অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

স্কালাট দুৰ্গ

স্কালাট দুৰ্গ ( Skalat Castle) ইউক্ৰেইনৰ টাৰ্নোপিল অঞ্চলৰ টাৰ্নোপিল জিলাৰ স্কালাটত অৱস্থিত। এই দুৰ্গটো প্ৰায় ১৬৩০ চনত গালিচৰ তৰোৱালবাহক ক্ৰিষ্টফ ৱিখ্ৰোভস্কিয়ে নিৰ্মাণ কৰিছিল। ই ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

স্কালাট দুৰ্গ ( Skalat Castle) ইউক্ৰেইনৰ টাৰ্নোপিল অঞ্চলৰ টাৰ্নোপিল জিলাৰ স্কালাটত অৱস্থিত। এই দুৰ্গটো প্ৰায় ১৬৩০ চনত গালিচৰ তৰোৱালবাহক ক্ৰিষ্টফ ৱিখ্ৰোভস্কিয়ে নিৰ্মাণ কৰিছিল।১ ই ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।২

ইতিহাস

কছাক যুদ্ধৰ সময়ত দুৰ্গটো ধ্বংস হৈছিল। ১৮শ শতিকালৈকে ইয়াক পুনৰ নিৰ্মাণ কৰা হোৱা নাছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত দুৰ্গটো সম্পূৰ্ণৰূপে ধ্বংস হয়।১

গৰাকী

দুৰ্গটো ক্ৰমে খোদকেভিচ বংশৰ, কোৰেস্কি বংশৰ আৰু ৱিখ্ৰোভস্কি বংশৰ হাতলৈ যায়। ৱিখ্ৰোভস্কিৰ কন্যা ভেৰোনিকা ছানক নগৰৰ অধিপতি ইয়ান ফিৰলেইৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩ ইয়াৰ পিছত দুৰ্গটো ফিৰলেই বংশৰ, ছিপিঅ' দেল কাম্পোৰ, কালিনোভস্কি বংশৰ, আন্না কালিনোভস্কাৰ আৰু পনিয়াটোভস্কি বংশৰ মালিকানাধীন হয়।৪ ১৮শ শতিকাত ইয়াৰ গৰাকীৰ নাম মাৰিয়া আছিল। তেওঁ ৱোদজিচ্কি বংশত জন্মগ্ৰহণ কৰিছিল আৰু ছিপিঅ'ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৮৬৯ চনৰপৰা ছুছকিন্দ ৰোজেনষ্টক আৰু তেওঁৰ পুত্ৰসকলে দুৰ্গটো পৰিচালনা কৰিছিল।৪ প্ৰথম বিশ্বযুদ্ধলৈকে তেওঁলোকৰ হাততে দুৰ্গটো আছিল।৩

স্থাপত্য

দুৰ্গটো চতুৰ্ভুজাকাৰ পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ চাৰিটা কোণত পাঁচফালীয়া বুৰূজ আছিল। শিলৰ এখন দুৱাৰৰ মাজেৰে দুৰ্গটোত প্ৰৱেশ কৰিব পাৰিছিল। দুৱাৰখনৰ দুয়োকাষে সৰু দুৱাৰ আছিল। দুৱাৰত ভৱনটোৰ ইতিহাস উল্লেখ কৰা শিলৰ ফলক আৰু ওপৰত থিয় হৈ থকা এজন যোদ্ধাৰ ভাস্কৰ্য আছিল। যোদ্ধাজনে জেলিটা বংশচিহ্ন, ৰাভিচ বংশচিহ্ন, লেলিভা বংশচিহ্ন আৰু ছিপিঅ'ৰ বংশচিহ্ন থকা এখন ঢালত ভৰ দি থিয় হৈ আছিল। দুৰ্গটোৰ এই অংশটো ১৭৯৫ চনৰ বুলি গণ‍্য কৰা হয়।৩

১৯শ শতিকাৰ শেষলৈকে দুৰ্গটোৰ চাৰিওফালে প্ৰতিৰক্ষামূলক পৰিখা আৰু মাটিৰ প্ৰাচীৰ আছিল। লগতে ইটাৰে নিৰ্মিত এটা প্ৰৱেশদ্বাৰ আছিল। ইয়াৰ ওপৰৰ অংশত তিনিটা শিলৰ মূৰ্তি আছিল। প্ৰাচীৰৰ ভিতৰত এটা বাসগৃহ আছিল। সেই সময়ৰ মালিকসকলে তাত এটা সুন্দৰ আৰু বহল ইটাৰ ঘৰ নিৰ্মাণ কৰিছিল।৪ বৰ্তমান দেখা পোৱা সকলো নিৰ্মাণেই আন্তঃযুদ্ধকালত কৰা পুনৰ্নিৰ্মাণৰ ফল।১

গ্ৰন্থপঞ্জী

  • Filip Sulimierski, Bronisław Chlebowski]], Władysław Walewski, Słownik geograficzny Królestwa Polskiego i innych krajów słowiańskich, t. X, Warszawa, 1880–1902, s. 664.
  • Aleksander Strojny; Krzysztof Bzowski; Artur Grossman. (2005). Ukraina zachodnia: tam szum Prutu, Czeremoszu... Wyd. Bezdroża. পৃ. 282. ISBN 83-921981-6-6

তথ্যসূত্ৰ

  1. ↑ Aleksander Strojny, Krzysztof Bzowski, Artur Grossman. (2005). Ukraina zachodnia: tam szum Prutu, Czeremoszu... Wyd. Bezdroża. পৃ. 282. ISBN 83-921981-6-6
  2. ↑ Лист Тернопільської ОДА від 23 червня 2021 року № 02-5124/42
  3. ↑ Skalat
  4. ↑ Sulimierski, Filip; Chlebowski, Bronisław; Walewski, Władysław. (1880–1902). Słownik geograficzny Królestwa Polskiego i innych krajów słowiańskich, t. X. পৃ. 664

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ দুৰ্গ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কালাট দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৩১ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।