অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সন্না (ব্যঞ্জন)

সন্না (ব্যঞ্জন)ভাৰত উপমহাদেশৰ পশ্চিম উপকূলৰ কংকন অঞ্চলত মূলতঃ ৰঙা চাউল, ক'লা মচুৰ দাইল আৰু নাৰিকলেৰে তৈয়াৰী স্পঞ্জী, সঁজুলিত সহায়ত ভাপত ৰন্ধা আৰু টেঙা নোহোৱা পিঠা বিশেষ। এইবোৰৰ উৎপত্তি স্থান হ'ল গোৱা আৰু দমাওন, মেংগালোৰ, বম্বে আৰু বছেইন (ভাছাই)ত।

হালনাগাদ: ২৬ জুলাই ২০২৫ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

সন্না (ব্যঞ্জন)ভাৰত উপমহাদেশৰ পশ্চিম উপকূলৰ কংকন অঞ্চলত মূলতঃ ৰঙা চাউল, ক'লা মচুৰ দাইল আৰু নাৰিকলেৰে তৈয়াৰী স্পঞ্জী, সঁজুলিত সহায়ত ভাপত ৰন্ধা আৰু টেঙা নোহোৱা পিঠা বিশেষ। এইবোৰৰ উৎপত্তি স্থান হ'ল গোৱা আৰু দমাওন, মেংগালোৰ, বম্বে আৰু বছেইন (ভাছাই)ত। বিশেষকৈ গোৱালীয়া, গোৱান হিন্দু আৰু গোৱান খ্ৰীষ্টানসকলৰ খাদ্যসংস্কৃতিত বহুলভাৱে ব্যৱহৃত হয়। আৰু লগতে কৰাচী, সিন্ধ, গুজৰাট, কৰ্ণাটক আৰু কেৰালাত কোংকানৰ বাহিৰৰ পৰা প্ৰব্ৰজন কৰা কংকনীসকলৰ মাজতো সান্না জনপ্ৰিয়। বম্বে ইষ্ট ইণ্ডিয়ান সম্প্ৰদায়ৰ কুপাৰীৰ দৰে কোংকন সংমণ্ডলৰ ৰাইজেও এই বিধ খাদ্য ভাল পায়।

হিন্দুসকলে সাধাৰণতে কিম্বন কৰিবলৈ উৰাদ দালি, নাৰিকল পানী আৰু নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰে।১ কেথলিক খ্ৰীষ্টান সকলৰ ছান্না দুবিধ: নাৰিকল ফুলৰ টডিৰ পৰা তৈয়াৰী আৰু নাৰিকলৰ ৰস-টডী ব্যৱহাৰ কৰি তৈয়াৰ কৰা সন্না।২ যদিও দুয়োটাতে একে জাতৰ চাউলৰ প্ৰয়োজন হয়, সাধাৰণতে কিম্বন কৰিবলৈ নাৰিকলৰ সৈতে সন্না তৈয়াৰ কৰা হয়, চেনি যোগ কৰি তৈয়াৰ কৰা সন্না ইডলিছৰ দৰে নহয়।৩৪৫ইয়াক গণেশ চতুৰ্থী, সোণছাৰ পদ্ভো/যুগাদী আৰু মকৰ সংক্ৰান্তিৰ দৰে বিশেষ দিনত এই বিধ তৈয়াৰ কৰা হয়,১আৰু কেথলিক খ্ৰীষ্টানসকলে সাধাৰণতে গীৰ্জাৰ ভোজ, বাপতি আৰু বিয়াৰ বাবে প্ৰস্তুত কৰে। কেতিয়াবা গুড়ৰ সৈতে মিঠা সংস্কৰণ তৈয়াৰ কৰা হয়, যাক গোদাচি (কংকনী: गोदाচি সন্নন, গোদ্দাচি সন্না) বুলি জনা যায়।৬

মেংগালোৰীয়ান কেথলিক খাদ্যসাঁস্কৃতিক সন্না ইমানেই প্ৰিয় যে তেওঁলোকৰ বিশেষ দিনসমূহত সন্না নথাকিলে অসম্পূৰ্ণ যেন লাগে। সাধাৰণতে বাফাট, (গুঁড়া মছলাৰ মিশ্ৰণেৰে তৈয়াৰী মচলাদাৰ গাহৰিৰ কাৰী) ৰ লগত পৰিবেশন কৰা সন্না বিধ আচলতে অতি বহুলভাৱে প্ৰিয় খাদ্য।

সান্না মুৰ্গী বা ম’হৰ কাৰীৰ লগতো খোৱা হয়, আৰু ভাৰতত গৰুৰ মাংস নিষিদ্ধ হোৱাৰ আগতে গৰুৰ কাৰীৰ লগতো পৰিবেশন কৰা হৈছিল। ই নাস্তা হিচাপে খোৱা হয় নাৰিকল চাটনী বা সাম্ভাৰৰ সৈতে, অথবা গুৰ আৰু এলাচিৰ সুবাসযুক্ত নাৰিকল গাখীৰৰ লগতো মিঠা জলপান হিচাপে উপভোগ কৰা হয়।

বৰ্তমান সময়ত, কিছুমান ঠাইত সোণ্দি (তাড়ি) নোপোৱাৰ বাবে বা নিষেধাজ্ঞাৰ বাবে, আৰু তাজা নাৰিকলৰ গাখীৰ কঢ়িয়াই অনাটো কঠিন আৰু দীঘলীয়া প্ৰক্ৰিয়া হোৱাৰ বাবে, সন্না কেৱল ক’ঙকণী উৎসৱতহে প্ৰস্তুত কৰা হয়। কেতিয়াবা সন্নাৰ সম্পূৰ্ণ বিকল্প হিচাপে সাদাভাত আৰু ইষ্টৰ সৈতে তৈয়াৰী ইডলি ব্যৱহাৰ কৰা হয়।

লগতে চাওক

  • বম্বে চেফায়াৰ
  • কৰ্ণাটকৰ খাদ্য
  • ধোকলা
  • ফেনী (গোৱা)
  • কিম্বন কৰা খাদ্যৰ তালিকা
  • ভাৰতীয় ৰুটিৰ তালিকা
  • ভাপত দিয়া খাদ্যৰ তালিকা
  • পুট্টু
  • ৰাভা ইদলি

তথ্যসূত্ৰ

  1. ↑ (1979). Gazetteer of the Union Territory Goa, Daman and Diu: district gazetteer, Volume 1. Goa, Daman and Diu (India). Gazetteer Dept. পৃ. 258
  2. ↑ Kuper, Jessica. (1997). The anthropologists' cookbook. Kegan Paul International. পৃ. 208. ISBN 978-0-7103-0531-2
  3. ↑ Sannas Recipe, Goan Steamed Rice Bread
  4. ↑ (11 June 2011). Sanna | Sannas - Steamed Rice Cakes + Video
  5. ↑ Sanna Recipe: How to Make Sanna Recipe | Homemade Sanna Recipe
  6. ↑ Gomes, Olivinho. (1987). Village Goa: a study of Goan social structure and change. S. Chand. পৃ. 249–250

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্না (ব্যঞ্জন)” প্ৰবন্ধৰ সংশোধন ৫২৭৬৫৬ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।