গুৰু আসন তিনি প্ৰকাৰৰ; সিংহাসন,গৰুড়াসন আৰু ম’ৰাসন। ৰাজহুৱা নামঘৰত সাধাৰণতে সিংহাসনহে প্ৰতিষ্ঠা কৰা হয়। সিংহাসন তিনি খলপাৰ পৰা সাত খলপা পৰ্যন্ত হ’ব পাৰে। সিংহাসনৰ খলপা কেইটাত দশৱতাৰ আৰু কৃষ্ণলীলা সমূহ হেঙুল হাইতালেৰে অঙ্কিত কৰা থাকে। সিংহাসনৰ খুড়াবোৰ বিচিত্ৰ ৰূপত খোদিত কৰা হয়। খুড়া চাৰিটাৰ একেবাৰে তলত কাছ,কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ কটা থাকে। ওপৰৰ খলপা কেইটাত থকা খুটা কেইটাত হাতী আৰু সিংহ কটা থাকে। সিংহাসনৰ সাতোটা খলপা সপ্ত বৈকুণ্ঠ (ক্ৰমে শ্বেতবিলাস, শান্তনুবিলাস, পুষ্পবিলাস, পঙ্কজ বিলাস, কনক দন্ত, সনাতন আৰু গোলোক)ৰ লগত তুলনা কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সপ্ত বৈকুণ্ঠ” প্ৰবন্ধৰ সংশোধন ৩০৫১৭৮ (২৯ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।