হেইডি (Heidi) দুটা খণ্ডত প্ৰকাশিত এক ছুইজাৰলেণ্ড দেশীয় কল্প কাহিনী, প্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্ৰমণৰ কালছোৱা (Heidi's years of learning and travel, Heidis Lehr- und Wanderjahre) আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে (Heidi makes use of what she has learned, Heidi kann brauchen, was es gelernt hat)।১ আল্প্ছ পৰ্বতীয় অঞ্চলত থকা ককাদেউতাকৰ তত্ত্বাৱধানত ডাঙৰ হোৱা হেইডি নামৰ কণমানি ছোৱালীজনীৰ জীৱনত ঘটা ঘটনাবোৰৰ ওপৰত এই উপন্যাসখন ৰচিত। ১৮৮০ চনত ছুইছ লেখিকা য়'হানা স্পাইৰিয়ে শিশু আৰু শিশুপ্ৰেমী সকলৰ বাবে (ইয়াৰ উপশীৰ্ষকৰ পৰা আহৰণ কৰা মতে) ইয়াক ৰচনা কৰে।
হেইডি সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা উপন্যাসসমূহৰ ভিতৰত এখন আৰু ছুইছ সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যকৰ্মসমূহৰ ভিতৰত অন্যতম।২৩
কাহিনীৰ সাৰাংশ

এডেলহেইড (যাক সকলোৱে হেইডি বুলি চিনি পায়) এজনী সৰু ছোৱালী যাক মাক দেউতাকৰ মৃত্যুৰ পিছত মাহীয়েক ডেটিয়ে কিছুবছৰ ডাঙৰ দীঘল কৰে। হেইডিৰ পাঁচ বছৰ বয়সত ডেটিয়ে তাইক গাঁৱৰ মানুহবোৰৰ পৰা সদায়ে আঁতৰি থকা এম খুড়া হিচাপে পৰিচিত হেইডিৰ ককাদেউতাকৰ ঘৰত থৈ আহে।
প্ৰথমাৱস্থাত হেইডি অহাক লৈ তেওঁ খুব অসন্তুষ্ট হয় কিন্তু হেইডিয়ে তেওঁৰ কঠোৰ আৱৰণৰ ভিতৰত লুকাই থকা সৰলমনা মানুহজনক চিনি পাই আৰু দুয়ো দুয়োৰে সংগ উপভোগ কৰিবলৈ লয়। তাত হেইডি পিটাৰ নামৰ ছাগলীৰখীয়া ল'ৰা এটাৰ লগত অন্তৰংগ বন্ধু হৈ পৰে। তিনি বছৰ পিছত ডেটিয়ে হেইডিক ১২ বছৰীয়া ক্লাৰা ছেছমেন নামৰ বেমাৰী ছোৱালী এজনীৰ সংগী হ'বলৈ ফ্ৰেংকফুৰ্টলৈ লৈ যায়। সময়ে সময়ে গৃহপৰিচাৰিকা ফ্ৰলিন ৰটেনমেয়াৰৰ লগত খকা-খুন্দা লাগি থাকি হেইডিয়ে ক্লাৰাৰ লগত এবছৰ কাল কটায় আৰু উভতি আহিবলৈ উত্ৰাৱল হৈ পৰে। ঘৰলৈ গৈ পিটাৰৰ অন্ধ বুঢ়ীমাকক সাধু পঢ়ি শুনাবলৈ হেইডিয়ে পঢ়া শুনা শিকিবলৈ মন মেলে। হেইডিৰ ক্ৰমাত্ পৰি অহা স্বাস্থ্য আৰু টোপনিত খোজ কাঢ়িবলৈ লোৱা বেমাৰ দেখি ক্লাৰাৰ ডাক্তৰে হেইডিক ঘৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। হেইডিক আগবঢ়াই আনিবলৈ বহুবছৰৰ মূৰত ককাদেউতাকে গাঁৱলৈ নামি যায় আৰু তেওঁ পুনৰ গাঁওবাসীৰ ওচৰ চাপি যায়।
