প্ৰাচীন ইজিপ্ট
১০ প্ৰবন্ধ
-
ফাৰাও
ফাৰাও (Pharaoh) হৈছে প্ৰাচীন ইজিপ্টৰ প্ৰথমটো ৰাজবংশৰ পৰা (৩১৫০ খ্ৰীষ্টপূৰ্ব) ৰোমানসকলে অধিগ্ৰহণ কৰালৈকে (৩০ খ্ৰীষ্টপূৰ্ব) সম্ৰাটসকলক বুজাবলৈ বৰ্তমান কালত ব্যৱহাৰ কৰা উপাধি। অৱশ্যে ফাৰাও শব্দটো ১২১০ খ্ৰীষ্টপূৰ্বৰ আগলৈকে অৰ্থাৎ মাৰ্নেপ্টাহৰ ৰাজত্বকালৰ পূৰ্বে সমসাময়িক শাসকসকলে ব্যৱহাৰ কৰা নাছিল।
-
প্ৰাচীন ইজিপ্ট
প্ৰাচীন ইজিপ্ট পৃথিৱীৰ ৬টা প্ৰাচীনতম তথা স্বাধীনভাৱে গঢ় লৈ উঠা সভ্যতাৰ অন্যতম। এই সভ্যতা আফ্ৰিকাৰ উত্তৰ-পূৰ্বাঞ্চলত নীল নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। ৩১৫০ খ্ৰী:পূ:তে প্ৰাচীন ইজিপ্টিয় সভ্যতাৰ উন্মেষ ঘটিছিল। প্ৰথমজন ফাৰাওৰ অধীনত উজনি আৰু নামনি ইজিপ্টক একগোট কৰা হৈছিল।
-
অচাইৰিছ
অচাইৰিছ (Osiris) হৈছে প্ৰাচীন ইজিপ্টৰ উৰ্বৰতা, কৃষি, পৰলোক, মৃত্যু, পুনৰজীৱন আৰু জীৱনৰ দেৱতা। তেওঁৰ গাৰ বৰণ সেউজীয়া। অচিৰিছক ফাৰাওসকলৰ দৰে কৃত্ৰিম দাড়ি, ভৰিত মামীসমূহ মেৰিওৱা বস্ত্ৰ আৰু এটিফ মুকুটেৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁ হাতত হাঁকোটা আৰু ফ্লেইল ধাৰণ কৰে।
-
মামী
মামী (Mummy) হ'ল প্ৰাচীন ইজিপ্টৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা মানুহ (বা আন জীৱৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল।
-
ৰা (সূৰ্যদেৱতা)
ৰা বা ৰে (Ra) হৈছে প্ৰাচীন মিছৰীয় সূৰ্য দেৱতা। খ্ৰীষ্টপূৰ্ব ২৫ আৰু ২৪ শতিকাত পঞ্চম ৰাজবংশৰ দ্বাৰা তেওঁ প্ৰাচীন ইজিপ্টীয় ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা হৈ পৰিছিল। তেওঁক প্ৰধানতঃ দুপৰীয়া ৰ'দৰ সৈতে সংযুক্ত কৰা হয়।
-
ছেট (মিচৰীয় দেৱতা)
ছেট (Set) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ মৰুভূমি, ধুমুহা, বিশৃংখলতা, হিংসা আৰু বিদেশীসকলৰ এজন দেৱতা। প্ৰাচীন গ্ৰীক ভাষাত এই দেৱতাৰ নাম ছেথ (Σήθ) হিচাপে দিয়া হৈছে। ছেটৰ এটা ইতিবাচক ভূমিকাও আছিল য'ত তেওঁ ৰাৰ সৈতে তেওঁ আকাশী নাৱত লৈ আপেপ নামৰ বিশৃংখলতাৰ সৰ্পক বিতাৰণ কৰিবলৈ যায়।
-
অনুবিছ
অনুবিছ ( Anubis, প্ৰাচীন মিচৰীয় ভাষাত Inpu, Inpw, Jnpw) হৈছে প্ৰাচীন মিচৰ ধৰ্মৰ মৃত্যু, মামিকৰণ, মৃতদেহ সংৰক্ষণ, পৰলোক, কবৰস্থান, সমাধি, আৰু পাতালৰ দেৱতা। তেওঁক সাধাৰণতে কুকুৰৰ ৰূপত বা কুকুৰৰ শিৰ থকা মানুহ হিচাপে চিত্ৰিত কৰা হয়।
-
ছেখমেট
মিচৰৰ পৌৰাণিক আখ্যানসমূহত ছেখমেট (Sekhmet) হৈছে এগৰাকী যোদ্ধা আৰু নিৰাময়ৰ দেৱী। তেওঁক সিংহিনীৰ ৰূপত চিত্ৰিত কৰা হয়। তেওঁ আছিল ফাৰাওসকলৰ ৰক্ষক আৰু যুদ্ধত ছেখমেটে তেওঁলোকক নেতৃত্ব দিছিল। ছেখমেট এগৰাকী সৌৰ দেৱী। তেওঁক সূৰ্যদেৱতা ৰাৰ কন্যা বুলিও কোৱা হয়।
-
হাপি (দেৱতা)
হাপি হৈছে প্ৰাচীন মিচৰীয় ধৰ্মত নীল নদীৰ বাৰ্ষিক বানৰ দেৱতা। বানৰ ফলত নদীখনৰ পাৰত পলসুৱা মাটি জমা হৈছিল আৰু ইয়াৰ ফলত মিচৰীয়সকলে কৃষিকাৰ্ষ কৰিব পাৰিছিল। হাপি মিচৰীয় লোকসকলৰ মাজত জনপ্ৰিয় আছিল।
-
স্ফিংছ
স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়। ৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্টৰ এক উল্লেখযোগ্য পিৰামিড গিজাৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ভিতৰতে ই এবিধ বিশাল প্ৰতিমা।