অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হিমবন্ত

হিমবন্ত (ইংৰাজী: Himavanta) এখন কিংবদন্তিমূলক অৰণ্য, এই অৰণ্যখনক হিমমানপন (Himmanpan) পৰ্বত বুলিও কোৱা হয়, এই হিমালয়ত অৱস্থিত বুলি কোৱা হয়। হিমবন্ত থাই সাহিত্যৰ ত্ৰিভূমিকথা (Traibhumikatha) নামৰ এক কাহিনীত বৰ্ণনা কৰা হৈছে য'ত কোৱা হৈছে যে হিমবন্ত হৈছে এনে এখন অৰণ্য য'ত বহুতো বৈচিত্ৰময় পৌৰাণিক…

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হিমবন্ত (ইংৰাজী: Himavanta) এখন কিংবদন্তিমূলক অৰণ্য, এই অৰণ্যখনক হিমমানপন (Himmanpan) পৰ্বত বুলিও কোৱা হয়, এই হিমালয়ত অৱস্থিত বুলি কোৱা হয়। হিমবন্ত থাই সাহিত্যৰ ত্ৰিভূমিকথা (Traibhumikatha) নামৰ এক কাহিনীত বৰ্ণনা কৰা হৈছে য'ত কোৱা হৈছে যে হিমবন্ত হৈছে এনে এখন অৰণ্য য'ত বহুতো বৈচিত্ৰময় পৌৰাণিক জীৱ যেনে ফায়া নাগ, ফায়া ক্ৰুট, আৰু কিন্নৰী, আত্মা বা আনকি দেৱ-দেৱীও বাস কৰে।

থাই লোককথাত সততে উল্লেখ কৰা পৌৰাণিক নাৰিফন গছো ইয়াত গজি উঠে বুলি কোৱা হয়। হিমবন্তৰ কাহিনী আৰু বিদ্যমান তিনি ভূখণ্ডৰ ব্যাখ্যা ছি সাতচানালাইৰ দাৰ্শনিক-ৰজা ফায়া লিথাইয়ে লিখিছিল। হিমবন্ত অৰণ্য যিহেতু বৌদ্ধ ব্ৰহ্মাণ্ডবিজ্ঞানৰ সৈতে জড়িত, সেয়েহে ই বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লগতে অন্যান্য ধৰ্মৰ বিশ্বাস, সংস্কৃতি আৰু শিল্পকৰ্মক গভীৰভাৱে প্ৰভাৱিত কৰে।

বাসিন্দা

গবিল্লাপাক্সা (Gabillapaksa) হৈছে আধা বান্দৰ, আধা চৰাই, কান্ধত ডেউকা, চৰাইৰ ঠেং আৰু ক’লা নোমযুক্ত কিংবদন্তীমূলক জীৱ। ইয়াৰ কঁকালৰ ওপৰত অংশ চিমিয়ানৰ দৰে, আৰু তলত অংশ চৰাইৰ দৰে। এক নতুন প্ৰকাৰৰ মিশ্ৰিত প্ৰাণী হিচাপে এই জীৱটোৰ বিষয়ে ৰামায়ণতো বৰ্ণনা হৈছিল।১

কিন্নৰী আৰু কিন্নৰৰ শৰীৰৰ ওপৰৰ অংশ মানুহৰ দৰে, আৰু তলৰ অংশ পক্ষীৰ দৰে, ডেউকাৰ সহায়ত উৰিব পাৰে। কিংবদন্তি অনুসৰি তেওঁলোক ক্ৰাইলাছ পৰ্বতৰ পাদদেশৰ হিমবন্ত অৰণ্যত বাস কৰে। থাইলেণ্ডৰ বহু শিল্পকৰ্মতো ইহঁতক সঘনাই চিত্ৰিত কৰা হয়।১

গৰুড় (থাই: ครุฑ) এবিধ পক্ষী সদৃশ জন্তু, আৰু ভগৱান বিষ্ণুৰ বাহন। অমৰ অৰ্ধ-ঈগলৰ ৰূপী গৰুড়ক কোনো অস্ত্ৰই ক্ষতি কৰিব নোৱাৰে, আনকি ইন্দ্ৰৰ বজ্ৰইয়ো ক্ষতি কৰিব নোৱাৰে।১ গৰুড়ৰ আন এটা নাম আছে, সুবান (থাই: สุบรรณ), যাৰ অৰ্থ হৈছে "যাদুকৰী পোছাক।" গৰুড় ডাঙৰ, অতি শক্তিশালী, দ্ৰুততাৰে উৰিব পাৰে। গৰুড়ৰ বুদ্ধি অতি তীক্ষ্ণ তথা সন্মানীয় বুলি গণ্য কৰা হয়। গৰুড়ক মান ভাষাত গেলন বা নান বেলু আৰু জাপানী ভাষাত কাৰুৰা বোলা হয়।২৩৪

ফায়া নাগ (नाग) অৰ্ধ-মানৱ, অৰ্ধ-সৰ্প আকৃতিৰ এক অৰ্ধ-দৈৱিক জাতি। তেওঁলোকে পাতাললোকত বসবাস কৰে। কোনো কোনো সময়ত পূৰ্ণ বা আংশিকভাৱে মানুহৰ ৰূপ ল'ব পাৰে। শিল্পকলাসমূহতো তেওঁলোকক এইদৰে উপস্থাপন কৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ ส้มป่อย. (2019). ตำนานป่าหิมพานต์. Blockdit
  2. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 314–315. ISBN 978-1-4008-4805-8
  3. ↑ Roshen Dalal. (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃ. 145. ISBN 978-0-14-341421-6
  4. ↑ Helmuth von Glasenapp. (1999). Jainism: An Indian Religion of Salvation. Motilal Banarsidass. পৃ. 532. ISBN 978-81-208-1376-2
  5. ↑ Lord Shiva. sanskritdictionary.com

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমবন্ত” প্ৰবন্ধৰ সংশোধন ৪৭৫৬২৪ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।