অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সন্ধ্যাৰাণী

সন্ধ্যাৰাণী চেটাৰ্জী (সন্ধ্যাৰাণী নামেৰে বহুলভাৱে পৰিচিত; Sandhyarani ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত। ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত বাংলা চলচ্চিত্ৰত ৰাজত্ব কৰা এগৰাকী অভিনেত্ৰী আছিল। তেওঁ ২৫০ খনতকৈও অধিক বাংলা ছবিত অভিনয় কৰিছে।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সন্ধ্যাৰাণী চেটাৰ্জী (সন্ধ্যাৰাণী নামেৰে বহুলভাৱে পৰিচিত; Sandhyarani ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত।১ ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত বাংলা চলচ্চিত্ৰত ৰাজত্ব কৰা এগৰাকী অভিনেত্ৰী আছিল।২ তেওঁ ২৫০ খনতকৈও অধিক বাংলা ছবিত অভিনয় কৰিছে।৩ সৰ্বজনীন বিবাহোৎসৱ (২৬ এপ্ৰিল ১৯৩৮) ছবিৰ যোগে তেওঁ ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰে।৪ অজয় কৰৰ বৰদিদিত (১৯৫৭) তেওঁ উত্তম কুমাৰৰ বিপৰীতে অভিনয় কৰিছিল।৫ পিছলৈ সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পিছতো তেওঁৰ জনপ্ৰিয়তা অক্ষত আছিল।৬

কৰ্মজীৱন

১৯৪৮ চনত সন্ধ্যাৰাণীয়ে শৰৎ চন্দ্ৰ চেটাৰ্জীৰ একে নামৰ বহু বিখ্যাত উপন্যাসৰ আধাৰত নিৰ্মিত অৰক্ষণীয় ছবিত জ্ঞানদাৰ চৰিত্ৰত অভিনয় কৰে।৭ অজয় ভট্টাচাৰ্যই উপেন্দ্ৰনাথ গংগোপাধ্যায়ৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত তেওঁৰ বাংলা কমেডী ছবি ছদ্মবেশীত (১৯৪৪) তেওঁক কাষ্ট কৰে।৮ সুচিত্ৰা সেনে সূৰ্য্যমুখীত মূল চৰিত্ৰত নিজে অভিনয় কৰাৰ সলনি সন্ধ্যাৰাণীক চৰিত্ৰটো কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল।৯

তথ্যসূত্ৰ

  1. ↑ সংবাদদাতা, নিজস্ব. ফাৰ্ন ৰোডে পৰিচাৰিকাৰ অগ্নিদগ্ধ দেহ উদ্ধাৰ. anandabazar.com
  2. ↑ Bangla, Jago. (8 October 2022). বাংলা ছবিৰ লক্ষ্মীৰা. JagoBangla
  3. ↑ অগ্নিদগ্ধ মৃত্যু ঘিৰে স্মৃতিতে সন্ধ্যাৰানি. Eisamay
  4. ↑ সন্ধ্যাৰানী. banglacinema100.com
  5. ↑ (3 September 2020). Birth Anniversary Special: Uttam Kumar's magical combination with the path-breaker in Bengali cine classics Ajoy Kar. The Times of India
  6. ↑ Sreelekha: মা লক্ষ্মী সেজে সোশাল মিডিয়ায় অবতীৰ্ণ শ্ৰীলেখা মিত্ৰ, দেখেছেন তাঁৰ নয়া অবতাৰ?. calcuttanews.tv
  7. ↑ 1948 - arakshaniya.pdf. Google
  8. ↑ 1944 - Chadmabeshi.pdf. Google
  9. ↑ বন্দ্যোপাধ্যায়, শুভদীপ. অভিনেতাৰ আড়ালে পৰিচালক বিকাশ ৰায়

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্ধ্যাৰাণী” প্ৰবন্ধৰ সংশোধন ৪৮৫২৯৭ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।