অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

স্কিজ'ফ্ৰেনিয়া

স্কিজ'ফ্ৰেনিয়া (Schizophrenia) এক মানসিক ৰোগ যাৰ বৈশিষ্ট্য হৈছে সঘনাই বা একেৰাহে চাইক'চিছ হোৱা। প্ৰধান লক্ষণসমূহ হ’ল ভ্ৰম (সাধাৰণতে এনে মাত শুনা যি প্ৰকৃততে নাই), অস্বাভাৱিক বিশ্বাস আৰু অসংগঠিত চিন্তাধাৰা। আন লক্ষণসমূহ হ’ল সামাজিকভাৱে আঁতৰি যোৱা, আৰু আবেগহীন হোৱা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

স্কিজ'ফ্ৰেনিয়া (Schizophrenia) এক মানসিক ৰোগ যাৰ বৈশিষ্ট্য হৈছে সঘনাই বা একেৰাহে চাইক'চিছ হোৱা।১ প্ৰধান লক্ষণসমূহ হ’ল ভ্ৰম (সাধাৰণতে এনে মাত শুনা যি প্ৰকৃততে নাই), অস্বাভাৱিক বিশ্বাস আৰু অসংগঠিত চিন্তাধাৰা। আন লক্ষণসমূহ হ’ল সামাজিকভাৱে আঁতৰি যোৱা, আৰু আবেগহীন হোৱা।২ সাধাৰণতে লক্ষণসমূহ ক্ৰমান্বয়ে দেখা দিয়ে, ডেকা প্ৰাপ্তবয়স্ক কালৰ পৰা আৰম্ভ হয় আৰু বহু ক্ষেত্ৰত কেতিয়াও সমাধান নহয়।৩৪ স্কিজ'ফ্ৰেনিয়া থকা বহুলোকৰ অন্যান্য বিকাৰ থকাও দেখা যায়, যেনে, নিচা যুক্ত দ্ৰব্য সেৱন, হতাশাজনক বিকাৰ, উদ্বেগজনক বিকাৰ, আৰু অ'চিডি (অব্ছেছিভ–কম্পলচিভ ডিছঅৰ্ডাৰ)। ৪স্কিজ'ফ্ৰেনিয়াত আক্ৰান্ত হোৱা লোকসকলৰ প্ৰায় আধাৰ দীৰ্ঘম্যাদী সময়ত এক গুৰুত্বপূৰ্ণ উন্নতি হ'ব পাৰে আৰু পুনৰাবৃত্তি নহ'বও পাৰে, আৰু ইয়াৰ এক সৰু অংশ সম্পূৰ্ণৰূপে আৰোগ্য হ'ব।৪ বাকী অৰ্ধাংশৰ জীৱনজোৰা বিকাৰ থাকি যাব পাৰে।৫ গুৰুতৰ ক্ষেত্ৰত, ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ব পাৰে।

কাৰণসমূহ

এই বিকাৰ প্ৰায় ০.৫–১.০% জনসংখ্যাৰ জীৱনকালত ধৰা পৰে।৬ আন এটা সূত্ৰৰ মতে, প্ৰায় ০.৩%ৰ পৰা ০.৭% লোকৰ জীৱনকালত স্কিজ'ফ্ৰেনিয়া ধৰা পৰে।৭ ২০১৭ চনত আনুমানিকভাৱে ১১ লাখ নতুন ৰোগী আৰু ২০২২ চনত বিশ্বজুৰি মুঠ ২৪ নিযুত আক্ৰান্ত হৈছে।৮৯ পুৰুষসকল বেছিকৈ আক্ৰান্ত হয় আৰু গড়ে ইয়াৰ আৰম্ভণি আগতেই হয়।৮ স্কিজ'ফ্ৰেনিয়াৰ কাৰণসমূহৰ ভিতৰত জিন আৰু পৰিৱেশগত কাৰকসমূহো থাকিব পাৰে।১০ জিনীয় কাৰকসমূহৰ ভিতৰত বিভিন্ন সাধাৰণ আৰু বিৰল জিনৰ ভিন্নতা অন্তৰ্ভুক্ত।১১ সম্ভাৱ্য পৰিৱেশৰ কাৰকসমূহৰ ভিতৰত ডাঙৰ-দীঘল হোৱা, শৈশৱৰ প্ৰতিকূলতা, কৈশোৰ কালত ভাং সেৱন, সংক্ৰমণ, গৰ্ভাৱস্থাত ব্যক্তিৰমাতৃৰ বয়স, আৰু গৰ্ভাৱস্থাত মাতৃৰ দুৰ্বল পুষ্টি আদি।১২ ১৩

লক্ষণ

ইয়াৰ লক্ষণবোৰৰ ভিতৰত আছে ভ্ৰম (সাধাৰণতে মাত শুনা), উদ্ভট চিন্তা, অলীক কিবা দেখা, অসঙ্গতিপূৰ্ণ কথা-বাৰ্তা, আৰু আনে শুনিব নোৱৰা কথাবোৰ শুনি পোৱা বুলি কোৱা।১৪ এই ৰোগত আক্ৰান্ত ব্যক্তি এজনে সামাজিক বা কৰ্মস্থানৰ অক্ষমতাজনিত অসুবিধাৰ সম্মুখীন হয়।১৫

