হাজিয়া চ'ফিয়া (Ayasofya, Ἁγία Σοφία; অৰ্থাৎ “পবিত্ৰ জ্ঞান”) হৈছে তুৰস্কৰ ইস্তানবুল চহৰত অৱস্থিত এটা ঐতিহাসিক স্থাপত্য। এইটো মূলতে এটা বাইজেণ্টাইনত খ্ৰীষ্টধৰ্ম ধৰ্মৰ গীৰ্জা হিচাপে ৫৩৭ খ্ৰীষ্টাব্দত জুষ্টিনিয়ান প্ৰথমে নিৰ্মাণ কৰিছিল।১ ১৪৫৩ চনত কনষ্টেন্টিনোপলৰ পতনৰ পিছত ই মছজিদ হিচাপে কাম কৰে, কিছু সময়ৰ পিছত ইয়াৰ মিনাৰসমূহ সংযোজন কৰা হয়। ১৯৩৫ চনত এই স্থান সংগ্ৰহালয় হিচাপে পৰিগণিত হয়, আৰু ২০২০ চনত মছজিদ হিচাপে পুনৰ নিৰ্ধাৰণ কৰা হয়।২০২৪ চনত মছজিদৰ ওপৰৰ মহলাটোৱে পুনৰবাৰ সংগ্ৰহালয় হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।
ইতিহাস
গীৰ্জা হিচাপে (৩৬০–১৪৫৩)
প্ৰথম গীৰ্জাটো ৩৬০ চনত সম্ৰাট কনষ্টাণ্টিনৰ পুত্ৰ কনষ্টাণ্টিউছ দ্বিতীয়ই নিৰ্মাণ কৰিছিল, যদিও ই অগ্নিকাণ্ডত ধ্বংস হয়। বৰ্তমান হাজিয়া চ'ফিয়া যি ৰূপত দেখা যায়, সেইটো ৫৩২–৫৩৭ সময়ছোৱাত Anthemius of Tralles আৰু Isidorus of Miletus–ৰ নেতৃত্বত নিৰ্মাণ কৰা হৈছিল।১
এই গীৰ্জাটো Eastern Orthodox Church–ৰ মুখ্য কেথেড্ৰাল আছিল, আৰু প্ৰায় ৯০০ বছৰৰো অধিককাল ধৰি ই পেট্ৰিয়াৰ্ক অফ কনষ্টাণ্টিনোপলৰ আসন আছিল।২
মছজিদ হিচাপে (১৪৫৩–১৯৩৫)
১৪৫৩ চনত অটোমান চুলতান মেহমেদ দ্বিতীয়ই কনষ্টাণ্টিনোপল দখল কৰাৰ পিছত হাজিয়া চ'ফিয়াক মছজিদলৈ ৰূপান্তৰ কৰে। তাত মিনাৰ, মিহ্ৰাব, মিম্বাৰ আৰু ইছলামিক লিপি সংযোজন কৰা হয়।৩
ই অটোমান সাম্ৰাজ্যৰ সৰ্ববৃহৎ আৰু মুখ্য মছজিদ হিচাপে পৰিগণিত হৈছিল বহুদিন ধৰি। খ্ৰীষ্টান চিত্ৰ আৰু মোজাইকসমূহ ঢাকি দিয়া হৈছিল বা চূনেৰে আবৃত কৰা হৈছিল।৪
মিউজিয়াম হিচাপে (১৯৩৫–২০২০)
মুস্তাফা কামাল আটাতুৰ্কৰ নেতৃত্বত তুৰ্কীয় চৰকাৰে ১৯৩৪ চনত হাজিয়া চ'ফিয়াক মিউজিয়াম ঘোষণা কৰে। ১৯৩৫ চনৰ পৰা ইয়াক আনুষ্ঠানিকভাৱে জ্ঞান, সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।৫
১৯৮৫ চনত ই UNESCO বিশ্ব ঐতিহ্য স্থানৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৬
পুনৰ মছজিদ ৰূপে (২০২০–বৰ্তমান)
২০২০ চনৰ ১০ জুলাই তাৰিখে তুৰ্কীৰ উচ্চ আদালতে ১৯৩৪ চনৰ মিউজিয়াম সিদ্ধান্ত বাতিল কৰে আৰু হাজিয়া চ'ফিয়াক পুনৰ মছজিদ ৰূপে ঘোষণা কৰে। এই সিদ্ধান্তক এৰদোয়ানে স্বাক্ষৰ কৰি কাৰ্যকৰী কৰে।৭
২৪ জুলাই ২০২০ তাৰিখে তাত পুনৰ নমাজ অনুষ্ঠিত হয়। যদিও ইয়াৰ মিউজিয়াম ৰূপ অবলম্বন কৰা বৈশিষ্ট্যসমূহ (মোজাইক, ছবি) ৰক্ষিত থাকে, নমাজ সময়ত সেইবোৰ চাদৰে ঢাকি দিয়া হয়।৮
তথ্যসূত্ৰ
- ↑ Hagia Sophia. Encyclopædia Britannica
- ↑ Hagia Sophia: History. History.com
- ↑ Hagia Sophia: Mosque Era. BBC
- ↑ Hagia Sophia converted into mosque. DW
- ↑ Hagia Sophia opens as museum. New York Times
- ↑ Historic Areas of Istanbul. UNESCO
- ↑ Turkey's Erdogan signs decree to convert Hagia Sophia into mosque. Reuters
- ↑ Hagia Sophia holds first prayers since mosque reconversion. Al Jazeera
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাজিয়া চ'ফিয়া” প্ৰবন্ধৰ সংশোধন ৫২১১৭২ (২৮ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।