অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাদিজা আলিয়ু

হাদিজা আলিয়ু (জন্ম: ১ জুন ১৯৮৯), যাক হাদিজা গাবন বুলিও কোৱা হয়, এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে হাউছা আৰু ইংৰাজী ভাষাৰ ছবিত অভিনয় কৰে। তেওঁ এমটিএন নাইজেৰিয়া আৰু ইণ্ডোমি নুডলছৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰে।

হালনাগাদ: ২৮ জুন ২০২৬ ৩৬৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হাদিজা আলিয়ু (জন্ম: ১ জুন ১৯৮৯),১ যাক হাদিজা গাবন বুলিও কোৱা হয়, এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে হাউছা আৰু ইংৰাজী ভাষা ভাষাৰ ছবিত অভিনয় কৰে।২ তেওঁ এমটিএন নাইজেৰিয়া আৰু ইণ্ডোমি নুডলছৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰে।৩৪ আলিয়ুৱে ২০১৩ চনৰ বেষ্ট অৱ নলীউড বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল৫ আৰু ২০১৪ চনত ২য় কেনিউড/এমটিএন বঁটাত জয়ী হৈছিল। তেওঁ এইচএজি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।

প্ৰাথমিক জীৱন আৰু পৰিয়াল

১৯৮৯ চনৰ ১ জুনত গেবনৰ লিব্ৰেভিলত জন্মগ্ৰহণ কৰা হাদিজা আলিয়ু জ্যেষ্ঠ ৰাষ্ট্ৰনেতা মাল্লাম আলিয়ুৰ কন্যা।৬ তেওঁ পিতৃৰ ফালৰ পৰা গাবোনী বংশৰ আৰু মাতৃৰ ফালৰ পৰা নাইজেৰিয়াৰ আদামাৱা ৰাজ্যৰ ফুলানী বংশোদ্ভূত।৭ আলিয়ুৱে জন্ম দেশত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল।৮ তেওঁ উকীল হোৱাৰ লক্ষ্যৰে এ-লেভেল পৰীক্ষা দিছিল আৰু পিছলৈ আইন বিষয়ত অধ্যয়ন আৰম্ভ কৰিছিল। কিন্তু কিছুমান সমস্যাৰ বাবে বিশ্ববিদ্যালয়ৰ অধ্যয়ন ত্যাগ কৰিবলগীয়া হৈছিল। তাৰ পিছত তেওঁ ফৰাচী ভাষাত ডিপ্লমা গ্ৰহণ কৰি ব্যক্তিগত বিদ্যালয়ত ফৰাচী ভাষাৰ শিক্ষক হিচাপে কাম কৰিছিল।৯

অভিনয় কেৰিয়াৰ

গেবনৰ পৰা নাইজেৰিয়ালৈ অহাৰ পিছত আলিয়ুৱে কেনিউড চলচ্চিত্ৰ উদ্যোগত যোগদান কৰে। তেওঁ খুলশালীয়েকৰ সৈতে আদামাৱাৰ পৰা কাডুনালৈ স্থানান্তৰিত হৈছিল। কাডুনাত উপস্থিত হোৱাৰ কিছুদিন পিছতে তেওঁ আলী নুহুক লগ পাই অভিনেত্ৰী হ'বলৈ সহায় বিচাৰিছিল।১০ ২০০৯ চনত ‘আৰ্টাবু’ চলচ্চিত্ৰত তেওঁ অভিষেক কৰে আৰু পিছলৈ হাউছা চলচ্চিত্ৰ উদ্যোগত বিশেষ খ্যাতি লাভ কৰে।১১

আলিয়ু, আলী নুহু, ছানি মুছা ডাঞ্জা, ইয়াকুবু মহম্মদ, মৰিয়াম বুথ আৰু ৰহামা ছাদাউৰ দৰে ২০১৭ চনত নলীউড চলচ্চিত্ৰ উদ্যোগত যোগদান কৰে।১২ তেওঁ নিজৰ প্ৰথম নলীউড চলচ্চিত্ৰ ‘লেগছ ৰিয়েল ফেইক লাইফ’ত অভিনয় কৰে, য’ত মাইক এজুৰুওন্যে, মাৰ্ক এঞ্জেল আৰু ইমানুৱেল্লাৰ সৈতে দেখা যায়।১৩১৪