হেইডি আৰু ক্লাৰাৰ বন্ধুত্ব অটুট থাকে আৰু ডাক্তৰৰ পৰামৰ্শমতে হেইডিহঁতৰ ঘৰলৈ গ্ৰীষ্মকালটো কটাবলৈ আহে। ছাগলীৰ গাখীৰ আৰু সতেজ পাহাৰীয়া বতাহে ক্ৰমে ক্লাৰাক সুস্থ কৰি তোলে। ইপিনে হেইডিয়ে পিটাৰকো লিখা পঢ়া শিকাই। কিন্তু হেইডিয়ে ক্লাৰাক অধিক গুৰুত্ব দিয়াত সি ঈৰ্ষান্বিত হয় আৰু ক্লাৰাৰ হুইলচেয়াৰখন পাহাৰৰ পৰা তললৈ পেলাই দিয়ে। হুইলচেয়াৰখন নথকাত ক্লাৰাই খোজ কাঢ়িবলৈ চেষ্টা কৰে আৰু সফল হয়। এয়া দেখি ক্লাৰাৰ পৰিয়ালৰ সকলোটি আনন্দত আত্মহাৰা হয় আৰু ককাদেউতাকে নোৱাৰা হ'লে হেইডিক আশ্ৰয় দিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
চলচ্চিত্ৰ, টেলিভিছন আৰু মঞ্চ অভিযোজন
হেইডিৰ মূল কাহিনীৰ পৰা প্ৰায় ২০খন চলচ্চিত্ৰ তথা ধাৰাবাহিক নিৰ্মাণ কৰা হৈছে। এই ছবিসমূহ সকলোতে জনপ্ৰিয় হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশত এনিমেছন ছবিৰ এক আদৰ্শ স্থাপন কৰিছিল। যদিও কিতাপখনত হেইডিক কলা, কেঁকোৰা চুলিৰ ছোৱালী হিচাপে বৰ্ণনা কৰা হয়, অধিকাংশ ছবিতেই তাইক সোণালীচুলীয়া হিচাপেহে চিহ্নিত কৰা হৈছে। এই ছবি তথা ধাৰাবাহিক সমূহ আছিল:
- হেইডি, ১৯৩৭ চনত নিৰ্মিত এক ছবি যত শ্বাৰ্লি টেম্পলে নাম ভূমিকাত অভিনয় কৰিছিল।
- হেইডি, ১৯৫২ চনত ছুইছ জাৰ্মান আৰু জাৰ্মান ভাষাত নিৰ্মিত, লুইগি কমেনচিনি নিৰ্দেশিত, ইছবেথ চিগমাণ্ড অভিনীত এক ছবি যাৰ ১৯৫৫ চনত "হেইডি আৰু পিটাৰ" নামৰ এক ছিকুৱেল নিৰ্মাণ কৰা হয় য'ত ইছবেথ চিগমাণ্ডেই অভিনয় কৰিছিল আৰু যাৰ নিৰ্দেশক আছিল ফ্ৰেঞ্জ স্নাইডাৰ।
- হেইডি, ৰ্গাল অফ দ্য এল্পছ, ১৯৭৪ চনত ইছাও টাকাহাটাৰ দ্বাৰা নিৰ্দেশিত এক জাপানী এনিমেশ্যন শৃংখলা যাৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। ইয়াৰ পৰা পিছত দ্য ষ্ট'ৰী অফ হেইডি নামৰ এক ইংৰাজী ভাষী ছবি নিৰ্মিত হয়।
- হেইডি, ১৯৭৪ চনত এমা ব্লেক অভিনীত বি.বি.চিৰ দ্বাৰা নিৰ্মিত ছবি।
- হেইডিজ চং, ১৯৮২ চনত হানা বাৰবেৰা নিৰ্দেশিত এক চলচ্চিত্ৰ।
- হেইডি, ১৯৯৫ চনত নিৰ্মিত এক এনিমেছন ছবি।
- হেইডি, ২০০৫ চনত নিৰ্মিত এক এনিমেছন ছবি।
- হেইডি, ২০০৫ চনত নিৰ্মিত পল মাৰ্কাছ নিৰ্দেশিত এক কথাছবি।
- হেইডি ফৰ পজ, ২০০৮ চনত নিৰ্মিত এক ধেমেলীয়া ছবি।
