সাধনা মহিলা সংঘ বাংগালোৰৰ এটা বেচৰকাৰী সংগঠন। তেওঁলোকে মূলতঃ যৌন কৰ্মীসকলক সমৰ্থন কৰে। কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ সময়ত তেওঁলোকে গ্ৰাহকৰ অভাৱত ভোগা যৌন কৰ্মীসকলৰ মাজত খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল।
ইতিহাস
সংগঠনটো ২০১১ চনত গঠন কৰা হৈছিল। পিছত ২০১৩ চনত পঞ্জীয়নভুক্ত কৰা হয়। যৌন কৰ্মীসকলক আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি আৰু দুৰ্ব্যৱহাৰ কৰা হয়।১১২ সাধনা মহিলা সংঘৰ সম্পাদিকা এম গীতাই কয় যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ২০০৯ চনত এটা ৰায় দিয়া হৈছিল, যি এই কৰ্মী সকলৰ কাম-কাজক বিশেষভাৱে অবৈধ কৰি তোলে। সংগঠনটোৱে এই শ্ৰমিকসকলক তেওঁলোকৰ কাম সলনি কৰাৰ ক্ষেত্ৰত সহায় কৰে। অৱশ্যে শ্ৰমিকসকলে নিৰন্তৰ বৈষম্যৰ সন্মুখীন হ'ব লগা হয়। তেওঁলোকৰ বহুতে ইতিমধ্যে তেওঁলোকৰ স্বামী আৰু পৰিয়াল হেৰুৱাইছে, আনকি সাধাৰণ সময়তো তেওঁলোকে এইচআইভিৰ দৰে বিপদাশংকাৰ ওপৰত মানসিক সমস্যাৰ সন্মুখীন হয়।১ এনজিঅ'টোৱে প্ৰতি তিনি মাহত যৌন কৰ্মীসকলৰ বাবে এইচআইভি পৰীক্ষাৰ ব্যৱস্থা কৰে। এইক্ষেত্ৰত ইতিবাচক ফলাফল পালে তেওঁলোকক পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰা হয়। তেওঁলোকে তেওঁলোকক কণ্ডম ব্যৱহাৰ কৰিবলৈ আৰু এনে নকৰাৰ নৈতিক সমস্যাবোৰ উপলব্ধি কৰাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই।৩ এইদৰে এইচআইভি পজিটিভ কৰ্মী সকলৰ লগতে ঘৰৰ পৰা ত্যাগ কৰা এই দুই ধৰণৰ যৌন কৰ্মী মহিলা সকলক মূলতঃ সংগঠনটোৱে এইচআইভি অৰিয়েণ্টেছন আৰু খাদ্যবস্তু যোগানৰ দ্বাৰা সহায় আগবঢ়াই আহিছে।
ক'ভিড-১৯ মহামাৰী
২০২০ চনৰ মাৰ্চমাহৰ ভিতৰত যৌন কৰ্মীসকলে ভোগ কৰিবলগীয়া হোৱা অসুবিধা সমূহ অৱগত কৰিছিল।২ তেওঁলোকৰ বহুতে চহৰৰ বাহিৰত বাস কৰে আৰু ৰাতিপুৱাই কামলৈ যাত্ৰা কৰিব লাগে। মহামাৰীৰ সময়ত বাছৰ চলাচল বাতিল কৰা হৈছিল। ইয়াৰোপৰি গ্ৰাহকসকলে ৰোগ বিয়পাৰ শংকাত ভুগিব লগা হৈছিল। গ্ৰাহকৰ অভাৱত যৌন কৰ্মীসকলৰ উপৰ্জন বন্ধ হৈ খাদ্যৰ অভাৱ ঘটিছিল। সংগঠনটোৱে কৰা অনুমান অনুসৰি বাংগালোৰত প্ৰায় ১,০০০ যৌন কৰ্মী আছিল।২ আৰু তেওঁলোকৰ উপাৰ্জন প্ৰায় ৫৫% হ্ৰাস পাইছিল।২ ইয়াৰফলত খাদ্য অভাৱ আৰু ঘৰভাড়া পৰিশোধ কৰিব নোৱাৰা অৱস্থা হৈছিল।২ এই পৰিস্থিতিত সাধনা মহিলা সংঘই এইসকল নিবনুৱাৰ বাবে খাদ্য যোগান ধৰিছিল।১
বঁটা
গোটেই সংগঠনটোক ২০১৭ চনৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰা হৈছিল।৪ নতুন দিল্লীত সেইসময়ৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হৈছিল। দলটোৱে এখন প্ৰশংসাপত্ৰ আৰু এক লাখ টকা লাভ কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ (2020-05-15). Sex workers stare at bleak future. Deccan Herald
- ↑ Reddy, Y. Maheswara. (2020-03-24). Fear of coronavirus keeps clients away. Bangalore Mirror
- ↑ (2019-03-13). Chigurida Badaku: Sadhana Mahila Sangha Works To Protect HIV+ Sex Workers From Endless Cycles of Harassment. Radio Active CR 90.4 MHz
- ↑ Nari Shakti Awardees- Sadhana Mahila Sangha, Karnataka · Ministry of Women & Child Development. wcd.nic.in
- ↑ Service, Tribune News. Prez honours 31 with Nari Shakti Puraskar on Women’s Day. Tribuneindia News Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাধনা মহিলা সংঘ” প্ৰবন্ধৰ সংশোধন ৩৮৩০৮২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।