অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

৫এছ্‌ (পদ্ধতি)

5S নামটো কৰ্মস্থলী সংগঠনৰ বিশেষ পদ্ধতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই আচলতে জাপানী ভাষাৰ পাঁচটা শব্দৰ পৰা আহিছে,”ছেইৰি” (seiri), ছেইটন (seiton),”ছেইছ'”(seiso), ছেইকেট্‌ছু (seiketsu) আৰু ছিট্‌ছুকে (shitsuke)। তদুপৰি এই শব্দকেইটাৰ ইংৰাজী ভাৱানুবাদও “S”ৰে আৰম্ভ হোৱা পাচটা শব্দৰে হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪২৪ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

5S নামটো কৰ্মস্থলী সংগঠনৰ বিশেষ পদ্ধতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই আচলতে জাপানী ভাষাৰ পাঁচটা শব্দৰ পৰা আহিছে,”ছেইৰি” (seiri), ছেইটন (seiton),”ছেইছ'”(seiso), ছেইকেট্‌ছু (seiketsu) আৰু ছিট্‌ছুকে (shitsuke)। তদুপৰি এই শব্দকেইটাৰ ইংৰাজী ভাৱানুবাদও “S”ৰে আৰম্ভ হোৱা পাচটা শব্দৰে হৈছে।১ ই এক কৰ্মক্ষেত্ৰ সুচ্চল তথা দক্ষভাৱে পৰিচালনা কৰা নীতি বৰ্ণনা কৰে। ২ সাধাৰণতে কৰ্মীসকলৰ মাজত এক আৰ্হি স্বৰূপ নিৰ্ধাৰণ কৰি, সেই আৰ্হিৰ জৰিয়তে সকলো কৰ্মী সহমতত আহি সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়।

৫-এছ্‌ (5S)

৫-এচৰ পাচটা পৰ্যায় আছে। ইয়াক জাপানীৰ পৰা ইংৰাজীলৈ "sort", "straighten", "shine", "standardize", আৰু "sustain” এইকেইটা শব্দলৈ অনুবাদ কৰা হৈছে। ইয়াৰ ভিন্ন অনুবাদও কৰিব পৰা যায়।

ছেইৰি

整理

  1. অলাগতিয়াল বস্তুবোৰ আঁতৰাই সঠিক ঠাইত ৰাখিব লাগে।
  2. প্ৰতিবন্ধকতাসমূহ আঁতৰাই কৰ্মক্ষেত্ৰখন স্বচ্চল কৰি ল’ব লাগে।
  3. অদৰকৰী সামগ্ৰীৰ পৰা পাব পৰা অসুবিধাখিনি দূৰ কৰিব লাগে।
  4. অদৰকাৰী সামগ্ৰীসমূহ কৰ্মক্ষেত্ৰত জমা হৈ থাকিব দিব নালাগে।
  5. মূল্য অথবা অন্য কাৰকৰ ওপৰত ভিত্তি কৰিহে কোনো সামগ্ৰীৰ বিবেচনা কৰিব লাগে।
  6. সকলো অলাগতিয়াল সামগ্ৰী আঁতৰাই পেলাব লাগে।
  7. লাগতিয়াল আৰু অলাগতিয়াল বস্তুসমূহ বেলেগে ভগাই পেলাব লগে।

ছেইটন

整頓

  1. "set in order" বা"streamline"
  2. সকলো প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰৰ বাবে হাততে পোৱাকে ৰাখিব লাগে।
  3. সময়ৰ অপব্যয় ৰোধ কৰিব লাগে।
  4. প্ৰথম আহিলে প্ৰথম সেৱা (First-come-first-served basis)
  5. কামখিনি সহজ আৰু সুথিলভাৱে চলোৱাৰ চেষ্টা কৰিব লাগে।

ছেইছ'

清掃

  1. "sweep", "sanitize", "shine", বা "scrub"
  2. কৰ্মস্থানৰ সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতা।
  3. পৰিচ্ছন্নতা পৰিদৰ্শনৰ এটি বিষয় হিচাবে ধৰিব লাগে।
  4. যন্ত্ৰ-পাতি তথা সঁজুলিসমূহ যতনেৰে চলাব লাগে যাতে সেইবোৰ বেয়া নহয়।
  5. কৰ্মক্ষেত্ৰখন কামৰ বাবে সহজ তথা সুৰক্ষিত কৰি ৰখিব লাগে।

