অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সংশয় ব্যৱস্থাপনা

সংশয় ব্যৱস্থাপনা (risk management) হৈছে সংশয়ৰ চিনাক্ত কৰণ, মূল্যাংকৰণ, নিয়ন্ত্ৰণ আৰু নিবাৰণ তথা স্থানান্তৰ কৰণ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৬৪ শব্দ · ৩ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

সংশয় ব্যৱস্থাপনা (risk management) হৈছে সংশয়ৰ চিনাক্ত কৰণ, মূল্যাংকৰণ, নিয়ন্ত্ৰণ আৰু নিবাৰণ তথা স্থানান্তৰ কৰণ।

সংশয়ৰ অৰ্থ

সংশয় (Risk) শব্দটোৱে বহুত ধৰণৰ অৰ্থ প্ৰকাশ কৰে। সাধাৰণ ভাষাত ইয়াৰ অৰ্থ হ’ল সন্দেহ, দ্বিধা, অনিশ্চয়তা। Risk শব্দটো ইংৰাজী ভাষাত বিভিন্ন অভিধানে এনেদৰে ব্যাখ্যা কৰিছে –

  • Concise Oxford Dictionary: Hazard, chance of bad consequences, loss etc.; exposure to mischance
  • Chamber’s English Dictionary: Hazard, danger, chance of loss or injury; the degree of probability of loss; a person, thing or factor likely to cause loss or danger

ইয়াৰ অৰ্থ সংশয় হৈছে এনেকুৱা এটা বস্তু বা ঘটনা যি আমাক ক্ষতি কৰিব পাৰে, বহল অৰ্থত ই হৈছে সম্পূৰ্ণ ৰূপে অনিশ্চিত এটা ঘটনাৰ প্ৰতি কোনো বস্তু বা ব্যক্তিৰ অনাৱৰণ। ISO 3100 – The International Organisation for Standardization-এ প্ৰকাশ কৰা সজ্ঞা: সংশয় হ’ল কোনো উদ্দেশ্যৰ ওপৰত অনিশ্চয়তাৰ ফলত পৰা ধনাত্মক বা ঋনাত্মক প্ৰভাৱ। ১ বৃহত পৰিসৰত ই ভৱিষ্যতৰ অনিশ্চয়তা বা এনে যি কোনো ঘটনা যি আশা কৰা বা পৰিকল্পনা কৰা মতে ফলাফল হোৱাত বাধা প্ৰদান কৰে। সধাৰণ ভাৱে আমি ক’ব পাৰো যে ই হ’ল ব্যৱসায়ৰ অনিশ্চয়তা যি ব্যৱসায়ৰ লক্ষ্যত উপনীত হ’বলৈ নিদিয়ে। লক্ষ্যবস্তুৰ ওপৰত অনিশ্চয়তাৰ মাত্ৰা নিৰ্ভৰ কৰে সংশয়ৰ মাত্ৰাৰ ওপৰত।

সংশয়ৰ শ্ৰেণী বিভাজন

  • ব্যক্তিগত, সম্পত্তি আৰু দায়িত্বৰ সংশয়
  1. ব্যক্তিগত সংশয়: কোনো ব্যক্তিৰ হ’ব পৰা সম্ভাৱনীয় নিজা ক্ষতি
  2. সম্পত্তিৰ সংশয়: সম্পত্তিৰ হ’ব পৰা সম্ভাৱনীয় ক্ষতি
  3. দায়িত্বৰ সংশয়: কোনো ব্যক্তি বা সংস্থাই ল’ব লগীয়া হ’ব পৰা সম্ভাব্য দায়িত্ব।
  • ভৌতিক, সামাজিক আৰু বজাৰ সংশয়:
  1. ভৌতিক সংশয়: ধুমুহা, বা-মাৰলি, বানপানী, ঘূৰ্ণী-বতাহ আদি ধৰণৰ প্ৰাকৃতিক ঘটনা
  2. সামাজিক সংশয়: হিংসা, ধৰ্ণা, অসামৰিক আন্দোলন, চুৰ্-চাপাচি আদি।
  3. বজাৰ সংশয়: মূল্য হ্ৰাস্ বা ক্ৰয় আৰু বিক্ৰীৰ সীমাবদ্ধতা আৰোপ কৰণ।
  • প্ৰকৃত আৰু কাল্পনিক সংশয়:
  1. প্ৰকৃত সংশয়: এই ক্ষেত্ৰত মাত্ৰ ক্ষতিৰ হে সম্ভাৱনা থাকে, কোনো ধৰণৰ লাভৰ আশা নাথাকে।
  2. কাল্পনিক সংশয়: এই ক্ষেত্ৰত ক্ষতিৰ লগতে লাভৰো সম্ভাৱনা থাকে।
  • স্থবিৰ আৰু গতিশীল সংশয়:
  1. স্থবিৰ সংশয়: এই ধৰণৰ সংশয়ত প্ৰাকৃতিক ঘটনা বা মানৱীয় ভুলৰ ফলত হোৱা ঘটনাৰ সম্বন্ধ থাকে।
  2. গতিশীল সংশয়: এই ধৰণৰ সংশয়ত মানুহৰ প্ৰত্যাশাৰ সলনি আৰু প্ৰযুক্তিবিদ্যাৰ সলনিৰ ফলত হোৱা ঘটনাৰ সম্বন্ধ থাকে।
  • বুনিয়াদী আৰু গাইগুটীয়া সংশয়:
  1. বুনিয়াদী সংশয়: এই ধৰণৰ সংশয়ৰ প্ৰভাৱ সামূহিক হয় যাৰ উৎপত্তি অব্যক্তিগত কাৰণত হয়। বুনিয়াদী সংশয় সমূহ ৰাজনৈতিক বা অৰ্থনৈতিক সাল-সলনিৰ ফলত সংঘটিত হয়।
  2. গাইগুটীয়া সংশয়: এই ধৰণৰ সংশয় একক ব্যক্তি বা বস্তুৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।