সন্মান আৰু বঁটা

হাদিজা আলিয়ু গাবন
হাদিজা আলিয়ু গাবনছবি: Uncle Bash007 · CC BY-SA 4.0

আলিয়ুৱে কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছে, যাৰ ভিতৰত ২০১৩ চনৰ বেষ্ট অৱ নলীউড বঁটা আৰু ২০১৪ চনৰ ২য় কেনিউড/এমটিএন বঁটা উল্লেখযোগ্য। ২০১৩ চনত তেওঁক তেতিয়াৰ কানো ৰাজ্যৰ ৰাজ্যপাল ড° ৰাবিউ মুছা ক্বাঙ্কৱাছোৱে অভিনেত্ৰী হিচাপে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে সন্মানিত কৰিছিল। তেওঁ আফ্ৰিকান হলিউড বঁটাতো শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।১৫

ব্ৰেণ্ড এম্বেছাদৰ

২০১৮ চনৰ ডিচেম্বৰত আলিয়ুক ডেংগোটে গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান নাসকন এলাইড পিএলচিয়ে কানো চহৰত ডেংগোটে ক্লাছিক ছিজনিং সামগ্ৰীৰ আনুষ্ঠানিক উন্মোচনৰ সময়ত ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰে।১৬১৭১৮

দানশীল কাৰ্যকলাপ

২০১৬ চনত আলিয়ুৱে এইচএজি ফাউণ্ডেশ্যন নামৰ এটা দাতব্য সংস্থা প্ৰতিষ্ঠা কৰে,১৯ যাৰ লক্ষ্য হৈছে শিক্ষা, স্বাস্থ্যসেৱা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়াই সাধাৰণ লোকৰ জীৱনমান উন্নত কৰা।২০

২০১৬ চনৰ মাৰ্চ মাহত আলিয়ুৱে কানো ৰাজ্যৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ শিবিৰ পৰিদৰ্শন কৰি খাদ্য সামগ্ৰী, বস্ত্ৰ আৰু শিবিৰবাসীসকলৰ প্ৰয়োজনীয় আন সামগ্ৰী দান কৰে, যিসকল উত্তৰ নাইজেৰিয়াৰ হিংসাত্মক পৰিস্থিতিৰ ফলত স্থানচ্যুত হৈছিল।২১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hadiza Aliyu
  2. ↑ (2019-11-30). 10 Kannywood beauties rocking the movie screens. Vanguard News
  3. ↑ Quasim, Adedamola. (2022-06-16). Five things to know about actress, Hadiza Gabon. Daily Trust
  4. ↑ Vasetenkov, Anton. Hadiza Aliyu. Cofactor
  5. ↑ Webmaster. (2016-11-06). Kannywood actress Hadiza Gabon named Best Supporting act at Africa Films award. Daily Trust
  6. ↑ All Africa. Nigeria: I Had to Learn Hausa to Feature in Kannywood - Hadiza Gabon. Amina Alhassan and Mulikat Mukaila
  7. ↑ I want to settle down – Gabon - Blueprint
  8. ↑ Gabon Official
  9. ↑ (2021-03-13). I'm keen in offering humanitarian assistance – Hadiza Gabon. Daily Trust
  10. ↑ Husseini, Shuaibu. (12 November 2016). Gold for Kannywood's shinning star, Hadiza Gabon, from Queensland. The Guardian Nigeria News - Nigeria and World News
  11. ↑ Hadiza Gabon - HausaFilms.tv
  12. ↑ Lere, Muhammad. (21 September 2017). Kannywood: Hadiza Gabon features in first Nollywood movie - Premium Times Nigeria. Premium Times
  13. ↑ Elites, The. (21 September 2017). Famous Kannywood Actress Hadiza Aliyu Gabon, Debuts In Nollywood Movie. The Elites Nigeria
  14. ↑ (10 October 2018). The trailer for Mike Ezuruonye's new movie 'Lagos Real Fake Life' isn't quite there yet » YNaija. YNaija
  15. ↑ Pax Nigerian. Hadiza Gabon, Usman Uzee honoured at African Hollywood Awards – Best Nigeria News. Pax Nigerian
  16. ↑ (17 December 2018). NASCON introduces Dangote classic seasoning into Kano market. Businessday NG
  17. ↑ NASCON launches New Dangote Classic Seasoning Cubes. NASCON launches New Dangote Classic Seasoning Cubes
  18. ↑ (16 July 2019). Brand Ambassador Market Tour. NASCON
  19. ↑ HAG Foundation - Committed to Serving Humanity. HAG Foundation
  20. ↑ Giginyu, Ibrahim Musa. (2021-03-13). I'm keen in offering humanitarian assistance – Hadiza Gabon. Daily Trust
  21. ↑ Hadiza Gabon enlivens IDP camp. Daily Trust

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাদিজা আলিয়ু” প্ৰবন্ধৰ সংশোধন ৬১৪৭৬৯ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।