ছেইকেট্‌ছু

清潔

  1. কৰ্মক্ষেত্ৰৰ কৰ্ম আৰ্হি নিৰ্ধাৰণ।
  2. কৰ্মক্ষেত্ৰৰ কামৰ তথা ব্যৱস্থাপনাৰ এক পূৰ্বনিৰ্ধাৰিত আৰ্হি মানি চলা।
  3. সকলো কাম শৃংখলিত ভাৱে এক পূৰ্বনিৰ্ধাৰিত আৰ্হিমতে সমাধা কৰা।
  4. সকলো বস্তু নিৰ্ধাৰিত স্থানত ৰাখিব লাগে।
  5. প্ৰতিটো প্ৰক্ৰিয়াৰ এক সুকীয়া তথা স্বকীয় আৰ্হি থাকিব লাগে।

ছিট্‌ছুকে

躾

  1. "do without being told" (যদিও Sৰে আৰম্ভ নহয়)
  2. প্ৰয়োজনীয়তাৰ ক্ৰমত শৃংখল কৰা।
  3. নিয়মিতভাৱে হিচাপ পৰিদৰ্শন কৰা।
  4. প্ৰশিক্ষণ আৰু নিয়মানুৱৰ্তিতা

অন্য S

কিছুসময়ত ৫-এছৰ লগতে থকা অন্য বিষয় সমূহ হ’ল সুৰক্ষা (safety), নিৰাপত্তা (security), পৰিতোষ (satisfaction) আদি। এইবোৰক স্বতন্তৰীয়াভাৱে নকৈ ৫-এছৰ পৰা পোৱা সুবিধা বুলি ক’লেহে বেছি শুদ্ধ হ’ব।

সুৰক্ষা

সুৰক্ষা বিষয়টোও কেতিয়াবা ৫-এছৰ লগত উত্থাপিত হয়। ৩ এই সম্পৰ্কত এতিয়াও আলোচনা চলি আছে যে এই বিষয়টো এক সুকীয়া কলম দি ষষ্ঠ Sৰ সূচনা কৰা উচিত নে বৰ্তমানৰ দৰে ৫-এছৰ ভিতৰতে ইয়াৰ কাৰুকাৰ্য চলাই নিব লাগে।

নিৰাপত্তা

নিৰাপত্তা বিষয়টোও কেতিয়াবা ৫-এছৰ লগত উত্থাপিত হয় নিৰাপত্তাক খৰচৰ পৰিৱৰ্তে বিনিয়োগ হিচাপে ধৰি সপ্তমটো এছ (S)ৰ প্ৰস্তাৱিত হৈছে,

৫-এচৰ আৰম্ভণি

৫ এছৰ সূচনা হৈছিল জাপানত,যাক Just in Time উৎপাদনৰ বিশেষ সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছিল।৪

৫-এচৰ ব্যৱসায়িক ভিত্তিক প্ৰয়োগৰ বাবে দুটা আৰ্হি প্ৰস্তাৱনা আগঢ়াইছিল উচাডা (Osada) আৰু হিৰান’ (Hirano)৫৬ হিৰান’ৱে সমগ্ৰ প্ৰক্ৰিয়াটো এক শৃংখলিত ভাৱে কেইটিমান বিশেষ পদ্ধতি ব্যাখ্যা আগবঢ়াইছে। জন বিচেন’ৰ মতে(John Bicheno)৭ টয়’তায়ে(Toyota) গ্ৰহণ কৰা হিৰান’ৰ ৪-এচ ধাৰণাত ছেইটন আৰু ছেইছ'ক একেলগে ধৰা হৈছে। যদিও প্ৰকৃততে ৫-এচ ধাৰণাটো উৎপাদনৰ ক্ষেত্ৰত দিয়া হৈছে। অন্য ক্ষেত্ৰটো ইয়াৰ প্ৰয়োগৰ থল আছে।৮

তথ্যসূত্ৰ

  1. ↑ What Is 5S? - Sort, Set In Order, Shine, Standardize, Sustain
  2. ↑ আৰ্কাইভ কপি
  3. ↑ Lean and Environment Training Modules. United States Government, Green Supply Network
  4. ↑ Womack, James; Jones, Daniel; Roos, Daniel. (1991). Machine That Changed The World. Productivity Press. ISBN 978-1-84737-055-6
  5. ↑ Hirano, Hiroyuki. (1995). 5 Pillars of the Visual Workplace. Productivity Press. ISBN 978-1-56327-047-5
  6. ↑ Osada, Takashi. (1995). The 5S’s: Five keys to a Total Quality Environment.. Asian Productivity Organization. ISBN 9283311167
  7. ↑ Bicheno, John. (2004). New Lean Toolbox: Towards Fast, Flexible Flow. PICSIE. ISBN 978-0-9541244-1-0
  8. ↑ CEITON – Profile

সম্পৰ্কিত শ্ৰেণী

ব্যৱস্থাপনাবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫এছ্‌ (পদ্ধতি)” প্ৰবন্ধৰ সংশোধন ৬৩২২৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।