ইতিবাচক লক্ষণ

ইতিবাচক লক্ষণ হ’ল সেইবোৰ লক্ষণ যিবোৰ সাধাৰণতে অনুভৱ কৰা নহয়, কিন্তু স্কিজ’ফ্ৰেনিয়াৰ মানসিক ৰোগৰ সময়ত মানুহৰ ক্ষেত্ৰত দেখা যায়। ১৬ ইয়াৰ ভিতৰত মোহ, ভ্ৰম আৰু অসংগঠিত চিন্তা আৰু বাক্য আদি অন্তৰ্ভুক্ত, যিবোৰ সাধাৰণতে মনোৰোগৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়। স্কিজোফ্ৰেনিয়া থকা লোকৰ 80% লোকৰ জীৱনকালৰ কোনো সময়ত ভ্ৰম হয় আৰু সচৰাচৰ শ্ৰৱণশক্তি (প্ৰায়ে কণ্ঠস্বৰ শুনা) অন্তৰ্ভুক্ত থাকে কিন্তু কেতিয়াবা সোৱাদ, দৃষ্টিশক্তি, গোন্ধ আৰু স্পৰ্শৰ আন যিকোনো অনুভূতি অন্তৰ্ভুক্ত থাকিব পাৰে।১৭ একাধিক ইন্দ্ৰিয়ৰ সৈতে জড়িত ভ্ৰমৰ সঘনতা কেৱল এটা ইন্দ্ৰিয়ৰ সৈতে জড়িত ভ্ৰমৰ হাৰৰ দুগুণ।১৮ ভ্ৰম বা ভ্ৰান্তিবোৰ উদ্ভট বা অত্যাচাৰ প্ৰকৃতিৰ হয়। কেতিয়াবা আত্ম-অভিজ্ঞতাৰ বিকৃত ৰুপ হʼব পাৰে। এনে অনুভৱ যেনে নিজৰ চিন্তা বা অনুভূতিবোৰ প্ৰকৃততে নিজৰ নহয়,যেন চিন্তাবোৰ নিজৰ মনত সোমাই দিয়া হৈছে।১৯

নেতিবাচক লক্ষণ

নেতিবাচক লক্ষণবোৰ হৈছে মূলতঃ স্বাভাৱিক আৱেগিক সঁহাৰিৰ অনুপস্থিতি, বা অন্যান্য চিন্তা প্ৰক্ৰিয়াৰ অনুপস্থিতি। নেতিবাচক লক্ষণবোৰৰ পাঁচটা স্বীকৃত ডমেইন হৈছে: সামান্য আৱেগ দেখুওৱা; এলোজিয়া – বাক-দৰিদ্ৰতা; আনহেডোনিয়া – আনন্দ অনুভৱ কৰিবলৈ অক্ষম; অসামাজিকতা – সম্পৰ্ক গঠন কৰাৰ ইচ্ছাৰ অভাৱ, আৰু পৰিহাৰ – প্ৰেৰণা অভাৱ আৰু উদাসীনতা।২০২১

জ্ঞানশক্তিৰ লক্ষণসমূহ

স্কিজোফ্ৰেনিয়া থকা ৰোগীৰ মগজুৰ স্নায়ু কলাত প্ৰভাৱৰ মানচিত্ৰ। আটাইতকৈ অভাৱপূৰ্ণ এলেকাবোৰ গাঢ় গুলপীয়া ৰঙৰ হয়, আনহাতে আটাইতকৈ কম প্ৰভাৱ পৰা এলেকাবোৰ নীলা ৰঙৰ হয়।
স্কিজোফ্ৰেনিয়া থকা ৰোগীৰ মগজুৰ স্নায়ু কলাত প্ৰভাৱৰ মানচিত্ৰ। আটাইতকৈ অভাৱপূৰ্ণ এলেকাবোৰ গাঢ় গুলপীয়া ৰঙৰ হয়, আনহাতে আটাইতকৈ কম প্ৰভাৱ পৰা এলেকাবোৰ নীলা ৰঙৰ হয়।ছবি: Public domain

আনুমানিকভাৱে স্কিজ’ফ্ৰেনিয়া ৰোগীৰ ৭০% লোকৰ জ্ঞানশক্তিৰ মন্থৰতা দেখা যায়, আৰু এইবোৰ আগতীয়া আৰু পলমকৈ আৰম্ভ হোৱা ৰোগত বেছিকৈ দেখা যায়।২২ ২৩ এইবোৰ প্ৰায়ে প্ৰড্ৰোমেল পৰ্যায়ত ৰোগ আৰম্ভ হোৱাৰ বহু আগতে স্পষ্ট হয়, আৰু কৈশোৰৰ আৰম্ভণিতে, বা শৈশৱত দেখা দিব পাৰে।২৪২৫ প্ৰথম এপিচ’ড চাইক’ছিছত বেছি বেয়া হৈ পৰে কিন্তু তাৰ পিছত ভিত্তি স্তৰলৈ ঘূৰি আহে, আৰু ৰোগৰ সময়ছোৱাত মোটামুটি সুস্থিৰ হৈ থাকে।২৬

