংখলা৷ এই পৰিঘটনাবোৰৰ ভিতৰত অসংখ্য মহান নৰ্ছ পৌৰাণিক ব্যক্তিত্বসমূহ বিনষ্ট হ'ব (দেৱতা অডিন, থৰ, টাইৰ, ফ্ৰেয়াৰ, হেইমডাল আৰু ল’কিকে ধৰি) বুলি উল্লেখ কৰা এখন বৃহৎ যুদ্ধও অন্তৰ্ভুক্ত৷ ৰাগনৰক ফলত পৃথিৱীখন জ্বলি যোৱাকে ধৰি এক…
-
হেল (পৌৰাণিক সত্তা)
হেল (ইংৰাজী: Hel; প্ৰাচীন নৰ্ছ ভাষা: hel, আক্ষৰিক অৰ্থ: 'ভূগৰ্ভ') হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ এগৰাকী নাৰী সত্তা যিয়ে একে নামৰ এখন পাতাল ৰাজ্যত ৰাজত্ব কৰে বুলি কোৱা হয়। পূৰ্বৰ পৰম্পৰাগত উৎসৰ পৰা ত্ৰয়োদশ শতিকাত সংকলিত কাব্যিক এড্ডা আৰু ত্ৰয়োদশ শতিকাত লিখা গদ্য এড্ডাত হেলৰ উল্লেখ পোৱা গৈছে।