অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সাৰমালা

সাৰমালা,সৰু মালা বা বাটমালা হৈছে বিয়াৰ সময়ত পদূলিমুখত দুটা কলপুলি ৰুই তাত আঁৰি দিয়া এডাল বিশেষ মালা। উজনি অসমত কপাহী সূতাৰে আমপাতৰ মালা গাঁঠি পদূলি মুখত কলপুলি দুটাত জোৰণৰ দিনাই আঁৰি থয়। আমপাতত সিন্দূৰৰ ফোট দিয়া প্ৰয়োজন। নামনিৰ ফালে সৰমালাডালি প্ৰস্তুত কৰা হয়-উলুখেৰেৰে।

হালনাগাদ: ৪ জুন ২০২২ ৩০০ শব্দ · ২ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

সাৰমালা,সৰু মালা বা বাটমালা হৈছে বিয়াৰ সময়ত পদূলিমুখত দুটা কলপুলি ৰুই তাত আঁৰি দিয়া এডাল বিশেষ মালা। উজনি অসমত কপাহী সূতাৰে আমপাতৰ মালা গাঁঠি পদূলি মুখত কলপুলি দুটাত জোৰণৰ দিনাই আঁৰি থয়। আমপাতত সিন্দূৰৰ ফোট দিয়া প্ৰয়োজন। নামনিৰ ফালে সৰমালাডালি প্ৰস্তুত কৰা হয়-উলুখেৰেৰে। তাত কপালৰ পাঁজী খুচি দিয়াৰ উপৰি আমপাত আৰু তিনি বা পাঁচটা সৰ চাকিও (ফুটা থকা চাকি) গাঁঠি দিয়া নিয়ম। তিনিটা বা পাঁচটা সৰ চাকিৰ সোঁ মাজৰটোত এজোৰ চাকি মুখা-মুখিকৈ ৰাখি ভিতৰত এটা গোটা বান্ধি দিয়া বঞ্ছনীয়। এই জোৰ চাকিক বহুতে জাপ চাকিও বোলে। উজনিৰ দৰে নামনিতো আমপাতত সেন্দূৰৰ ফোট দিয়া হয়।

নীতি-নিয়ম

জোৰণৰ দিনা দৰে-কইনা উভয়ৰে পদূলিমুখত সৰমালা বান্ধি দিয়ে। তাৰ তলেদি জোৰণৰ দল অহা-যোৱা কৰে-অধিবাসৰ পানী তোলা আয়তী যায়। কোনো কোনো ঠাইত বিয়া শেষ নোহোৱালৈকে সৰমালা বন্ধা থাকে। আন কোনো কোনো ঠাইত জোৰণ অথবা অধিবাস শেষ হোৱাৰ পিছত ইয়াক খুলি ঘৰত ভালকৈ থয়। বিয়াৰ দিনা পিণ্ড উটোৱা আৰু আয়তীয়ে পানী তোলা কালত সাময়িকভাৱে সেইডাল পদূলি মুখত বান্ধি দি আবেলিৰে পৰা বিয়া পৰ্ব শেষ নোহোৱালৈকে তাক স্থায়ীভাৱে বান্ধি থয়। দৰাই বিয়া কৰাবলৈ যাওঁতে সৰমালাৰ তলেদি গৈ কইনা ঘৰ পায়; বিয়াৰ শেষত দৰা-কইনা উভয়ে একেলগে সৰমালাৰ তলেদি আহি দৰা ঘৰত প্ৰৱেশ কৰা নিয়ম। কিবা কাৰণত কইনাক এৰি থৈ আহিব লাগিলে দৰাই মালাৰ বাহিৰত ৰৈ থাকি কইনালৈ অপেক্ষা কৰে। কইনা আহি পোৱাৰ পিছত দম্পতীক পদূলি মুখৰ পৰা ঘৰলৈ বৰণ কৰি লৈ যায়।

দৰা গৈ কইনা ঘৰ পোৱাৰ লগে লগে দৰা পক্ষৰ লোকে সৰমালাৰ জাপ চাকিৰ ভিতৰত থকা গোটা তামোলটো সংগ্ৰহ কৰাত গুৰুত্ব দিয়ে। জনবিশ্বাস মতে, দৰাপক্ষই কইনাঘৰৰ মালাৰ তামোলটো সংগ্ৰহ কৰিব পাৰিলে কইনাই দৰাৰ ওপৰত কথা ক'ব নোৱাৰে; কিন্তু যদি দৰা কইনা চোতাল সোমোৱাৰ লগে লগে কইনাপক্ষই সেই তামোলটো হাতলৈ আনিব পাৰে, তেনেহলে কইনাই দৰাক বশ কৰি ৰাখিবলৈ সমৰ্থ হয়। বিয়াৰ পিছত কইনা দৰাঘৰলৈ যাত্ৰা কৰাৰ লগে লগে পদূলিৰ সৰমালা ডালি খুলি ভঁৰাল অথবা গোহালি ঘৰত ভালদৰে সংৰক্ষণ কৰে।

তথ্য উৎস

গ্ৰন্থ-"অসমীয়া সংস্কৃতিৰ কণিকা" সম্পাদক -ড° নাৰায়ণ দাস আৰু ড° পৰমানন্দ ৰাজবংশী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰমালা” প্ৰবন্ধৰ সংশোধন ৩২৩৩২৪ (৪ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।