সুমেৰ বা চুমেৰ বা চুমেৰিয়া দক্ষিণ মেছ'পটেমিয়াৰ ঐতিহাসিক অঞ্চলৰ (দক্ষিণ-মধ্য ইৰাক) পৰিচিত সভ্যতাসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীন সভ্যতা। খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু পঞ্চম সহস্ৰাব্দৰ ভিতৰত চলকোলিথিক আৰু প্ৰাৰম্ভিক ব্ৰঞ্জ যুগত এই সভ্যতাৰ উত্থান ঘটিছিল। প্ৰাচীন মিচৰ, ইলাম, কেৰাল-ছুপে সভ্যতা, মেছ'আমেৰিকা, সিন্ধু সভ্যতা আৰু প্ৰাচীন চীনৰ সৈতে ই বিশ্বৰ অন্যতম স্বতন্ত্ৰভাৱে স্থাপিত হোৱা সভ্যতা। টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ উপত্যকাৰ কাষেৰে বাস কৰি চুমেৰিয় কৃষকসকলে প্ৰচুৰ পৰিমাণে শস্য আৰু অন্যান্য শস্যৰ খেতি কৰিছিল। অতিৰিক্তভাৱে উৎপাদিত শস্যৰ পৰা তেওঁলোকে নগৰীয়া বসতি গঠন কৰিবলৈ সক্ষম হৈছিল। এই সভ্যতাৰ চিহ্ন লিপি বা আদি-লেখা ৩০০০ খ্ৰীষ্টপূৰ্বৰ আগৰ। প্ৰাচীন লেখাসমূহৰ মূল হৈছে উৰুক আৰু জেমডেট নাছৰ চহৰ। ইয়াৰ কাল প্ৰায় খ্ৰীষ্টপূৰ্ব ৩৫০০ আৰু ৩০০০।
নাম
চুমেৰিয়ান শব্দটো (চুমেৰিয়ান: এমে-গি বা এমে-গিৰ১৫, আক্কাদিয়ান: চুমেৰু)১ চুমেৰিয়সকলে কোৱা ভাষাটোক দিয়া নাম। এই নামটো দিছিল তেওঁলোকৰ উত্তৰাধিকাৰী পূব চেমিটিক ভাষী আক্কাদিয়ানসকলে।২৩৪ চুমেৰিয়সকলে তেওঁলোকৰ ভূমিক কেঙ্গিৰ বুলি উল্লেখ কৰিছিল। ইয়াৰ অৰ্থ হৈছে 'সম্ভ্ৰান্ত প্ৰভুসকলৰ দেশ' ২৫৬
চুমেৰিয়সকলৰ উৎপত্তিৰ বিষয়ে জনা নাযায় যদিও চুমেৰবাসীয়ে নিজকে "ক'লা মূৰৰ মানুহ"৭৮৯১০ ১১১২১৩ বুলি কৈছিল।১৪ আক্কাদিয়ানসকলেও চুমেৰিয়সকলক চেমিটিক আক্কাদিয়ান ভাষাত ‘ক’লা মূৰৰ মানুহ’ বুলি কয়। ১২
উৎপত্তি
অধিকাংশ ইতিহাসবিদৰ মতে সুমেৰত প্ৰথমে স্থায়ীভাৱে বসতি স্থাপন কৰা হৈছিল প্ৰায় ৫৫০০ আৰু ৪০০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত।১৫১৬১৭১৮১৯
আন ইতিহাসবিদৰ মতে চুমেৰিয়সকল উত্তৰ আফ্ৰিকাৰ লোক আছিল। তেওঁলোকে সেউজ চাহাৰাৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰব্ৰজন কৰিছিল আৰু মধ্যপ্ৰাচ্যত কৃষিকাৰ্যৰ বিস্তাৰ কৰিছিল।২০ কিন্তু প্ৰথম কৃষকসকলৰ উৎপত্তি ফাৰ্টাইল ক্ৰিচেণ্টৰ পৰা হোৱা বুলি প্ৰমাণ পোৱা গৈছে।২১ শেহতীয়াকৈ (২০১৩) চাৰিটা প্ৰাচীন মেছ'পটেমিয়াৰ কংকালৰ ডি এন এ নমুনাৰ জিনীয় বিশ্লেষণে চুমেৰিয়সকলৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ সৈতে সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰিছে। ই সম্ভৱতঃ প্ৰাচীন সিন্ধু-মেছ'পটেমিয়াৰ সম্পৰ্কৰ ফলত হৈছিল।২২ কিছুমান তথ্য অনুসৰি চুমেৰিয়সকল হুৰিয়ান আৰু উৰাৰ্টিয়ানসকলৰ সৈতে জড়িত, আৰু ককেছাছক তেওঁলোকৰ গৃহভূমি বুলি গণ্য কৰা হয়।২৩২৪২৫
তথ্যসূত্ৰ
- ↑ emeĝir (SUMERIAN). The Pennsylvania Sumerian Dictionary. University of Pennsylvania Museum of Anthropology and Archaeology
- ↑ "The area in question (the extreme south of Mesopotamia) may now be called Sumer, and its inhabitants Sumerians, although these names are only English approximations of the Akkadian designations; the Sumerians themselves called their land Kengir, their language Emegir, and themselves Sag-giga, "black-headed ones." in W. Hallo; W. Simpson. (1971). The Ancient Near East. New York: Harcourt, Brace, Jovanovich. পৃ. 29
- ↑ Black; George, A. R.; Postgate, J. N. (2000). A Concise Dictionary of Akkadian. Otto Harrassowitz Verlag. পৃ. 384. ISBN 978-3-447-04264-2
- ↑ Miller; Shipp, R. Mark. (1996). An Akkadian Handbook: Paradigms, Helps, Glossary, Logograms, and Sign List. Eisenbrauns. পৃ. 68. ISBN 978-0-931464-86-7
- ↑ Toorn; Becking, Bob; Horst, Pieter Willem van der. (1999). Dictionary of Deities and Demons in the Bible. Wm. B. Eerdmans Publishing. পৃ. 32. ISBN 978-0-8028-2491-2
- ↑ Edzard. (2003). Sumerian Grammar. Brill. পৃ. 1. ISBN 978-90-474-0340-1
