অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সাবৰমতী টিকি

সাবৰমতী টিকি (: Sabarmatee Tiki); জন্ম প্ৰায় ১৯৬৮) ওড়িশা ৰাজ্যৰ নয়াগড় জিলাত বাস কৰা এগৰাকী ভাৰতীয় সংৰক্ষণবিদ আৰু কৃষক। তেওঁ সম্ভৱ নামৰ এটা বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰে যিটো তেওঁৰ পিতৃ পদ্মশ্ৰী অধ্যাপক ৰাধামোহনে প্ৰতিষ্ঠা কৰিছিল যত জৈৱিক কৃষি আৰু থলুৱা জাতৰ সংৰক্ষণৰ প্ৰসাৰ ঘটোৱাৰ উপৰিও আন…

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সাবৰমতী টিকি (: Sabarmatee Tiki); জন্ম প্ৰায় ১৯৬৮) ওড়িশা ৰাজ্যৰ নয়াগড় জিলাত বাস কৰা এগৰাকী ভাৰতীয় সংৰক্ষণবিদ আৰু কৃষক। তেওঁ সম্ভৱ নামৰ এটা বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰে যিটো তেওঁৰ পিতৃ পদ্মশ্ৰী অধ্যাপক ৰাধামোহনে প্ৰতিষ্ঠা কৰিছিল যত জৈৱিক কৃষি আৰু থলুৱা জাতৰ সংৰক্ষণৰ প্ৰসাৰ ঘটোৱাৰ উপৰিও আন বহুতো কাম কৰা হয়। ২০১৮ চনত ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ আৰু ২০২০ চনত পদ্মশ্ৰী বঁটাৰে সাবৰমতীৰ কৃতিত্বক স্বীকৃতি দিয়া হয়।

কৰ্ম জীৱন

সাবৰমতীৰ জন্ম হৈছিল c.১৯৬৯ চনl।১ ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ ওচৰৰ নয়াগড় জিলাত তেওঁ বাস কৰে।২ দেউতাক ৰাধা মোহনে আশীৰ দশকত মাটি কিনিছিল যিটো উচ্ছন্ন ভূমি আছিল। জৈৱিক খেতিৰ কৌশল ব্যৱহাৰ কৰি পিতৃ-কন্যাই তিনি বছৰৰ মূৰত মাটি সজীৱ কৰি তুলিলে। তাৰ পিছত তেওঁলোকে অধিক মাটি ল'লে, ৯০ একৰ পৰ্যন্ত মাটি কৃষি উপযোগী কৰিলে।১ অন্যান্য বস্তুৰ লগতে ইহঁতে লৱণ বীন, জেক বিন, তৰোৱাল বীন আৰু ক'লা চাউলৰ খেতি কৰে।৩ তেওঁলোকে একেলগে সম্ভৱ নামৰ এটা বেচৰকাৰী সংস্থা (এন জি অ’) গঠন কৰে যিয়ে জৈৱিক কৃষি আৰু বীজ বিনিময়ক প্ৰসাৰিত কৰে। সম্ভৱৰ বাবে পূৰ্ণকালীন কাম কৰাৰ উদ্দেশ্যে ১৯৯৩ চনত অক্সফামৰ চাকৰি এৰি থৈ আহে।১

২০২১ চনলৈকে সম্ভৱে সংৰক্ষণৰ বাবে ৫০০ টা বীজৰ জাত সংগ্ৰহ কৰিছিল। ইয়াত প্ৰশিক্ষণ দিৱস অনুষ্ঠিত হয় আৰু বাৰ্ষিক বীজ উৎসৱ অনুষ্ঠিত হয়।২ এই বেচৰকাৰী সংস্থাটোৱে মা সৰস্বতী নামৰ আত্মসহায়ক গোটৰ সৈতে অংশীদাৰিত্ব কৰি স্থানীয় গাঁৱত মহিলাৰ অধিকাৰ আৰু পৰিৱেশৰ কাম-কাজৰ প্ৰসাৰ ঘটাইছে।২"সম্ভৱ" সংস্থাই "System of Rice Intensification" (SRI) প্ৰচাৰ কৰে, যিটো ধান উৎপাদনৰ এক উন্নত প্ৰণালী, যাৰ উদ্দেশ্য ফলন বৃদ্ধি কৰা। আৰু টিকিৰ মতে ধাননি পথাৰত কাম কৰা মহিলাসকলৰ বাবে শ্ৰম প্ৰক্ৰিয়াও সহজ কৰি তোলে।৪

বঁটা আৰু স্বীকৃতি

২০১৮ চনত সাবৰমতীৰ এই কামে স্বীকৃতি লাভ কৰে, যেতিয়া তেওঁ ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।৫ ২০২০ চনত তেওঁ পিতৃৰ সৈতে পদ্মশ্ৰী বঁটা লাভ কৰে, তেওঁলোকৰ দশকজোৰা সংৰক্ষণ আৰু জৈৱিক কৃষিৰ প্ৰচাৰৰ স্বীকৃতি স্বৰূপে।৩ মন্ত্ৰী পীয়ুষ গোৱালে কয় যে দুয়োজন "অগোৱা নায়ক"।৬

নিৰ্বাচিত ৰচনা

টিকি, সাবৰমতী; লিম, লিয়াং চুন; ছাভান, অ’ৰম (২০১৫)। "এছ আৰ আইয়ে মহিলাৰ বাবে মংগলৰ খেতি কৰে"। খেতিৰ বিষয়। ৩১ (৪)। টিকি, সাবৰমতী (২০১৫)। "এছ আৰ আই: মহিলাৰ জীৱনক ৰূপান্তৰিত কৰা এটা প্ৰথা"। লেইছা ইণ্ডিয়া। ১৭ (৪): ১৮–২০

তথ্যসূত্ৰ

  1. ↑ Barua, Ananya. (13 February 2020). This Father-Daughter Duo's Organic Farming Journey Won Them a Padma Shri. The Better India
  2. ↑ Singh, Pushpa. (December 2020). Capturing the Narratives of Sustainable Farming: Study of Marginal Women Farmers in Five Districts of Odisha. Indian Journal of Public Administration. পৃ. 455–465
  3. ↑ Staff writer. (27 January 2020). Father, daughter duo gets Padma Shri for 30-year-long conservation experiment. The Hindu
  4. ↑ (9 March 2018). Odisha's Sabarmatee Tiki receives 'Nari Shakti Award'. KalingaTV
  5. ↑ Staff writer. (8 March 2018). Nari Shakti of 30 women to be honoured at Rashtrapati Bhavan. The New Indian Express
  6. ↑ Padma Shri For Father-Daughter Who Transformed Wasteland Into A Forest. NDTV

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাবৰমতী টিকি” প্ৰবন্ধৰ সংশোধন ৪৯২৩৫৩ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।