অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হেকুবা

হেকুবা (/ˈhɛkjʊbə/; হেকাবেও; প্ৰাচীন গ্ৰীক: Ἑκάβη, ইংৰাজী: Hecuba) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী ৰাণী৷ ট্ৰজান যুদ্ধৰ সময় ছোৱাত তেওঁ ট্ৰয়ৰ ৰজা প্ৰিয়ামৰ পত্নী আছিল।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

হেকুবা (/ˈhɛkjʊbə/; হেকাবেও; প্ৰাচীন গ্ৰীক: Ἑκάβη, ইংৰাজী: Hecuba) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী ৰাণী৷ ট্ৰজান যুদ্ধৰ সময় ছোৱাত তেওঁ ট্ৰয়ৰ ৰজা প্ৰিয়ামৰ পত্নী আছিল।১

বিৱৰণ

হেকুবাক বুৰঞ্জীকাৰ মালালাছে তেওঁৰ ক্ৰ'ন'গ্ৰাফীৰ (Chronography) বিৱৰণীত "ক'লা বৰণৰ, সুন্দৰ চকু, প্ৰাপ্তবয়স্ক, দীঘল নাক, ধুনীয়া, উদাৰ, বকপটু, শান্ত" বুলি বৰ্ণনা কৰিছিল।২ ইফালে ডেৰেছ দ্য ফ্ৰিজিয়ানৰ বিৱৰণীত তেওঁক "... ধুনীয়া, তেওঁ ডাঙৰ আকৃতিৰ, বৰণ ক'লা। তেওঁ মতা মানুহৰ দৰে চিন্তা কৰিছিল আৰু ধৰ্মপৰায়ণ আৰু ন্যায়পৰায়ণ আছিল।" বুলি বৰ্ণনা কৰিছে৷৩

কিংবদন্তি

মহাকাব্য ইলিয়াডত হেকুবাক ছবাৰ দেখা যায়। কিংবদন্তি মতে তেওঁ চহৰলৈ উভতি অহাৰ লগে লগে হেক্টৰক লগ পায় আৰু লিবাচন পিয়লাটো আগবঢ়ায় পিয়লাটো জ্যুচক আগবঢ়োৱাৰ লগতে হেক্টৰকো তাৰ পৰা পান কৰিবলৈ নিৰ্দেশ দিয়ে। হেক্টৰৰ পৰামৰ্শ লৈ তেওঁ আলেকজেণ্ডাৰৰ ধনৰ পৰা লোৱা গাউন এটা বাছি লৈ দেৱীক প্ৰসাদ হিচাপে দিয়ে আৰু সহায়ৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ট্ৰ’জান মহিলাসকলক এথেনাৰ মন্দিৰলৈ লৈ যায়। তেওঁ হেক্টৰক একিলিছৰ লগত যুদ্ধ নকৰিবলৈ অনুৰোধ কৰে৷ পৰৱৰ্তী সময়ত প্ৰিয়ামে একিলিছৰ জুপুৰিৰ পৰা হেক্টৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ পৰিকল্পনা শুনি তেওঁ উদ্বিগ্ন হৈ পৰে। সেই একেটা খণ্ডতে তেওঁ প্ৰিয়ামক লিবাচন পিয়লাটো আগবঢ়ায় আৰু জ্যুছৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ নিৰ্দেশ দিয়ে যাতে তেওঁ আখিয়ান শিবিৰৰ ফালে যোৱাত সফলতা লাভ কৰিব পাৰে। প্ৰথম খণ্ডটোত হেক্টৰে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে কিন্তু প্ৰিয়ামে গ্ৰহণ কৰে আৰু আশানুৰূপ সফলতা লাভ কৰে। শেষত তেওঁ হেক্টৰৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰে।

তথ্যসূত্ৰ

  1. ↑ The American Heritage Dictionary of the English Language, Fourth Edition: "Hecuba"
  2. ↑ Malalas, Chronography 5.106
  3. ↑ Dares Phrygius, History of the Fall of Troy 12

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেকুবা” প্ৰবন্ধৰ সংশোধন ৪৮০৫২৩ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।