- ↑ "The area in question (the extreme south of Mesopotamia) may now be called Sumer, and its inhabitants Sumerians, although these names are only English approximations of the Akkadian designations; the Sumerians themselves called their land Kengir, their language Emegir, and themselves Sag-giga, "black-headed ones." in W. Hallo; W. Simpson. (1971). The Ancient Near East. New York: Harcourt, Brace, Jovanovich. পৃ. 29W. Hallo; W. Simpson (1971). The Ancient Near East. New York: Harcourt, Brace, Jovanovich. p. 29
- ↑ "The origin of the Sumerians is unknown; they described themselves as the 'black-headed people'" Haywood. (2005). The Penguin Historical Atlas of Ancient Civilizations. Penguin. পৃ. 28. ISBN 978-0-14-101448-7
- ↑ Diakonoff. (2013). Early Antiquity. University of Chicago Press. পৃ. 72. ISBN 978-0-226-14467-2
- ↑ Finer; Finer, S. E. (1997). The History of Government from the Earliest Times: Ancient monarchies and empires. Oxford University Press. পৃ. 99. ISBN 978-0-19-820664-4
- ↑ Foxvog. (2016). Elementary Sumerian Glossary. University of California at Berkeley. পৃ. 52
- ↑ Diakonoff; D'I︠A︡konov, Igor' Mik︠h︡aílovich. (1991). Early Antiquity. University of Chicago Press. পৃ. 72. ISBN 978-0-226-14465-8
- ↑ Feuerstein; Kak, Subhash; Frawley, David. (2005). The Search of the Cradle of Civilization: New Light on Ancient India. Motilal Banarsidass Publishers. পৃ. 117. ISBN 978-81-208-2037-1
- ↑ "I am the king of the four quarters, I am a shepherd, the pastor of the "black-headed people"" in Liverani. (2013). The Ancient Near East: History, Society and Economy. Routledge. পৃ. 167. ISBN 978-1-134-75084-9
- ↑ Kramer. (1988). In the World of Sumer: An Autobiography. Wayne State University Press. পৃ. 44. ISBN 978-0-8143-2121-8
- ↑ Ancient Mesopotamia. Teaching materials. Oriental Institute in collaboration with Chicago Web Docent and eCUIP, The Digital Library
- ↑ "The Ubaid Period (5500–4000 B.C.)" In Heilbrunn Timeline of Art History. Department of Ancient Near Eastern Art. The Metropolitan Museum of Art, New York (October 2003)
- ↑ "Ubaid Culture", The British Museum
- ↑ "Beyond the Ubaid", (Carter, Rober A. and Graham, Philip, eds.), University of Durham, April 2006
- ↑ Arnaiz-Villena; Martínez-Laso, Jorge; Gómez-Casado, Eduardo. (2000). Prehistoric Iberia: Genetics, Anthropology, and Linguistics: (proceedings of an International Conference on Prehistoric Iberia: Genetics, Anthropology, and Linguistics, Held November 16–17, 1998, in Madrid, Spain). Springer Science & Business Media. পৃ. 22. ISBN 978-0-306-46364-8
- ↑ Lazaridis; Nadel, D.; Rollefson, G. (2016). Genomic insights into the origin of farming in the ancient Near East. Nature. পৃ. 419–424
- ↑ Płoszaj; Chaubey, Gyaneshwer; Jędrychowska-Dańska, Krystyna. (11 September 2013). mtDNA from the Early Bronze Age to the Roman Period Suggests a Genetic Link between the Indian Subcontinent and Mesopotamian Cradle of Civilization. PLOS ONE. পৃ. e73682
- ↑ Sumerians had connections with the Caucasus. scientificrussia
- ↑ (2014). Lexical Matches between Sumerian and Hurro-Urartian: Possible Historical Scenarios. Cuneiform Digital Library Journal
- ↑ (2009). The Diversity of the Chechen culture: from historical roots to the present. UNESCO. পৃ. 14. ISBN 978-5-904549-01-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমেৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৬১৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।