পদাৰ্থ বিজ্ঞানত এটা সৰল যন্ত্ৰ হৈছে বলৰ দিশ বা পৰিমাণ সলনি কৰা এটা যান্ত্ৰিক ব্যৱস্থা। ১সাধাৰণতে যান্ত্ৰিক সুবিধা ব্যৱহাৰ কৰি বল বৃদ্ধিৰ ব্যৱস্থাটোক সৰল যন্ত্ৰ বুলি কোৱা হয় ২
এটা সাধাৰণ যন্ত্ৰই এটা বলৰ ক্ৰিয়াৰ জৰিয়তে কাম কৰে। যেতিয়া যন্ত্ৰটোত কোনো বল প্ৰয়োগ কৰা হয়, তেতিয়া ই কাম কৰে আৰু তাৰ ফলত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে। কৰা কামটো অতিক্ৰম কৰা দূৰত্ব আৰু প্ৰয়োগ কৰা বলৰ গুণফলৰ সমান। এটা বিশেষ লক্ষ্যত উপনীত হ’বলৈ প্ৰয়োজন হোৱা কামৰ পৰিমাণ স্থিৰ হৈ থাকে। কিন্তু তুলনামূলকভাৱে দীঘলীয়া দূৰত্বত কম বল প্ৰয়োগ কৰি প্ৰয়োজন হোৱা বলৰ পৰিমাণ হ্ৰাস কৰিব পাৰি। দুটা বলৰ মাত্ৰাৰ অনুপাতক যান্ত্ৰিক সুবিধা বোলা হয়।
প্ৰচলিতভাৱে সৰল যন্ত্ৰই ৰেনেছাঁ যুগৰ বিজ্ঞানীসকলে সংজ্ঞায়িত কৰা তলত দিয়া ৬টা যন্ত্ৰক বুজায়: ৩
- হেলনীয়া মজিয়া ( N )
- চকা-অক্ষদণ্ড ( O )
- লিভাৰ ( T )
- কপিকল বা ক্ৰেন ( U )
- গোঁজ বা ৱেজ ( V [একক ৱেজ]; X [ডাবল ৱেজ])
- স্ক্ৰু ( Y )
দৰাচলতে এই ছয়বিধ সৰল যন্ত্ৰই আধুনিক সকলো জটিল যন্ত্ৰৰ আধাৰ। জটিল আৰু উন্নত যন্ত্ৰ নিৰ্মাণৰ বাবে এইবিলাক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। ২
তথ্যসূত্ৰ
- ↑ Paul, Akshoy; Roy, Pijush. (2005). Mechanical Sciences:Engineering Mechanics and Strength of Materials. Prentice Hall of India. পৃ. 215. ISBN 8120326113
- ↑ Asimov, Isaac. (1988). Understanding Physics. Barnes & Noble. পৃ. 88. ISBN 0880292512
- ↑ Anderson, William Ballantyne. (1914). Physics for Technical Students: Mechanics and Heat. McGraw Hill. পৃ. 112–122
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰল যন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪২২৮ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।