ডাঃ সৱিতা ভীমৰাও আম্বেদকাৰ (Savita Ambedkar; ২৭ জানুৱাৰী ১৯০৯ - ২৯ মে' ২০০৩) এগৰাকী ভাৰতীয় সমাজকৰ্মী, চিকিৎসক আৰু বি. আৰ. আম্বেদকাৰৰ দ্বিতীয় পত্নী।
বি আৰ আম্বেদকাৰক কিতাপ লিখাৰ সময়ছোৱাত তেওঁ বহুবাৰ তেওঁক সহায় কৰিছিল আৰু তেওঁৰ অন্যতম প্ৰেৰণাৰ উৎস আছিল। আম্বেদকাৰে তেওঁৰ বুদ্ধ আৰু তেওঁৰ ধৰ্ম্ম নামৰ গ্ৰন্থখনৰ প্ৰস্তাৱনাত তেওঁক আঠাইশ বছৰলৈ আয়ুস বৃদ্ধি কৰাৰ কৃতিত্ব দিছিল।১২৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯০৯ চনৰ ২৭ জানুৱাৰীত বম্বেত কবীৰপন্থী পৰিয়ালত শাৰদা কৃষ্ণৰাও কবীৰ নামেৰে জন্ম হৈছিল সৱিতা আম্বেদকাৰৰ। তেওঁৰ মাকৰ নাম জানকী আৰু দেউতাকৰ নাম কৃষ্ণৰাও বিনায়ক কবীৰ। তেওঁৰ পৰিয়ালটো মহাৰাষ্ট্ৰৰ ৰত্নাগিৰি জিলাৰ ৰত্নাগিৰি তহচিলত অৱস্থিত ডৰ্লে গাঁৱৰ। পাছলৈ তেওঁৰ পিতৃয়ে ৰত্নাগিৰিৰ পৰা বোম্বাইলৈ প্ৰব্ৰজন কৰিছিল। ছাৰ ৰাও বাহাদুৰ এছ. কে. বোলে পথত, দাদৰ পশ্চিমত, "কবুতৰখানা" (পাৰ চৰাইৰ ঘৰ)ৰ ওচৰত কবীৰ পৰিয়ালে মাট্ৰুচায়াত থকা ছাহৰুৰ ঘৰত ভাড়াঘৰ লৈছিল।৪৫৬
সৱিতাৰ প্ৰাৰম্ভিক শিক্ষা পুণেত সম্পূৰ্ণ হৈছিল। ১৯৩৭ চনত তেওঁ ব'ম্বেৰ গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা এম.বি.বি.এছ ডিগ্ৰী সম্পূৰ্ণ কৰে। পঢ়া-শুনা সম্পূৰ্ণ হোৱাৰ পাছত তেওঁক গুজৰাটৰ এখন ডাঙৰ চিকিৎসালয়ত প্ৰথম শ্ৰেণীৰ চিকিৎসা বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু কেইমাহমানৰ অসুস্থতাৰ পাছত তেওঁ চাকৰি এৰি ঘৰলৈ উভতি আহে। তেওঁৰ আঠজন ভাই-ভনীৰ ভিতৰত ছয়জনৰ আন্তঃবৰ্ণ বিবাহ হৈছিল। সেই সময়ত ই ভাৰতৰ সামাজিক নিয়ম বিৰুদ্ধ আছিল। সৱিতাই কৈছিল,"আমাৰ পৰিয়ালে আন্তঃবৰ্ণ বিবাহৰ বিৰোধিতা কৰা নাছিল, কিয়নো সমগ্ৰ পৰিয়ালটো শিক্ষিত আৰু প্ৰগতিশীল আছিল।" ৭৪
মৃত্যু
স্বামীৰ মৃত্যুৰ পাছত সৱিতা আম্বেদকাৰ অকলশৰীয়া হৈ পৰিছিল। পাছত তেওঁ কিছু সময়ৰ বাবে পুনৰ দলিত আন্দোলনত যোগদান কৰিছিল। ২০০৩ চনৰ ১৯ এপ্ৰিলত তেওঁ উশাহ লোৱাত অসুবিধা অনুভৱ কৰিছিল আৰু জে. জে. চিকিৎসালয়ত ভৰ্তি হৈছিল। ২০০৩ চনৰ ২৯ মে'ত মুম্বাইৰ জে. জে. চিকিৎসালয়ত ৯৪ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।৮৬
তথ্যসূত্ৰ
- ↑ Pritchett, Frances. 00_pref_unpub. Columbia.edu
- ↑ (3 December 2017). https://www.loksatta.com/lekha-news/the-buddha-and-his-dhamma-dr-b-r-ambedkar-1594868/
- ↑ https://timesofindia.indiatimes.com/india/pm-expresses-grief-over-death-of-savita-ambedkar/articleshow/47857884.cms
- ↑ https://www.patrika.com/noida-news/why-there-was-anger-over-baba-saheb-dr-bhimrao-ambedkar-s-second-marriage-news-in-hindi-1553264/
- ↑ (21 June 2018). https://www.forwardpress.in/2018/06/dr-savita-bhimrao-ambedkar-jinake-lie-ambedkar-se-mahatvpurn-kuchh-bhi-n-tha/
- ↑ (May 29, 2003). https://timesofindia.indiatimes.com/city/mumbai/b-r-ambedkars-widow-passes-away/articleshow/47838403.cms
- ↑ Sukhadeve. Maaisahebanche Agnidivya. Kaushaly Prakashan. পৃ. 17
- ↑ (30 May 2003). President, PM condole Savita Ambedkar's death. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৱিতা আম্বেদকাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৭৭৫৭ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।