অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সিংহ (ৰাশি)

সিংহ ৰাশি পঞ্চম জ্যোতিষচিহ্ন। ই হৈছে সিংহ নক্ষত্ৰমণ্ডলৰ পৰা উদ্ভৱ হোৱা ৰাশি। ই সৌৰবন্ধনীৰ ১২০°-১৫০° ইক্লিপ্টিক দ্ৰাঘিমাংশলৈ বিস্তৃত। গ্ৰীষ্মমণ্ডলীয় ৰাশিৰ অধীনত (পশ্চিমীয়া জ্যোতিষশাস্ত্ৰত সচৰাচৰ ব্যৱহৃত) সূৰ্যই এই চিহ্নত গড়ে ২৩ জুলাইৰ পৰা ২২ আগষ্টলৈ পৰিবহণ কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

সিংহ ৰাশি পঞ্চম জ্যোতিষচিহ্ন। ই হৈছে সিংহ নক্ষত্ৰমণ্ডলৰ পৰা উদ্ভৱ হোৱা ৰাশি। ই সৌৰবন্ধনীৰ ১২০°-১৫০° ইক্লিপ্টিক দ্ৰাঘিমাংশলৈ বিস্তৃত। গ্ৰীষ্মমণ্ডলীয় ৰাশিৰ অধীনত (পশ্চিমীয়া জ্যোতিষশাস্ত্ৰত সচৰাচৰ ব্যৱহৃত) সূৰ্যই এই চিহ্নত গড়ে ২৩ জুলাইৰ পৰা ২২ আগষ্টলৈ পৰিবহণ কৰে।১

সিংহ ৰাশিটো জুইৰ সৈতে সম্পৰ্কিত, মেষ আৰু ধনুৰাশিৰ সৈতে, ইয়াৰ পদ্ধতি স্থিৰ। গ্ৰীষ্মমণ্ডলীয় ৰাশিৰ অধীনত, সূৰ্যই প্ৰতি বছৰে গড়ে ২৩ জুলাইৰ পৰা ২২ আগষ্টৰ ভিতৰত এই মণ্ডল পৰিবহণ কৰে, আৰু পাৰ্শ্বীয় ৰাশিৰ অধীনত, সূৰ্যই বৰ্তমান এই মণ্ডলটো প্ৰায় ১৬ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ পৰিবহণ কৰে।২ সিংহ নক্ষত্ৰটো পৌৰাণিক নেমিন সিংহৰ সৈতে সম্পৰ্কিত। ৩ গ্ৰীক পুৰাণত সিংহ এক অতি গুৰুত্বপূৰ্ণ আৰু বিশিষ্ট প্ৰতীক। ইয়াৰ বিপৰীত চিহ্ন হৈছে কুম্ভ।১৪

ভাৰত বৰ্ষৰ ৰজা জাহাংগীৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা সোণৰ মুদ্ৰাত সিংহ ৰাশিৰ চিহ্ন
ভাৰত বৰ্ষৰ ৰজা জাহাংগীৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা সোণৰ মুদ্ৰাত সিংহ ৰাশিৰ চিহ্নছবি: M.samei · CC BY-SA 4.0

ইতিহাস

ইজিপ্তৰ লোকসকলে এই তাৰকামণ্ডলীৰ উপাসনা কৰিছিল। নাইল নদীৰ বানৰ সময়ত দেখা পোৱাৰ বাবে ইয়াক তেওঁলোকে খেম বুলিছিল। এই অনুষ্ঠানে আগন্তুক বছৰটোত শস্যৰ প্ৰাচুৰ্যক সূচাইছিল আৰু মানুহবোৰে ইয়াক পৃথিৱীয়ে দিয়া এক উপহাৰ হিচাপে গণ্য কৰিছিল। ইজিপ্তৰ শাসক টুটানখামুনৰ স্বৰ্ণ সিংহাসন সিংহৰ শিৰৰ আকৃতিৰে সজ্জিত কৰা হৈছিল য'ত সিংহৰ আগঠেং দুটা বহাৰ ঠাইত লগ হৈছিল আৰু দুয়ো ঠেঙৰ মূৰত নখযুক্ত হাঁ‌তোৰা আছিল। ই ক্ষমতা আৰু ৰাজকীয় চিহ্নক সূচাইছিল।৫

উৎস

  • Astronomical Applications Department. (2011). Multiyear Computer Interactive Almanac. US Naval Observatory Longitude of Sun, apparent geocentric ecliptic of date, interpolated to find time of crossing 0°, 30°....

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2017). Leo. Encyclopædia Britannica. Encyclopædia Britannica, Inc.
  2. ↑ Swift, Jackson. (2015). Astrology: Tropical Zodiac and Sidereal Zodiac. goarticles.com
  3. ↑ Atsma, Aaron J. Nemean Lion. The Theoi Project: Greek mythology
  4. ↑ Leo. Windows to the Universe. National Science Teachers Association
  5. ↑ Snodgrass, E. (1997). Signs of the Zodiac: A Reference Guide to Historical, Mythological, and Cultural Associations. Greenwood Publishing Group. ISBN 9780313008177

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিংহ (ৰাশি)” প্ৰবন্ধৰ সংশোধন ৬৩০৯৯২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।