হেইডিলেণ্ড

হেইডিৰ নাম অনুসাৰে নাম ৰখা হেইডিলেণ্ড ছুইজাৰলেণ্ডৰ এক জনপ্ৰিয় পৰ্য্যটনস্থলী, যি জাপানীসকলৰ মাজত অধিক জনপ্ৰিয়।৪ ই বিণ্ডনাৰ হাশ্বেফ্ট নামৰ ঠাইটুকুৰাত অৱস্থিত।৪
ছিকুৱেল
ইয়াৰ পিছৰ দুখন উপন্যাস হেইডি গ্ৰ'জ আপ আৰু হেইডিজ চিলড্ৰেন স্পাইৰিয়ে লিখা নাছিল। ইয়াক স্পাইৰিৰ সাহিত্যকৰ্মৰ ইংৰাজী অনুবাদিকা চাৰ্লছ ট্ৰিটেনে স্পাইৰিৰ মৃত্যুৰ বহুবছৰ পিছত অন্য কিছুমান সাহিত্য কৰ্মৰ পৰা আহৰণ কৰিছিল।
মূল হেইডি আৰু টিটেনৰ হেইডি গ্ৰন্থসমূহৰ মাজত বহুতো পাৰ্থক্য পৰিলিক্ষিত হয়। সেইবোৰ হ'ল
স্পাইৰিৰ মূল হেইডিত হেইডিৰ সৰল জীৱন আৰু শিশু তথা শৈশৱৰ প্ৰতি থকা টানৰ কথা কোৱা হৈছে। স্পাইৰিয়ে নিজেই কৈছে যে এই কিতাপখন "শিশুৰ বাবে আৰু তেওঁলোকৰ বাবে যিয়ে শিশুক ভাল পায়। " কিন্তু বাকী দুখন কিতাপত বিবাহৰ পিছত হেইডিক বেলেগ ধৰণে অংকন কৰা হৈছে। মূল কিতাপখনত পাঁচৰ পৰা আঠ বছৰীয়া হেইডিক চুটি, ক'লা কেঁকোৰা চুলীয়া হিচাপে বৰ্ণনা কৰা হৈছে। ডাঙৰ হৈ চৈধ্য বছৰীয়া হোৱাত তাইৰ চুলিখিনি দীঘল, পোন আৰু শুভ্ৰ হৈ পৰে। কিছুমান ইংৰাজী সংস্কৰণত হেইডিৰ ছাগলী দুটাৰ নামো সলনি কৰা হৈছে।
হেইডিৰ প্ৰেৰণা
২০১০ চনৰ এপ্ৰিল মাহত ছুইজাৰলেণ্ডৰ পিটাৰ বুৱেটনাৰে ১৮৩০ চনতে জাৰ্মান লেখক হাৰ্মান এডাম ভন কম্পে লিখা কিতাপ এখনৰ কথা পোহৰলৈ আনে। ইয়াৰ নাম "আছিল এডেলেইড দ্য গাৰ্ল ফ্ৰম দ্য এল্প্ছ" (Adelaide, das Mädchen vom Alpengebirge)। কাহিনী আৰু চৰিত্ৰায়ণত দুয়োখন কিতাপৰে বিশেষ সাদৃশ্য আছিল।৫ স্পাইৰিৰ জীৱনীকাৰ ৰেজিন ছিন্দলাৰৰ মতে এক শৈক্ষিক পৰিৱেশত জন্ম লাভ কৰা স্পাইৰিয়ে এই কাহিনীটোৰ লগত সৰুৰে পৰা পৰিচিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।
তথ্যসূত্ৰ
- ↑ Nathan Haskell Dole, translator of the 1899 edition
- ↑ Swiss Literature (old link). revue.ch
- ↑ Swiss Literature. admin.ch
- ↑ Abend, Bernhard. (2006). Schweiz. Baedeker. পৃ. 145–46. ISBN 978-3-8297-1071-8
- ↑ Basis for Heidi. Heidi inspiration
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেইডি” প্ৰবন্ধৰ সংশোধন ৩৮৩৩১২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।