সংশয় ব্যৱস্থাপনাৰ সংজ্ঞা

  1. এটা প্ৰতিষ্ঠানৰ সম্পত্তি, আয়, দায়িত্ব আৰু মানুহবোৰক সৰ্বোচ্চ দক্ষতাৰে আৰু সৰ্বনিম্ন খৰচেৰে কৰা ৰক্ষণা-বেক্ষণ।
  2. সংস্থাৰ আকাংক্ষা মতে ভাবুকি বোৰৰ চিনাক্ত কৰণ আৰু মূল্যাঙ্কন কৰণ আৰু সেই ভাবুকি বোৰৰ হ্ৰাস কৰণৰ যোগেদি আকাংক্ষাবোৰ পূৰ্ণ হোৱাৰ পদ্ধতিৰ বিকাশ সাধন কৰণ।
  3. কোনো সংস্থাৰ আয়ৰ প্ৰতি ভাবুকি হ’ব পৰা সংশয়ৰ চিনাক্ত কৰণ, মূল্যাঙ্কন কৰণ আৰু আৰ্থিক ভাবে নিয়ন্ত্ৰণ কৰণ।
  4. সংশয় ব্যৱস্থাপনা হৈছে সংশয়বোৰৰ চিনাক্ত কৰণ, নিৰ্ধাৰণ কৰণ আৰু প্ৰাথমিকতাৰ চিনাক্ত কৰণ আৰু ইয়াৰ পাছত সম্পদ সমূহ সমন্বিত আৰু মিতব্যয়ী ব্যৱহাৰে অনিশ্চয়তা বা দুৰ্ভাগ্যজনক ঘটনাৰ প্ৰভাৱ হ্ৰাস কৰণ, তত্ত্বৱধান কৰণ আৰু নিয়ন্ত্ৰণ কৰণ আৰু / অথবা সুযোগ সমূহৰ সৰ্বোচ্চ ব্যৱহাৰ কৰণ।
  5. সংশয় ব্যৱস্থাপনা হৈছে সংশয় মূল্যাঙ্কন কৰা বা নিৰ্ধাৰণ কৰা আৰু পৰিচালন কৰিব পৰাকৈ কৌশল বিকাশ কৰা এটা প্ৰণালী। কৌশল সমূহ হ’ল: সংশয় পৰিহাৰ কৰা, সংশয়ৰ ঋণাত্মক প্ৰভাৱ হ্ৰাস কৰা, সংশয় আন এক পক্ষলৈ হস্তান্তৰ কৰা আৰু আংশিক বা সম্পূৰ্ণ পৰিণাম মূৰ পাতি লোৱা।
  6. পৰস্পৰাগত সংশয় ব্যৱস্থাপনাই ভৌতিক আৰু আইনী কাৰকৰ পৰা উদ্ভৱ সংশয়ৰ (যেনে – প্ৰাকৃতিক দুৰ্যোগ বা জ্বুই, দুৰ্ঘটনা, মৃত্যু আৰু আইনী মোকৰ্দমা) ওপৰত মনোনিৱেশ কৰে।
  7. আন হাতে বিত্তীয় সংশয় ব্যৱস্থাপনাই বাণিজ্যীকৃত বিত্তীয় সঁজুলিৰ দ্বাৰা পৰিচালন কৰিব পৰা সংশয়ৰ ওপৰত মনোনিৱেশ কৰে।
  8. লাভ-বিহীন সংস্থাৰ ক্ষেত্ৰত সংশয় ব্যৱস্থাপনা হৈছে আৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ নিৰবিচ্চিন্ন যোগাৰৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হোৱা সংশয় সমূহৰ চিনাক্ত কৰণ, মূল্যাঙ্কন কৰণ আৰু আৰ্থিক ভাবে নিয়ন্ত্ৰণ কৰণ।

তথ্য সংগ্ৰহ

  1. Insurance Institute of India ৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুথি Risk Management

তথ্যসূত্ৰ

  1. ↑ Hubbard, Douglas. (2009). The Failure of Risk Management: Why It's Broken and How to Fix It. John Wiley & Sons. পৃ. 46

সম্পৰ্কিত শ্ৰেণী

ব্যৱস্থাপনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংশয় ব্যৱস্থাপনা” প্ৰবন্ধৰ সংশোধন ৬৩০৯২৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।