ব্যৱস্থাপনা
৫ প্ৰবন্ধ
-
ব্যৱস্থাপনা
ব্যৱসায় আৰু মানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত ব্যৱস্থাপনা (management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনীত হোৱা। ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ…
-
মৌজা
বাংলাদেশ, পাকিস্তান আৰু ভাৰতৰ কিছু অংশত মৌজা হৈছে একপ্ৰকাৰৰ প্ৰশাসনিক জিলা, যিটো এটা নিৰ্দিষ্ট ভূমি অঞ্চলৰ সৈতে মিল খায় যাৰ ভিতৰত এটা বা ততোধিক বসতি থাকিব পাৰে। ২০ শতিকাৰ আগতে এই শব্দটোৱে পৰগনা বা ৰাজহ জিলাৰ ঠিক তলত থকা ৰাজহ সংগ্ৰহৰ এককক বুজাইছিল।
-
সংশয় ব্যৱস্থাপনা
সংশয় ব্যৱস্থাপনা (risk management) হৈছে সংশয়ৰ চিনাক্ত কৰণ, মূল্যাংকৰণ, নিয়ন্ত্ৰণ আৰু নিবাৰণ তথা স্থানান্তৰ কৰণ।
-
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ভাৰত)
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ভাৰত), সংক্ষেপে এনডিএমএ (NDMA), হৈছে ভাৰত চৰকাৰৰ এক শীৰ্ষস্থানীয় সংস্থা, যাৰ দায়িত্ব হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি নিৰ্ধাৰণ কৰা। এনডিএমএ ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হয়।
-
৫এছ্ (পদ্ধতি)
5S নামটো কৰ্মস্থলী সংগঠনৰ বিশেষ পদ্ধতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই আচলতে জাপানী ভাষাৰ পাঁচটা শব্দৰ পৰা আহিছে,”ছেইৰি” (seiri), ছেইটন (seiton),”ছেইছ'”(seiso), ছেইকেট্ছু (seiketsu) আৰু ছিট্ছুকে (shitsuke)। তদুপৰি এই শব্দকেইটাৰ ইংৰাজী ভাৱানুবাদও “S”ৰে আৰম্ভ হোৱা পাচটা শব্দৰে হৈছে।