ইছলামিক আইন
১০ প্ৰবন্ধ
-
শ্বৰীয়ত
শ্বৰীয়ত বা শ্বৰীয়াহ (; شَريعَة ) হৈছে ইছলামিক পৰম্পৰাৰ এটা অংশ হিচাপে গঠিত ধৰ্মীয় আইনৰ এটা শৰীৰ। ইছলামৰ ধৰ্মীয় উপদেশৰ পৰা উদ্ভৱ হোৱা আৰু ইছলামৰ পবিত্ৰ শাস্ত্ৰ বিশেষকৈ কোৰআন আৰু হাদিছৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।
-
ছুন্নাহ
ছুন্নাহ (ছুন্নত বুলিও কোৱা হয়) (سنة) হৈছে, ইছলামত হজৰত মুহাম্মদৰ পৰম্পৰা আৰু আচাৰ-ব্যৱহাৰক বুজায়। যিয়ে মুছলমানসকলে অনুসৰণ কৰিব পৰাকৈ এক আৰ্হি গঠন কৰে। মুহাম্মদৰ সময়ৰ সকলো মুছলমানে স্পষ্টভাৱে দেখিছিল আৰু অনুসৰণ কৰিছিল আৰু পৰৱৰ্তী প্ৰজন্মলৈও আগবঢ়াইছিল।
-
ফৰজ
ফৰজ (فرض) বা farīḍah (فريضة) বা ফৰ্দ ইছলামত আল্লাহৰ দ্বাৰা আদেশ দিয়া এক ধৰ্মীয় কৰ্তব্য। শব্দটো উৰ্দু, পাৰ্চী, পশতু, তুৰ্কী (বানানযুক্ত ফাৰ্জ), আৰু মালয় (বানান যুক্ত ফাৰ্ডু বা ফাৰধু)ত একে অৰ্থত ব্যৱহাৰ কৰা হয়।
-
হাৰেম
হাৰেম (Harem; حريم ḥarīm; "মহিলাসকলৰ কাৰণে নিৰ্ধাৰিত পবিত্ৰ স্থান, য’ত অন্য পুৰুষৰ প্ৰবেশ নিষিদ্ধ") হৈছে মুছলমান পৰিয়ালত মহিলাসকলৰ বাবে সংৰক্ষিত ঘৰুৱা স্থান।এই ব্যক্তিগত স্থানে পৰম্পৰাগত ভাৱে মহিলাসকলৰ শ্লীলতা, বিশেষাধিকাৰ আৰু সুৰক্ষা বজাই ৰাখে বুলি ভৱা হয়।
-
ফিকহ
ফিকহ (; فقه ) হৈছে ইছলামিক ন্যায়বিজ্ঞানৰ নীতি। ফিকহক প্ৰায়ে শ্বৰীয়তৰ মানৱীয় বুজাবুজি আৰু আচাৰ বুলি বৰ্ণনা কৰা হয়, অৰ্থাৎ কোৰআন আৰু ছুন্নাত (ইছলামিক হজৰত মুহাম্মাদ আৰু তেওঁৰ সংগীসকলৰ শিক্ষা আৰু আচাৰ-ব্যৱহাৰ)ত অৱতীৰ্ণ হোৱা ঐশ্বৰিক ইছলামিক আইনখনৰ বিষয়ে মানুহৰ বুজাবুজি।
-
হাৰাম
হাৰাম (; حَرَام ḥarām ) হৈছে আৰবী ভাষাৰ এটা শব্দ যাৰ অৰ্থ হৈছে ‘নিষিদ্ধ’। ইয়াৰ দ্বাৰা হয় পবিত্ৰ কিবা এটাক বুজোৱা হ’ব পাৰে, য’ত বিশুদ্ধতাৰ অৱস্থাত নথকা বা পবিত্ৰ জ্ঞানৰ প্ৰতি দীক্ষিত নোহোৱা লোকসকলক প্ৰৱেশৰ অনুমতি দিয়া নহয়; বা "পাপপূৰ্ণ কাম যিটো কৰাটো নিষিদ্ধ।" এই শব্দটোৱে "এফালে ৰখা" কিবা এটাকো…
-
জিহাদ
জিহাদ (; جهاد jihād ) শব্দৰ উৎপত্তি হৈছে আৰবী ভাষাৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাপে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা। ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বুজায়।
-
দেনমোহৰ
ইছলামত দেনমোহৰ বা মোহৰ (in مهر; مهريه; mehir; mahar; মেহৰ, মেহেৰ, মেহৰিয়ে, বা মোহৰিয়াহ ও অনুবাদ আৰু উচ্চাৰণ কৰা হয়) হ’ল ইছলামত বিবাহৰ সময়ত কইনাক দিবলগীয় ধন, সম্পত্তি বা কোৰআনৰ আয়াতৰ শিক্ষাৰ ৰূপত ইছলামৰ সময়ত কইনাৰ ওপৰত হোৱা বাধ্যবাধকতা (পেমেণ্টৰ পৰিস্থিতি কেতিয়া আৰু কেনেকৈ দিব লাগে তাৰো…
-
হালাল
হালাল (; حلال ḥalāl ) আৰবী শব্দ যাৰ ইংৰাজী অনুবাদ 'permissible' হয়। কোৰআনত হালাল শব্দটোৰ বিপৰীতে হাৰাম ('forbidden') শব্দটো দেখা গৈছে। এই বাইনাৰী বিৰোধিতাক "পাঁচটা সিদ্ধান্ত" নামেৰে জনাজাত অধিক জটিল শ্ৰেণীবিভাজনত বিশদভাৱে উল্লেখ কৰা হৈছিল: বাধ্যতামূলক, পৰামৰ্শ দিয়া, নিৰপেক্ষ, নিন্দনীয় আৰু…
-
ইস্তিগফাৰ
ইস্তিগফাৰ (ইংৰাজী: Istighfar; আৰবী: استغفار istiġfār)। ইয়াৰ উপৰিও আস্তাগফিৰুল্লাহ ব্যৱহাৰ কৰা হয়- (ইংৰাজী: Astaghfirullah; আৰবী: أستغفر الله ʾastaġfiru l-lāh)ইয়াৰ অৰ্থ হ'ল আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।