ব্যৱস্থাপনা

তথ্যসূত্ৰ

  1. ↑ ["Schizophrenia Fact sheet N°397।" World Health Organization. web.archive.org/web/20161018051507/http://www.wh
  2. ↑ Diagnostic and Statistical Manual of Mental Disorders: DSM-5 (5th ed.). Arlington, VA: American Psychiatric Association. 2013. pp. 99–105. ISBN 978-0-89042-555-8
  3. ↑ (April 2022). Schizophrenia. Health topics. US National Institute of Mental Health
  4. ↑ (2013). Diagnostic and Statistical Manual of Mental Disorders: DSM-5. American Psychiatric Association. পৃ. 99–105. ISBN 978-0-89042-555-8
  5. ↑ (2015). Psychiatry. John Wiley & Sons, Ltd. পৃ. 798, 816, 819. ISBN 978-1-118-84547-9
  6. ↑ Van Os, J., Kenis, G., & Rutten, B. P. (2010). The environment and schizophrenia. Nature, 468(7321), 203-212
  7. ↑ (June 2014). Balancing therapeutic safety and efficacy to improve clinical and economic outcomes in schizophrenia: a clinical overview. The American Journal of Managed Care. পৃ. S160-165
  8. ↑ (10 January 2022). Schizophrenia Fact sheet. বিশ্ব স্বাস্থ্য সংস্থা
  9. ↑ (November 2018). Global, regional, and national incidence, prevalence, and years lived with disability for 354 diseases and injuries for 195 countries and territories, 1990–2017: a systematic analysis for the Global Burden of Disease Study 2017. The Lancet. পৃ. 1789–1858
  10. ↑ Owen MJ, Sawa A, Mortensen PB (July 2016). "Schizophrenia". The Lancet. 388 (10039): 86–97. doi:10.1016/S0140-6736(15)01121-6. PMC 4940219. PMID 26777917
  11. ↑ (2016). Genetics of Schizophrenia: Historical Insights and Prevailing Evidence. Advances in Genetics. পৃ. 99–141
  12. ↑ (February 2017). Cities and mental health. Deutsches Ärzteblatt International. পৃ. 121–127
  13. ↑ (August 2013). Cannabis and psychosis: have we found the missing links?. Asian Journal of Psychiatry. পৃ. 281–287
  14. ↑ Tandon, R., Gaebel, W., Barch, D. M., Bustillo, J., Gur, R. E., Heckers, S., ... & Carpenter, W. (2013). Definition and description of schizophrenia in the DSM-5. Schizophrenia research, 150(1), 3-10
  15. ↑ Schizophrenia, National Institute of Mental web.archive.org/web/20161125145206/https://www.n
  16. ↑ RAISE Questions and Answers". US National Institute of Mental Health. Retrieved 29 December 2019
  17. ↑ Császár N, Kapócs G, Bókkon I (27 May 2019). "A possible key role of vision in the development of schizophrenia". Reviews in the Neurosciences. 30 (4): 359–379. doi:10.1515/revneuro-2018-0022. PMID 30244235. S2CID 52813070
  18. ↑ (January 2021). A Review of Multimodal Hallucinations: Categorization, Assessment, Theoretical Perspectives, and Clinical Recommendations. Schizophr Bull. পৃ. 237–248
  19. ↑ Heinz A, Voss M, Lawrie SM, et al. (September 2016). "Shall we really say goodbye to first rank symptoms?". European Psychiatry. 37: 8–13. doi:10.1016/j.eurpsy.2016.04.010. PMID 27429167. S2CID 13761854
  20. ↑ (December 2015). (Negative Symptoms: Clinical and Psychometric Aspects). L'Encephale. পৃ. 6S15–17
  21. ↑ (April 2016). (Scale for Assessing Negative Symptoms in Schizophrenia: A Systematic Review). L'Encephale. পৃ. 165–171
  22. ↑ (January 2017). Cognitive Functioning in Older Adults With Schizophrenia. Focus (American Psychiatric Publishing). পৃ. 26–34
  23. ↑ (July 2016). Current understandings about cognition and the neurobiological correlates in schizophrenia. Journal of Neurosciences in Rural Practice. পৃ. 412–418
  24. ↑ (February 2011). Longitudinal studies of cognition in first episode psychosis: a systematic review of the literature. The Australian and New Zealand Journal of Psychiatry. পৃ. 93–108
  25. ↑ (June 2012). Is there evidence for late cognitive decline in chronic schizophrenia?. The Psychiatric Quarterly. পৃ. 127–144
  26. ↑ (5 July 2019). Recent Advances in the Early Intervention in Schizophrenia: Future Direction from Preclinical Findings. Current Psychiatry Reports. পৃ. 75

সম্পৰ্কিত শ্ৰেণী

মানসিক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কিজ'ফ্ৰেনিয়া” প্ৰবন্ধৰ সংশোধন ৬৩২১৩৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।